-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও ৰানিং শাখাৰ অধিৱেশন সম্পন্ন

মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও ৰানিং শাখাৰ অধিৱেশন সম্পন্ন



মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও ৰানিং শাখাৰ অধিৱেশন সম্পন্ন



   

                              বঙাইগাঁওঃ ২৭ এপ্ৰিলঃ
উত্তৰ পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও ৰানিং শাখাৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন আজি নিউ বঙাইগাঁওস্থিত কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি শাখাৰ সভাপতি দেৱৰাজ দাসে পতাকা উত্তোলন কৰাৰ পিছত সমূহীয়াভাবে ছহিদ তৰ্পণ কৰা হয় ৷  ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ ইউনিয়নৰ উপ সভাপতি ফণীধৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসে নিজৰ ভাষণত কেন্দ্ৰৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে - মোদী চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিয়ে তেওঁলোকৰ পতন মাতি আনিলে ৷ এই কথা অহা ২৩ মেত প্ৰমাণ হ'ব ৷ কাৰণ সিদিনা  লোক সভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ৷ শ্ৰমিক বিৰোধী স্থিতি গ্ৰহণ কৰা চৰকাৰৰ পতন অনিবাৰ্য বুলিও কয় ৷
 সভাত ইউনিয়নৰ ৰঙিয়া ডিভিজনৰ আহ্বায়ক সমীৰ চুনী মুছাহাৰীৰ লগতে দ্বীপেন বৰা, শম্ভু প্ৰসাদ দাস , মনোৰঞ্জন নায়ক , মৃণাল শীল প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত থাকে ৷ ইপিনে এই সভাতেই দেৱৰাজ দাসক সভাপতি , এচ এন সিঙক সম্পাদক আৰু ৰাকেশ কুমাৰক কোষাধ্যক্ষ হিচাপে লৈ আগন্তুক ২০১৯-২০ বৰ্ষৰ বাবে ১৬ জনীয়া  নিউ বঙাইগাঁও ৰানিং শাখাৰ সমিতিখন নতুনকৈ গঠন কৰা হয় ৷ 

0 Response to "মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও ৰানিং শাখাৰ অধিৱেশন সম্পন্ন"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article