বঙাইগাঁৱৰ আই নদীৰ দলঙৰ দুয়োপাৰে ১৪৪ ধাৰা জাৰি // অবৈধভাৱে তৰমুজৰ বজাৰ বহুৱাত নিষেধাজ্ঞা
Tuesday, April 2, 2019
Comment
বঙাইগাঁৱৰ আই নদীৰ দলঙৰ দুয়োপাৰে ১৪৪ ধাৰা জাৰি
অবৈধভাৱে তৰমুজৰ বজাৰ বহুৱাত নিষেধাজ্ঞা
বঙাইগাঁওঃ ৩০ মাৰ্চঃ
বঙাইগাঁও জিলা ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাখালডুবিৰ ওচৰত থকা আই নদীৰ পকী দলঙৰ কাষত কিছুমান ব্যৱসায়ীয়ে অবৈধভাৱে বজাৰ বহুৱাই চলাই থকা তৰমুজৰ বিক্ৰীৰ ক্ষেত্ৰত জিলাৰ অতিৰিক্ত দণ্ডাধীশে নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই সম্পৰ্কত জিলাৰ অতিৰিক্ত দণ্ডাধীশ অনুপম ডেকাই আই নদীৰ দলঙৰ কাষত কিছুমান ব্যৱসায়ীয়ে অবৈধভাৱে চলাই থকা তৰমুজৰ বজাৰৰ বাবে পথৰ ওপৰতে গাড়ী ৰখাই গ্ৰাহকে তৰমুজ কিনিবলৈ অহা পৰিৱেশে ঘাই পথত মানুহৰ জীৱন হানি তথা আইন শৃংখলা পৰিৱেশ সৃষ্টি কৰাৰ আশংকা কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ সেই অনুসৰি ৰাখালডুবিত থকা আই নদীৰ দলঙৰ দুয়োপাৰে ৫০০ মিটাৰ দুৰত্বত কোনো ধৰণৰ বজাৰ বহাব নোৱাৰিব আৰু আই নদীৰ দলং আৰু পথৰ কাষৰ ৰেলিঙত বাঁহৰ কোনো ফ্ৰেম বান্ধি তৰমুজ বিক্ৰী কৰিব নোৱাৰিব ৷ এই নিষেধাজ্ঞা বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু বঙাইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কাৰ্যকৰী কৰিব ৷ উক্ত নিষেধাজ্ঞা নমনা ব্যক্তিৰ বিৰুদ্ধে ১৮৮ আই পি চি আইনৰ ধাৰাত দোষী সাব্যস্ত কৰি গোচৰ তৰা হ'ব বুলিও নিষেধাজ্ঞাটোত উল্লেখ কৰা হৈছে ৷ ইতিমধ্যে এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱা বুলিও উল্লেখ কৰিছে ৷

0 Response to "বঙাইগাঁৱৰ আই নদীৰ দলঙৰ দুয়োপাৰে ১৪৪ ধাৰা জাৰি // অবৈধভাৱে তৰমুজৰ বজাৰ বহুৱাত নিষেধাজ্ঞা "
Post a Comment