-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত দ্বিতীয় আৰু তৃতীয় পৰ্য়ায়ৰ প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান

বঙাইগাঁৱত দ্বিতীয় আৰু তৃতীয় পৰ্য়ায়ৰ প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান




বঙাইগাঁৱত দ্বিতীয় আৰু তৃতীয় পৰ্য়ায়ৰ প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান

বঙাইগাঁওঃ ৩০ মাৰ্চঃ


অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ছয় নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱা ভোটাৰৰ কোনো এজনো ভোটাৰ যাতে বাদ পৰি নোজোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰে তাৰ প্ৰতি গুৰুত্বাৰোপ কৰি আজি বঙাইগাঁও জিলা প্ৰশাসনে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মুঠ ৫৫০ গৰাকী প'লিং বিষয়াক ইভিএম আৰু নৱ সংযোজিত ভিভিপেটৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ লগতে যাৱতীয় দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ত পুৱা ৯- ৩০ বজাৰ পৰা দিনৰ  ১২- ৩০ বজালৈ আৰু আবেলি ২ বজাৰ পৰা ৪ বজালৈ দুটা পৰ্যায়ত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত দহ গৰাকী মাষ্টাৰ প্ৰশিক্ষকে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প'লিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ উল্লেখ্য যে বঙাইগাঁও জিলা প্ৰশাসনে প্ৰশিক্ষণ কালত ইভিএম আৰু নৱ সংযোজিত ভিভিপেটৰ ব্যৱহাৰিক প্ৰশিক্ষণত অধিক গুৰুত্বাৰোপ কৰে ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , নিৰ্বাচনী বিষয়া বাসবী ঠাকুৰীয়া, বঙাইগাঁও জিলাৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া পাৰ্থ প্ৰতিম খনিকৰ উপস্থিত থাকি প্ৰশিক্ষণৰ তদাৰক কৰে ৷

0 Response to "বঙাইগাঁৱত দ্বিতীয় আৰু তৃতীয় পৰ্য়ায়ৰ প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article