-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত কৃষক মুক্তিকে ধৰি অন্যান্য দল- সংগঠনৰ গণ ধৰ্ণা

বঙাইগাঁৱত জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত কৃষক মুক্তিকে ধৰি অন্যান্য দল- সংগঠনৰ গণ ধৰ্ণা



বঙাইগাঁৱত জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত কৃষক মুক্তিকে ধৰি অন্যান্য দল- সংগঠনৰ গণ ধৰ্ণা 

                            
                      
                            বঙাইগাঁওঃ ২৫ মাৰ্চঃ
বঙাইগাঁও জিলাৰ শালবাৰী- বঙাইগাঁও পথৰ লগতে তালগুৰী - বাসুগাঁও সংযোগী জৰাজীৰ্ণ গড়কাপ্তানী পথচোৱা পুনৰ নিৰ্মাণ আৰু বঙাইগাঁও চহৰৰ মাজেৰে যোৱা ৰাজ্যিক ঘাইপথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক কেলেংকাৰীৰ তদন্তৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য দল- সংগঠনে বঙাইগাঁওস্থিত গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত এক গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ গণ ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে অতি শীঘ্ৰে জৰাজীৰ্ণ পথ দুটা পুনৰ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ দাবী জনায় ৷ লগতে শালবাৰী - বঙাইগাঁও গড়কাপ্তানী পথটো বহল কৰাৰ লগতে ৰঘূনন্দনপুৰ হৈ বইটামাৰীলৈ যোৱা পথচোৱাও পুনৰ নিৰ্মাণৰ বাবে দাবী জনায় ৷ সেইদৰে বঙাইগাঁও চহৰৰ মাজেৰে নিৰ্মাণ হৈ থকা ৰাজ্যিক ঘাইপথটো ঠায়ে ঠায়ে ঠেক আৰু ঠায়ে ঠায়ে বহল হোৱাৰ কাৰণ জানিব বিচৰাৰ লগতে পথৰ দাঁতিৰ নলা - নৰ্দমা নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰি সমগ্ৰ বিষয়টোৰ উপযুক্ত তদন্ত দাবী কৰে ৷ পিচত ধৰ্ণাস্থলীত গড়কাপ্তানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শশী মোহন নাথ উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক জনায় যে ইতিমধ্যে শালবাৰী - বঙাইগাঁও পথচোৱাৰ জৰাজীৰ্ণ অংশটো পুনৰ নিৰ্মাণৰ বাবে বিভাগীয় অনুমোদন লাভ কৰিছে আৰু অচিৰেই কাম আৰম্ভ হ'ব ৷ তেতিয়া প্ৰতিবাদকাৰীসকলে এতিয়াই কাম আৰম্ভ কৰিব লাগে বুলি দাবী জনোৱাত কাৰ্যবাহী অভিযন্তাগৰাকীয়ে এসপ্তাহৰ ভিতৰত কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আনহাতে পথচোৱা বহল কৰাৰ বাবে ইতিমধ্যে বিভাগৰ তৰফৰ পৰা যাৱতীয় কাৰ্যব্যৱস্থা চলাই থকা বুলিও জনায় ৷ লগতে ৰঘূনন্দনপুৰ হৈ বইটামাৰীলৈ যোৱা পথচোৱা মেৰামতিৰ বাবেও বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ কাৰ্যবাহী অভিযন্তাগৰাকীয়ে তালগুৰী - বাসুগাঁও সংযোগী পথচোৱা পুনৰ মেৰামতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দি অহা বছৰৰ ভিতৰত অনুমোদন লাভ কৰিব বুলিও আশা ব্যক্ত কৰে ৷


 আনহাতে কৃষিক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও চহৰৰ মাজেৰে নিৰ্মাণ কৰি থকা ৰাজ্যিক ঘাইপথটো ঠায়ে ঠায়ে বহল আৰু ঠায়ে ঠায়ে ঠেক হোৱাৰ কাৰণ জানিব বিচৰাত গড়কাপ্তানী বিভাগৰ ৰাজ্যিক ঘাইপথ সংমণ্ডলৰ বিষয়াসকলে জনায় যে য'ত যিমান চৰকাৰী মাটি পোৱা গৈছে তেনেদৰে পথটো বহল কৰা হৈছে ৷ চহৰ অঞ্চলত মাটি অধিগ্ৰহণ নকৰাৰ বাবে পথচোৱা ঠেক হৈ ৰৈছে বুলিও কয় ৷ ৰাজহ চক্ৰ বিভাগৰ তৰফৰ পৰা য'ত যেনেকৈ মাটিৰ সীমা নিৰ্ধাৰণ কৰি দিছে সেইমতে পথচোৱা নিৰ্মাণ কৰা হৈছে বুলিও জনায় ৷ সেইদৰে নলা - নৰ্দমাসমূহ য'ত যেনেকৈ নিৰ্মাণ কৰিব লাগে সেইমতে নিৰ্মাণ কৰা হৈছে বুলিও কয় ৷ ইপিনে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱনাথে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান লোক সভা নিৰ্বাচন সমাগত সময় ৷ সেয়ে এইখিনি  সময়ত কংগ্ৰেছ, অগপ ,বিজেপি প্ৰতিটো দলেই নিজকে ভাল ভাল বুলি জহাই আছে যদিও প্ৰকৃতাৰ্থত ৰাইজৰ সমস্যা সমাধান হোৱা নাই ৷ আজি আমি গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত ধৰ্ণা দিবলগীয়া হৈছে ৷ কাৰণ স্বাধীনতাৰ ৭১ বছৰ পিচতো আমি জৰাজীৰ্ণ পথেৰে যাতায়ত কৰিবলগীয়া হৈছে ৷ কংগ্ৰেছ, অগপ, বিজেপি সকলো ৰাজনৈতিক দলে বোকা ছটিওৱা খেল আৰম্ভ কৰিছে যদিও ৰাইজৰ সমস্যা কোনেও সমাধান কৰা নাই ৷ বঙাইগাঁও জিলাৰ অতিকে গুৰুত্বপূৰ্ণ পথ বঙাইগাঁও - শালবাৰী পথ আৰু তালগুৰী-  বাসুগাঁও সংযোগী পথ দুটা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছে ৷ বহুবাৰ আবেদন - নিবেদন কৰাৰ পিচতো বিভাগীয় কৰ্তৃপক্ষই পথ দুটা নিৰ্মাণত চৰম হেমাহি প্ৰদৰ্শন কৰি আহিছে ৷ আনহাতে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীক সমালোচনা কৰি কয় যে ইয়াৰ যিজন বিধায়ক তেওঁ ৩২ বছৰে ৰাজত্ব কৰিলে আৰু বৰ্তমানো তেওঁ এজন মন্ত্ৰী ৷ কিন্তু এই অপদাৰ্থ বিধায়কগৰাকীকে তথা মন্ত্ৰীগৰাকীয়ে আজিলৈকে একো কামেই নকৰিলে ৷ এতিয়া আকৌ তেওঁলোকে লোক সভা নিৰ্বাচনৰ বাবে ভোট বিচাৰি ৰাইজৰ ওচৰলৈ যাব ৷ সেয়ে আমি দাবী জনাইছো যে প্ৰথমতে ৰাইজৰ সমস্যাবিলাক সমাধান কৰি দিব লাগে ৷ তাৰ পিচতহে নিৰ্বাচনত নামি পৰক ৷ নহ'লে ৰাইজৰ সমস্যাবোৰ সমস্যাই হৈ থাকে বুলিও কয় ৷ লগতে ৰাজ্যিক ঘাই পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ লগতে নলা- নৰ্দমা নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা বুলি অভিযোগ কৰি উপযুক্ত তদন্তৰো দাবী জনায় ৷ উল্লেখ্য যে সংগঠনটোৰ তৰফৰ পৰা অতি শীঘ্ৰে জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণ কৰাৰ লগতে ৰাজ্যিক ঘাইপথ নিৰ্মাণত সংঘটিত দুৰ্নীতিৰ উপযুক্ত তদন্তৰ বাবে দাবী জনাই জিলা উপায়ুক্তৰ জৰিয়তে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী, জিলা উপায়ুক্ত আৰু কাৰ্যাবাহী অভিযন্তাক পৃথকে পৃথকে স্মাৰক পত্ৰও প্ৰদান কৰে ৷ জিলা উপায়ুক্তৰ জৰিয়তে  গড়কাপ্তানী বিভাগৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰিবলগীয়া আৰু জিলা উপায়ুক্তক প্ৰদান কৰা স্মাৰক পত্ৰ দুখন ধৰ্ণাস্থলীত উপস্থিত হোৱা কাৰ্যবাহী দণ্ডাধীশে গ্ৰহণ কৰে ৷ গণ ধৰ্ণা কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায় আদিও অংশ লয় ৷ 

0 Response to "বঙাইগাঁৱত জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত কৃষক মুক্তিকে ধৰি অন্যান্য দল- সংগঠনৰ গণ ধৰ্ণা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article