বঙাইগাঁও জিলাৰ মাণিকপুৰত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা কমবয়সীয়া যুৱ- যুৱতীয়ে বাহন চলালে অভিভাৱকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা - জিলা পৰিবহণ বিষয়া
Monday, April 1, 2019
Comment
বঙাইগাঁও জিলাৰ মাণিকপুৰত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা
কমবয়সীয়া যুৱক- যুৱতীয়ে বাহন চলালে অভিভাৱকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা - জিলা পৰিবহণ বিষয়া
বঙাইগাঁওঃ ২৬ মাৰ্চঃ
বঙাইগাঁও জিলাত সঘনাই হৈ থকা পথ দুৰ্ঘটনা সন্দৰ্ভত ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় বিচাৰি তথা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত বঙাইগাঁও জিলাৰ অন্তৰ্গত দুৰ্ঘটনা প্ৰৱণ এলেকা মাণিকপুৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ মাণিকপুৰৰ ভাটিপাৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সজাগতা সভাত স্থানীয় ৰাইজ, বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি তথা বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী আৰু শিক্ষকসকল উপস্থিত থাকে ৷ সজাগতা সভাত অঞ্চলটোত সংঘটিত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত বিভিন্নজনে নানা দিহা - পৰামৰ্শ আগৱঢ়োৱাৰ লগতে বিভিন্ন দিশ আঙুলিয়াই দিয়ে ৷ সভাত স্থানীয় ব্যক্তি তথা লেখক - সাহিত্যিক আৰু শিক্ষাবিদ কৰুণা কান্ত ৰায়ে কয় যে অত্যাধিক যান -বাহনৰ চলাচল, যান - বাহন আইন মানি নচলা, দ্ৰুত গতিত যান - বাহন চলোৱা আদি কাৰণসমূহৰ বাবেই মূলত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ তেওঁ মাণিকপুৰ তেল ডিপোৰ সন্মুখত ৰোড ক্ৰচিঙৰ প্ৰয়োজন বুলি কয় ৷ এই ৰোড ক্ৰচিং নথকাৰ বাবে ডিপোত তেল ভৰাবলৈ অহাসকলে বহুদুৰ পথ ঘূৰি যাবলগীয়া হোৱাৰ বাবে ভুল দিশত গাড়ী চলায় ৷
আনহাতে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ে কয় যে বৃহত্তৰ মাণিকপুৰ অঞ্চলটোত পথৰ দাঁতিত কেবাখনো শিক্ষানুষ্ঠান, বজাৰ, থানা আদি আছে যদিও বহু ঠাইত চাৰ্ভিচ ৰোড নাই ৷ সেয়ে এনেবোৰ স্থানত চাৰ্ভচ ৰোডৰ প্ৰয়োজন বুলি জনায় ৷ লগতে মাণিকপুৰ তিনি আলিত ট্ৰেফিক পইন্টৰ ব্যৱস্থা কৰা, ঠায়ে ঠায়ে জনসাধাৰণৰ সুবিধাৰ বাবে জেব্ৰা ক্ৰচিঙৰ ব্যৱস্থা কৰিলে পথ দুৰ্ঘটনা হ্ৰাস পাব বুলি কয় ৷ সেইদৰে ৰাষ্ট্ৰীয় ঘাই পথৰ মাজ অংশ মুকলি হৈ থকাৰ বাবে নিশাৰ ভাগত বিপৰীত দিশৰ পৰা অহা বাহনৰ লাইটৰ পোহৰে চালকসকলক অসুবিধাত পেলায় বুলি কৈ ইয়াৰ বাবেও দুৰ্ঘটনা সংঘটিত হয় বুলি কয় ৷ সেয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজ অংশত গছ পুলি ৰোপণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় ৷ ইপিনে ভূপতিৰঞ্জন গোস্বামীয়ে কয় যে বৰ্তমান সময়ত মটৰ চাইকেল দুৰ্ঘটনাই অধিক হোৱা দেখা গৈছে আৰু ইয়াৰ বাবে অভিভাৱকসকলেই মূলত জগৰীয়া ৷ কাৰণ নিজৰ সন্তানৰ দাবী পূৰণৰ বাবে কিশোৰ অস্থাতে সন্তানৰ হাতত মটৰ চাইকেল তুলি দিছে ৷ এই সকলে যান -বাহন আইন মানি নচলাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে ৷ সেয়ে পৰিবহন বিভাগে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ হ'লে সময়ে সময়ে য'তে ত'তে হঠাতে মটৰ চাইকেল চালকৰ লাইচেন্স পৰীক্ষা কৰিব লাগিব আৰু ঠাইতে জৰিমনা বিহিব লাগিব ৷ তাৰোপৰি হেলমেট পৰিধান নকৰা, বাহনৰ ইনচুৰেঞ্চ নথকাসকলোৰ বিৰুদ্ধেও জৰিমনা বিহিব লাগে ৷
একেদৰে লাইচেন্স প্ৰদানৰ ক্ষেত্ৰতো কঠোৰ হ'ব লাগে বুলি কয় ৷ তেওঁ মাণিকপুৰ অঞ্চলৰ লগতে বিভিন্ন স্থানত বাছ ৰখা ঠাই, যাত্ৰী জিৰণী চ'ৰা, পাতিলাদহাৰ পৰা মাণিকপুৰলৈ চাৰ্ভিচ ৰোড ,মাণিকপুৰ তিনি আলিত ট্ৰেফিক পইন্ট, বিদ্যালয়ৰ সন্মুখত ক্ৰচিং জোন, মাণিকপুৰ তেল ডিপোলৈ চাৰ্ভিচ ৰোড, ভাটিপাৰাত চাৰ্ভিচ ৰোডৰ ব্যৱস্থা কৰিলে দুৰ্ঘটনা হ্ৰাস হ'ব বুলি জনায় ৷ সভাত স্থানীয় ৰাইজে মাণিকপুৰ তিনি আলিত ফ্লাই অভাৰ লাগে বুলিও জনায় ৷ সেইদৰে বজাৰ,বিদ্যালয় আদিৰ সন্মুখত গতি ৰোধক ,সাংকেতিক চিহ্ন থকা চাইন বোৰ্ড , নোৱাপাৰা বজালৈকে চাৰ্ভিচ ৰোড, লাগে বুলি জনায় ৷ উপস্থিত ৰাইজে তেল ডিপোসমূহত হেলমেট পৰিধান নকৰা মটৰ চাইকেল আৰোহীক পেট্ৰ'ল নিদিবলৈ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা কঠোৰভাবে পালন কৰিবলৈ ডিপোৰ গৰাকীসকলক বাধ্য কৰাবলৈকো আহ্বান জনায় ৷ লগতে আন কেতবোৰো পৰামৰ্শ ৰাইজে আগবঢ়োৱাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে সভাত উপস্থিত থকা জিলা প্ৰশাসনৰ বিষয়াকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক আহ্বান জনায় ৷ সজাগতা সভাত ৰাইজৰ বক্তব্য শুনাৰ পিচত তথা দিহা - পৰামৰ্শ গ্ৰহণ কৰি জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই কয় যে অঞ্চলটোৰ যিসমূহ স্থানৰ লগতে বজাৰ, বিদ্যালয় আদিৰ সন্মুখত সাংকেতিক চিহ্ন থকা চাইন বোৰ্ডৰ প্ৰয়োজন সেয়া লগোৱাৰ ব্যৱস্থা কৰা হ'ব ৷ মাণিকপুৰ তিনি আলিত লাইটযুক্ত ট্ৰেফিক ব্যৱস্থাৰ বাবে উৰ্ধতম কতৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷ সেইদৰে দ্ৰুত গতিত মটৰ চাইকেল চলোৱা, যধে - মধে মটৰ চাইকেল চলাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা বহুতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতাও বিচাৰে ৷
পৰিবহণ বিষয়াগৰাকীয়ে উদ্ভন্দালীৰে মটৰ চাইকেল চলোৱাসকলোৰ মটৰ চাইকেলৰ নম্বৰসমূহ ৰাইজক সংগ্ৰহ কৰি পৰিবহণ বিষয়াগৰাকীক দিলে সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ৷ লগতে অভিযোগকাৰীৰ নাম গোপনে ৰাখিব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৷ তেওঁ যান - বাহন আইন মানি নচলাৰ বাবে বিগত বৰ্ষত ২২১ জনৰ লাইচেন্স নিলম্বন কৰা হৈছে বুলিও কয় ৷ মাণিকপুৰ অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰধান কাৰণ ভুল দিশত বাহন চলোৱা বুলি কৈ পথ দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজৰ সচেতনতা লাগিব বুলি কয় ৷ লগতে কম বয়সীয়া যুৱক - যুৱতীয়ে বাহন চলালে ইয়াৰ বাবে অভিভাৱকসকল দায়ী বুলি কৈ তেনে কমবয়সীয়া যুৱক - যুৱতীয়ে বাহন চলোৱা ধৰা পৰিলে অভিভাৱকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাইজক অৱগত কৰে ৷ তেওঁ সভাত উপস্থিত থকা ছাত্ৰ- ছাত্ৰীসকলোক উদ্দেশ্যি বিদ্যালয়লৈ অহা - যোৱা কৰোতে পালন কৰিবলগীয়া নীতি - নিয়ম সম্পৰ্কে অৱগত কৰাৰ লগতে ঘৰৰ মানুহক যান - বাহন চলাওতে মানি চলিবলগীয়া নীতি - নিয়মৰ বিষয়ে সজাগ কৰিবলৈকো আহ্বান জনায় ৷ সভাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা উপস্থিত থকা বিষয়াই ঘাই পথৰ মাজ অংশত আৰু কাষত অতি শীঘ্ৰে গছ পুলি ৰোপণ কৰা হ'ব বুলি জানিব দি ইতিমধ্যে কাম আৰম্ভ হোৱা বুলিও কয় ৷ আনহাতে চাৰ্ভিচ ৰোড আৰু ৰোড ক্ৰচিঙৰ ক্ষেত্ৰত কিছু নীতি - নিয়ম থকা বুলি উল্লেখ কৰি সকলো দিশ চালি জাৰি চাই উৰ্ধতম কতৃপক্ষৰ লগত যোগাযোগ কৰিব বুলি আশ্বাস দিয়ে ৷
ইপিনে জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই কয় যে আমি পথ দুৰ্ঘটনা একেবাৰে ৰোধ কৰিব নোৱাৰো যদিও কিছু হ্ৰাস কৰিব পাৰো ৷ তাৰ বাবে আমি বাহন চলাওতে মানি চলিব লাগিব যান - বাহন আইনৰ নীতি - নিয়ম ৷ ৰাইজেও সজাগ হ'ব লাগিব আৰু প্ৰশাসনক সহযোগ কৰিব লাগিব ৷ কাৰণ কেৱল প্ৰশাসনৰ দ্বাৰা এয়া সম্ভৱ নহয় ৷ সেয়ে ৰাইজৰ সহযোগিতা, ছাত্ৰ - ছাত্ৰীৰসকলৰ সহযোগিতা বিচাৰি এনে সভা অনুষ্ঠিত কৰা হৈছে ৷ যান - বাহন আইন মানি নচলা, পথৰ মাজৰ ডিভাইডাৰ ভাঙি দিয়া, পথৰ দাঁতিত থকা সাংকেতিক চিহ্নৰ চানবোৰ্ড চুৰি কৰি নিয়া, পথৰ ওপৰত গাড়ী ৰখোৱা, ধাবা, তেল ডিপোৰ সন্মুখত গাড়ী ৰখাই থোৱা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও কয় ৷ সভাত প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ৰুবুল হাজৰিকাই ছাত্ৰ -ছাত্ৰীসকলক বিদ্যালয়লৈ যিসকল শিক্ষকে বাহন লৈ আহে তেওঁলোকে যান - বাহন আইনৰ নীতি - নিয়মসমূহ মানি চলিছে নে নাই তাৰ প্ৰতি সজাগ কৰিবলৈ আহ্বান জনায় ৷ লগতে ঘৰৰ যিসকলে বাহন চলায় তেওঁলোককো সজাগ কৰিবলৈ আহ্বান জনায় ৷ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই আঁত ধৰা সজাগতা সভাত বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান আৰু জিলাৰ উপ আৰক্ষী অধিক্ষক আদিও উপস্থিত থাকে ৷ বুধবাৰে অভয়াপুৰীৰ জে এন এম উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত হ'ব ৷





0 Response to "বঙাইগাঁও জিলাৰ মাণিকপুৰত পথ দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সভা কমবয়সীয়া যুৱ- যুৱতীয়ে বাহন চলালে অভিভাৱকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা - জিলা পৰিবহণ বিষয়া "
Post a Comment