-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক দ্বিজেন নাথৰ জন্মদিন উদযাপন

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক দ্বিজেন নাথৰ জন্মদিন উদযাপন





বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক দ্বিজেন নাথৰ জন্মদিন উদযাপন 
            


                            বঙাইগাঁওঃ ৬ এপ্ৰিলঃ 


বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নৰ্থ বইটামাৰী সাহিত্য সভাৰ সহযোগত আজি লোক সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক পেঞ্চনাৰ দ্বিজেন নাথৰ ৭৯ সংখ্যক ওপজা দিনটো নৰ্থ বইটামাৰী হাইস্কুলত উদযাপন কৰা হয় ৷ এই উপলক্ষে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সভাপতি যোগেশ নাথে ৷ আনহাতে বিয়লি তিনি বজাৰ পৰা বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় ৷ সভাত সাহিত্যক পেঞ্চাৰ দ্বিজেন নাথক ওপজা দিনৰ ওলগ জনোৱাৰ লগতে গামোচা, শৰাই, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায় ৷ 
ইপিনে সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক আব্দুছ ছবুৰে নিজৰ ভাষণত গোৱালপৰীয়া লোক সংস্কৃতিৰ সাধক দ্বিজেন নাথৰ গ্ৰন্থৰাজিয়ে নামনি অসমৰ লোক কৃষ্টি- সংস্কৃতিৰ প্ৰসাৰ, প্ৰচাৰ তথা সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি উল্লেখ কৰে ৷ সভাত নৰ্থ বইটামাৰী শাখা সাহিত্য সভাৰ সভাপতি যোগেশ নাথ, নৰ্থ বইটামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰভাত চন্দ্ৰ নাথ, সমাজকৰ্মী লক্ষেশ্বৰ নাথ, ধনঞ্জয় গোস্বামী আদিয়ে সাহিত্যিকগৰাকীৰ জীৱন তথা কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ সভাত ৰীণা তালুকদাৰে গীত পৰিৱেশন কৰাৰ লগতে পৰেশ চন্দ্ৰ নাথে ভায়লিন বজাই সভাৰ পৰিৱেশ মধুৰ কৰি তোলে ৷ 

0 Response to "বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত সাহিত্যিক দ্বিজেন নাথৰ জন্মদিন উদযাপন "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article