বঙাইগাঁৱত বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান
Friday, April 12, 2019
Comment
বঙাইগাঁৱত বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান
বঙাইগাঁওঃ ১২ এপ্ৰিলঃ
লোক সভা নিৰ্বাচনৰ মাজতে আজি বঙাইগাঁৱত একাংশ নেতা- কৰ্মীয়ে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে ৷ এই উপলক্ষে বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত এক যোগদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, অসম প্ৰদেশ মহিলা কংগ্ৰেছ সাধাৰণ সম্পাদিকা স্বৰ্ণালী ব্ৰহ্ম চৌধৰী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰিশ বৰুৱা, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য , জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন ঘোষ আদি নেতৃবৃন্দ উপস্থিত থকা অনুষ্ঠানত বিজেপি দলৰ মজদুৰ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সদস্য তথা বঙাইগাঁও জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জীতেন কলিতাৰ লগতে বুথ পৰ্যায়ৰ কমিটিৰ সভাপতি, সম্পাদিকা ,শক্তি প্ৰমুখ আদিৰ দায়িত্বত থকা ধনকান্ত ৰায়,পুনম পাঠক ৰায়, জয়ন্ত ৰায় আৰু বঙাইগাঁও জিলা নাথ যোগী সন্মিলনৰ প্ৰাক্তন সম্পাদক তথা বুথ কমিটিৰ সভাপতি ফুকন চন্দ্ৰ নাথে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷
কংগ্ৰেছ দলত যোগদান কৰাসকলক একোখনকৈ ফুলাম গামোচাৰে দলৰ নেতাসকলে আদৰণি জনায় ৷ ইপিনে কংগ্ৰছ দলত যোগদান কৰা বিজেপি দলৰ মজদুৰ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সদস্য জীতেন কলিতাই কয় যে বিজেপি দলত এতিয়া পুৰণি নেতা- কৰ্মীসকলক অৱজ্ঞা কৰিবলৈ লৈছে ৷ তাৰোপৰি আমি দলটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি আকৰ্ষিত হৈ বিজেপি দলত যোগদান কৰিছিলো যদিও সেয়া দেখিবলৈ পোৱা নাই ৷
বিজেপিয়ে বাৰে বাৰে অগপৰ লগত মিত্ৰতা কৰি অহাত আমি দলটোত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ কাৰণ আমি অগপৰে মিত্ৰাক মানি ল'ব পৰা নাই ৷ যাৰ বাবে দলটো ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছো বুলি কয় ৷ লগতে তেওঁলোকৰ লগত আৰু দুই শতাধিক বিজেপি কৰ্মী কংগ্ৰেছলৈ আহিব বুলিও কয় ৷ উল্লেখ্য যে নিৰ্বাচনৰ সময়ত বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা- কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা বিষয়টোৱে কংগ্ৰেছ দলক লাভাম্বিত কৰাৰ বিপৰীতে বিজেপি দলৰ বাবে চিন্তাৰ কাৰণ বুলি ভবাৰ থল আছে ৷



0 Response to "বঙাইগাঁৱত বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান"
Post a Comment