-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ নানকাৰগাঁৱত বজ্ৰপাতত যুৱতীৰ মৃত্যু

বঙাইগাঁৱৰ নানকাৰগাঁৱত বজ্ৰপাতত যুৱতীৰ মৃত্যু





        বঙাইগাঁৱৰ নানকাৰগাঁৱত বজ্ৰপাতত যুৱতীৰ মৃত্যু




                      
                                বঙাইগাঁওঃ ২৬ এপ্রিলঃ 
বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত আজি পুৱাৰ ভাগত হোৱা বজ্ৰপাতৰ ফলত এগৰাকী যুৱতী নিহত হয় ৷ নিহত যুৱতী গৰাকী  নানকাৰগাঁৱৰ নাজিৰ হুছেইনৰ কন্যা বুলাহী খাতুন (২৭) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পুৱা যুৱতীগৰাকীয়ে ঘৰৰ ওচৰতে গোৱৰ পেলাই থকা সময়তে অহা এজাক বৰষুণৰ মাজতে বজ্ৰ পৰাত যুৱতীগৰাকী গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক লগে লগে ওচৰৰে বিদ্যাপুৰ সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসতে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷ পিছত যুৱতীগৰাকীৰ মৃতদেহটো বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হয় আৰু ইয়াতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়া হয়। এইদৰে পুৱা বজ্ৰপাতৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

0 Response to "বঙাইগাঁৱৰ নানকাৰগাঁৱত বজ্ৰপাতত যুৱতীৰ মৃত্যু"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article