-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
জাপানী পৰ্যটকৰ হেৰুওৱা লেপটপ নিউ বঙাইগাঁও জংচনত উদ্ধাৰ  // ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ ভূয়সী প্ৰশংসা জাপানী পৰ্যটক কেনছাই চুজিৰ

জাপানী পৰ্যটকৰ হেৰুওৱা লেপটপ নিউ বঙাইগাঁও জংচনত উদ্ধাৰ // ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ ভূয়সী প্ৰশংসা জাপানী পৰ্যটক কেনছাই চুজিৰ




জাপানী পৰ্যটকৰ হেৰুওৱা লেপটপ নিউ বঙাইগাঁও জংচনত উদ্ধাৰ

ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ ভূয়সী প্ৰশংসা জাপানী পৰ্যটক কেনছাই চুজিৰ 


     
                           বঙাইগাঁওঃ ২৭ এপ্রিলঃ 
ভাৰতীয় নিৰাপত্তা ব্যবস্থাৰ ভূয়সী প্ৰশংসা কৰিছে এজন জাপানী পৰ্যটকে ৷ এই জাপানী পৰ্যটকজনৰ নাম হ'ল কেনছাই চুজি ( Kensei choji) ৷ কেনছাই চুজি জাপানৰ ৱাছেদা বিশ্ববিদ্যালয় (Waseda University ) ৰ ছাত্ৰ ৷ কেনছাই চুজি আহিছে ভাৰত ভ্ৰমণলৈ ৷ কেনছাই চুজিয়ে কলকাতাত উপস্থিত হোৱাৰ পিচত বিভিন্ন ঠাইলৈ ৰে'ল যোগেই যাত্ৰা কৰে ৷ কিন্তু এই যাত্ৰাকালতে ঘটিল অঘটন ৷ উল্লেখ্য যে কেনছাই চুজিয়ে ২৫ এপ্রিলত কলকাতাৰ হাওৰা জংচনৰ পৰা ১২৫০৩ নম্বৰৰ উজনিমুৱা হামছফৰ ৰে'লযোগে নিউ জলপাইগুড়িলৈ অহিছিল ৷ কিন্তু জাপানী পৰ্যটকজনে ভুলতে ৰে'লতে নিজৰ লেপটপটো এৰি থৈ আহে ৷ ফলত নিজৰ প্ৰয়োজনীয় তথ্য - পাতি মজুত থকা লেপটপটো হেৰুৱাই সমস্যাত পৰে চুজি । পিচত পৰ্যটকজনে নিউ জলপাইগুড়ি ৰে'লৱে জংচনৰ কৰ্তব্যৰত ৰে'লৱে সুৰক্ষা বাহিনীক বিষয়টো অৱগত কৰে ৷ ইপিনে ভাৰত ভ্ৰমণৰত জাপানী পৰ্যটকজনে ৰে'লত লেপটপটো এৰি অহা বিষয়টো ৰে'লৱে সুৰক্ষা বাহিনীয়ে গুৰুত্বসহকাৰে লয় আৰু উদ্ধাৰৰ বাবে বিভাগীয়ভাৱে সকলো পক্ষকে বিষয়টো অৱগত কৰে ৷ ফলত ৰে'লখন নিউ বঙাইগাঁও জংচনত আহি পোৱাত ৰে'লৱে জংচনৰ কৰ্তব্যৰত ৰে'লৱে সুৰক্ষা বাহিনীয়ে ৰে'লখনৰ পৰা জাপানী পৰ্যটকজনৰ হেৰুৱা লেপটপটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়  ৷ লেপটপটো উদ্ধাৰ হোৱাৰ খবৰ পিচত জাপানী পৰ্যটক চুজিক জনোৱাত পৰ্যটকজন নিউ বঙাইগাঁও জংচনত উপস্থিত হোৱাত নিউ বঙাইগাঁও জংচনৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক অ জি ব্ৰহ্ম আৰু কনিষ্টবল হাছিনা আকতাৰে ৰে'লখনৰ পৰা উদ্ধাৰ কৰা লেপটপটো শুকুৰবাৰে পৰ্যটকজনৰ হাতত অৰ্পণ কৰে। চুজিয়ে এইদৰে তেঁৱৰ হেৰুৱা লেপটপটো ওভোটাই পোৱাত সন্তুষ্টি প্ৰকাশ কৰি কয় যে -- ভাৰতত মোৰ কাৰণে এয়া এটা  সুন্দৰ অভিজ্ঞতা হ'ল ৷ লগতে পৰ্যটকজনে ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰো ভূয়সী প্ৰশংসা কৰে ৷ ইপিনে ৰে'লৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শকগৰাকীয়ে কয় যে তেওঁলোকে  ৰঙিয়াস্থিত নিৰাপত্তা বিভাগৰ কন্ট্ৰোল শাখাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ৰে'লখনৰ পৰা লেপটপটো উদ্ধাৰ কৰে আৰু বিভাগীয় প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিচত পৰ্যটকজনক লেপটপটো অৰ্পণ কৰে ৷ উল্লেখ্য যে কেনছাই চুজিয়ে যোৱা ২১ এপ্ৰিলত জাপানৰ পৰা কলকাতাত উপস্থিত হৈছিল ৷ পৰ্যটকজনে এমাহৰ কাৰ্যসূচীলৈ ভাৰত ভ্ৰমণলৈ আহিছে ৷ সেয়ে জাপানী পৰ্যটকজনৰ হেৰুৱা লেপটপটো উদ্ধাৰ কৰি পৰ্যটকজনক ওভোটাই দিবলৈ সক্ষম হোৱাতো সকলোৰে বাবে ইতিবাচক খবৰ ৷ কাৰণ ইয়াৰ লগত জড়িত হৈ আছিল দেশৰ মান- সন্মানৰ প্ৰশ্নও ৷

0 Response to "জাপানী পৰ্যটকৰ হেৰুওৱা লেপটপ নিউ বঙাইগাঁও জংচনত উদ্ধাৰ // ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ ভূয়সী প্ৰশংসা জাপানী পৰ্যটক কেনছাই চুজিৰ "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article