বঙাইগাঁৱত বিশ্ব শান্তি কামনাৰে মহাবিষ্ণু যজ্ঞ
Tuesday, April 2, 2019
Comment
৷৷ বঙাইগাঁৱত বিশ্ব শান্তি কামনাৰে মহাবিষ্ণু যজ্ঞ ৷৷
বিশ্ব শান্তিৰ কামনাৰে অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক শাখাৰ উদ্যোগত বঙাইগাঁও চহৰৰ গান্ধী ময়দানত তিনিদিনীয়াকৈ সাৰ্ব্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰম্ভ হৈছে ৷ এই সন্দৰ্ভত আয়োজক সমিতিৰ সম্পাদক সুব্ৰত কুমাৰ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে শনিবাৰে সন্ধিয়া শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ আনুষ্ঠানিক উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰীয়ে ৷ আনহাতে 'মংগলাচৰণম'' পাঠ কৰে ৰামজী মিশ্ৰই আৰু অধিবাস কৰে অজিত শৰ্মাই ৷ ইপনি আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি যজ্ঞৰ ধ্বজা উত্তোলন কৰে মহাবিষ্ণু যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি বিনোদ কুমাৰ ভাগবতীয়ে আৰু ব্ৰাহ্মণ সমাজৰ পতাকা উত্তোলন কৰে সদৌ অসম ব্ৰাহ্মণ সমাজৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ ভাগৱতীয়ে ৷ জল আহৰণ যাত্ৰাৰ শুভাৰম্ভ কৰে সুমিত্ৰা দেৱীয়ে আৰু অগ্নি আহৰণৰ শুভাৰম্ভ কৰে ফুলচান্দ জংগিদে ৷
ইয়াৰ পিচতে মহাবিষ্ণ যজ্ঞৰ আহুতি প্ৰদান আৰম্ভ হয় ৷ আবেলি যজ্ঞস্থলীত বন্তি প্ৰজ্বালন কৰে বংকিম চক্ৰৱৰ্তীয়ে ৷ আয়োজক সমিতিৰ সম্পাদকগৰাকীয়ে লগতে কয় যে সমগ্ৰ বিশ্বত শান্তি স্থাপনৰ লগতে সকলো অপায় অমংগল, ৰোগ- ব্যাধি নোহোৱা হৈ সুখ শান্তিৰে যাতে মানৱ সমাজ পৰিপূৰ্ণ হৈ পৰে তাৰে কামনাৰে এই মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছে ৷ আনহাতে কাইলৈ অন্তিম দিনৰ মূল কাৰ্যসূচী পূৰ্ণাহুতিৰ লগতে সকলো কাৰ্যসূচীত সমুহ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় আদৰণি সমিতিৰ বিষয়ববীয়া নলিনী শৰ্মাই ৷


0 Response to " বঙাইগাঁৱত বিশ্ব শান্তি কামনাৰে মহাবিষ্ণু যজ্ঞ "
Post a Comment