-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত অস্থায়ী আদৰ্শ ভোট কেন্দ্ৰ মুকলি  'সংকল্প ' এপৰ প্ৰশিক্ষণ প্ৰদান

বঙাইগাঁৱত অস্থায়ী আদৰ্শ ভোট কেন্দ্ৰ মুকলি 'সংকল্প ' এপৰ প্ৰশিক্ষণ প্ৰদান




বঙাইগাঁৱত অস্থায়ী আদৰ্শ ভোট কেন্দ্ৰ মুকলি

'সংকল্প ' এপৰ প্ৰশিক্ষণ প্ৰদান



                         বঙাইগাঁওঃ ৯ এপ্ৰিলঃ

৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ সাধাৰণ নিৰ্ববাচনত এজনো ভোটাৰ যাতে ভোটদানৰ পৰা বাদ পৰি নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ কাৰ্যপন্থা  গ্ৰহণ কৰিছে ৷ সেই অনুসৰি মঙলবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত এটা অস্থায়ী আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ মুকলি কৰা হয় ৷ কেন্দ্ৰটোৰ দ্বাৰ মুকলি কৰে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত আদিল খানে ৷ তেওঁ কেন্দ্ৰটোত ভোটদান প্ৰক্ৰিয়াৰ আৰ্হিও প্ৰদৰ্শন কৰে ৷ ইয়াৰ পিছতে নিৰ্বাচনত নিয়োগ কৰা স্বেচ্ছাসেৱক - স্বেচ্ছাসেৱী, ভোটদান প্ৰেৰক , ভোট সখী-মিত্ৰৰ লগতে স্থানীয় বিভিন্ন বিদ্যালয় - মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলকলৈ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত মাচুম আহমেদে যোৱা আঠ এপ্ৰিলত মুকলি কৰা 'সংকল্প' মোবাইল এপটো কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেই সন্দৰ্ভত দৃশ্য -শ্ৰাব্য মাধ্যমৰ সহায়ত প্ৰদৰ্শন কৰি প্ৰশিক্ষণ দিয়ে ৷ লগতে উপস্থিত সকলোকে ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবেও আহ্বান জনায় ৷ 
সভাত ভোটাৰ ৰাইজৰ মাজত ভোটদান সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভোট সখী- ভোট মিত্ৰ নামৰ বঙাইগাঁও জিলা প্ৰশাসনে প্ৰস্তুত কৰি উলিওৱা ভিডিঅ এটাও প্ৰদৰ্শন কৰে ৷ লগতে এক কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ কুইজ প্ৰতিযোগিতাত জিলা উপায়ুক্ত আদিল খান আৰু সহকাৰী আয়ুক্ত মাচুম আদমেদে উপস্থিতসকলক নিৰ্বাচন সম্পৰ্কীয় নানা প্ৰশ্ন কৰাৰ লগতে সঠিত উত্তৰ দিয়াসকলক থিতাতে পুৰস্কাৰো প্ৰদান কৰা হয় ৷ সভাত নিৰ্বাচনী আৰ্হি আচৰণ বিধি আৰু পেইড নিউজ সন্দৰ্ভত ভাৰতৰ নিৰ্বাচন আয়োগে আৰোপ কৰা নীতি - নিৰ্দেশনাৰ বিষয়েও আলোকপাত কৰা হয় ৷ সভাত বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন, নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়া, সহকাৰী আয়ুক্ত মুনমী শইকীয়াৰ লগতে ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া পাৰ্থ খনিকৰসহ বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰীসকল উপস্থিত থাকে ৷

0 Response to "বঙাইগাঁৱত অস্থায়ী আদৰ্শ ভোট কেন্দ্ৰ মুকলি 'সংকল্প ' এপৰ প্ৰশিক্ষণ প্ৰদান"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article