বঙাইগাঁৱত সুৰা নিষিদ্ধ ঘোষণা // ২৩ এপ্ৰিলত স্থানীয় বন্ধ
Sunday, April 21, 2019
Comment
বঙাইগাঁৱত সুৰা নিষিদ্ধ ঘোষণা
২৩ এপ্ৰিলত স্থানীয় বন্ধ
বঙাইগাঁওঃ ২০ এপ্ৰিলঃ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ লগতে জিলাখনত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আবকাৰী আইন ২০১৬ আৰু জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ধাৰা ১৩৫ (গ) ৰ অধীনত অসম চৰকাৰে বঙাইগাঁও জিলাত কাইলৈ (২১ এপ্ৰিল) সন্ধিয়া ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ সুৰাকে ধৰি সকলো প্ৰকাৰৰ মাদক দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ, সৰবৰাহ আদি নিষিদ্ধ ঘোষণা কৰিছে ৷ তদুপৰি অহা ২৩ মেত অনুষ্ঠিত হ'বলগীয়া ভোট গণনা কাৰ্য সমাপ্ত নোহোৱা পৰ্যন্ত সমগ্ৰ জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো মাদক দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ আৰু সৰবৰাহ আদি বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে আইনমতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷ আনহাতে ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে উক্ত দিনা বঙাইগাঁও জিলাত জিলা প্ৰশাসনে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে ৷ সেইদিনা জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী - বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক ,শিক্ষানুষ্ঠান, উদ্যোগ প্ৰতিষ্ঠান আদি বন্ধ থাকিব ৷ উল্লেখ্য যে সকলোৱে যাতে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷
0 Response to "বঙাইগাঁৱত সুৰা নিষিদ্ধ ঘোষণা // ২৩ এপ্ৰিলত স্থানীয় বন্ধ "
Post a Comment