বঙাইগাঁৱত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে শোভাযাত্ৰা
Monday, April 1, 2019
Comment
বঙাইগাঁৱত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে শোভাযাত্ৰা
বঙাইগাঁওঃ ২৬ মাৰ্চঃ
সমাগত লোক সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে আজি ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত এক সজাগতা শোভা যাত্রা উলিওৱা হয় । বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াৰ সহযোগত জিলাখনৰ অন্তৰ্গত ডাংতল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা পুৰুষ - মহিলাৰ অংশ গ্ৰহণেৰে চাইকেল আৰু মটৰ চাইকেলেৰে উলিওৱা শোভা যাত্ৰা ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লত সামৰণী পৰে ৷
শোভা যাত্ৰাকাৰীসকলে গোটেই পথচোৱাত ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ মানসেৰে বিবেক ভোট মূল্য বান ভোট , আপোনাৰ নামটো ভোটাৰ তালিকাত আছে নে নাই আজিয়েই সুনিশ্চিত কৰক, যদি নাই ৬ নং প্ৰ-পত্র পূৰণ কৰি বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে দাখিল কৰক আদি শ্লোগান দি ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আহি উপস্থিত হয় আৰু উক্ত স্থানত অায়োজন কৰা আন এখন সভাত অংশ লয় । বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেচমিনে সভাপতিত্ব কৰা সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুবজ্যোতি দাসে নতুন ভোটিং ব্যৱস্থা সম্পৰ্কত উপস্থিত সকলোকে অৱগত কৰাৰ উপৰিও গ্ৰুপ ভিত্তিত এক প্ৰশিক্ষণ প্ৰদান কৰে ৷
লগতে ভোটাৰৰ ভোটাৰ পৰিচয় পত্র নেথাকিলে ভোটদান কৰিবলৈ যোৱাৰ সময়ত পাচপৰ্ট , ড্ৰাইভিং লাইচেন্স , কেন্দ্ৰীয় - ৰাজ্য চৰকাৰ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটো সম্বলিত সেৱা পৰিচয় পত্র , বেংক -ডাকঘৰে প্ৰদান কৰা ফটো সম্বলিত পাছবুক , পানকাৰ্ড , ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড , এম. জি. এনৰেগা জব কাৰ্ড , শ্ৰম মন্ত্রালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড , ফটো সম্বলিত পেঞ্চন নথি , সাংসদ ,বিধায়ক , বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্র , আধাৰ কাৰ্ড আদি পৰিচয় পত্র সমূহৰ যিকোনো এখন ব্যবহাৰ কৰি হলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি উপস্থিত লোকসকলক কয় । শোভাযাত্ৰা তথা সভাত বঙাইগাঁৱৰ নিৰ্বাচন বিষয়া বাসবী ঠাকুৰীয়া , সহকাৰি আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পাৰ্থ প্ৰতিম খনিকৰৰ উপৰিও জিলাখনৰ বিভিন্ন বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে ৷



0 Response to "বঙাইগাঁৱত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে শোভাযাত্ৰা"
Post a Comment