বঙাইগাঁৱত নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ প্ৰশিক্ষণ
Friday, April 19, 2019
Comment
বঙাইগাঁৱত নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ প্ৰশিক্ষণ
৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাথো কেইটামান দিনহে বাকী থকাত নিৰ্বাচন আয়োগৰ নীতি - নিৰ্দেশনাক গুৰুত্ব সহকাৰেলৈ সমষ্টিটোৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত সুকলমে আৰু শান্তিপূৰ্ণভাবে তথা এশ শতাংশ ভোটদানৰ লক্ষ্যৰে বুধবাৰে বঙাইগাঁও জিলা প্ৰশাসনে স্থানীয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা আৰু আবেলি ৩০০ গৰাকীকৈ মুঠ ৬০০ গৰাকী জ'নেল, ছেক্টৰ, প্ৰিজাইডিং , প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প'লিং বিষয়াকে ধৰি নিৰ্বাচনত নিয়োগ কৰা ১০ গৰাকী মাইক্ৰ অৱজাভাৰক দুটা পৰ্যায়ত নিৰ্বাচনত পালন কৰিবলগীয়া সকলো দায়িত্ব সন্দৰ্ভত তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভনীৰ পূৰ্বে বঙাইগাঁও জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে উপস্থিত সকলোকে তেওঁলোকে নিৰ্বাচনৰ সময়ত পালন কৰিবলগীয়া দায়িত্বসমূহ গুৰুত্ব সহকাৰেলৈ পালন কৰিবলৈ কৈ সকলোৰে দায়িত্ব সন্দৰ্ভত পুংখানুপুংখভাবে বুজাই দিয়ে ৷ লগতে মোকপ'ল সম্পৰ্কত মতামত ডাঙি ধৰি কয় যে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰা এঘন্টা পূৰ্বে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ৫০ টাকৈ মোকপ'ল ভোট গ্ৰহণ কৰিব লাগিব ৷ তেওঁ ভোট গ্ৰহণৰ দিনা বিকলাংগ তথা অসুস্থ ভোটাৰৰ বাবে ল'বলগীয়া ব্যৱস্থাপনাৰ সন্দৰ্ভতো মতামত দাঙি ধৰে ৷
এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি জিলা তথ্য বিষয়া বিজয় মজুমদাৰেও নিৰ্বাচনত সকলোৱে ল'বলগীয়া দায়িত্ব সম্পৰ্কত ব্যাখ্যা কৰে ৷ লগতে যিহেতু মাইক্ৰ অৱজাভাৰসকল নিৰ্বাচন আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষকৰ প্ৰতিনিধি স্বৰূপ, সেয়ে নিৰ্বাচন আয়োগৰ নীতি - নিৰ্দেশনা মানি চলিবলৈ তেওঁলোকক অনুৰোধ জনায় ৷ ইপিনে প্ৰশিক্ষণ কাৰ্যসূচীত বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানে উপস্থিত থাকি বিষয়া - কৰ্মচাৰীসকলক নিজৰ নিজৰ দায়িত্বসমূহ গুৰুত্ব আৰু নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায় ৷ সেইদৰে নিৰ্বাচনৰ পৰিবহণ কোষৰ দায়িত্বত থকা বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই নিৰ্বাচন কাৰ্যত নিয়োগ কৰা দূৰণিবটীয়া কৰ্মচাৰীসকলৰ যাতায়াতৰ বাবে লোৱা ব্যৱস্থাপনাৰ বিষয়ে সকলোকে অৱগত কৰে ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়া, সহকাৰী আয়ুক্ত মুন্মী শইকীয়া আৰু অন্যান্য বিভাগৰ বিষয়া - কৰ্মচাৰীসকলো উপস্থিত থাকে ৷


0 Response to "বঙাইগাঁৱত নিৰ্বাচনী বিষয়া - কৰ্মচাৰীৰ প্ৰশিক্ষণ "
Post a Comment