-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত জিলা নিৰ্বাচনী বিষয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ এজেণ্টসকলৰ সৈতে গুৰুত্বপূৰ্ণ সভা

বঙাইগাঁৱত জিলা নিৰ্বাচনী বিষয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ এজেণ্টসকলৰ সৈতে গুৰুত্বপূৰ্ণ সভা




বঙাইগাঁৱত জিলা নিৰ্বাচনী বিষয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ এজেণ্টসকলৰ সৈতে গুৰুত্বপূৰ্ণ সভা 


                          
                               বঙাইগাঁওঃ ১৯ এপ্ৰিলঃ
৬ নং বৰপেটা লোকসভা সমষ্টিৰ বাবে অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ লগত জড়িত নিৰ্বাচন আয়োগৰ কেইটামান দিশ সম্পৰ্কে আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ এজেণ্টসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত সভাত তেওঁ  ই ভি এম , ভি ভি পেট মেচিন , ষ্ট্ৰং ৰূম , নিৰাপত্তাবেষ্টনী , নিৰ্বাচনী সামগ্ৰী বিতৰণ , ভোটাৰ শ্লিপ বিতৰণৰ উপৰিও ভোট গ্ৰহণ কেন্দ্ৰৰ লগত জড়িত বিভিন্ন দিশ সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ এজেন্টসকলক অৱগত কৰে । ইয়াৰোপৰি অহা ২১ এপ্ৰিলৰ আবেলি ৫ বজাৰ ভিতৰত সকলো ধৰণৰ প্ৰচাৰকাৰ্য্য সমাপ্ত কৰিব লাগিব বুলিও কয় ৷ আনহাতে অহা ২৩ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ এঘন্টা পূৰ্বে অৰ্থাৎ পুৱা ৬ বজাত মোকপ'ল অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে ৷   সেয়ে উক্ত দিনা পুৱা ৫.৩০ বজাৰ ভিতৰত পোৱাকৈ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ এজেন্টসকল পুৱা ৬ বজাত অনুষ্ঠিত হ'বলগীয়া মোকপ'ল কাৰ্যত উপস্থিত থাকিব লাগিব বুলি কয় । মোকপ'লৰ পিছত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰাম্ভ হ'ব বুলি কয় । সভাত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ এজেন্টসকলৰ পৰা এজন এজেন্ট প্ৰৱেশ কৰিব পাৰিলেও তেওঁলোকে মোবাইল ফোন বা ভ্ৰাম্যভাষ সেৱা লগতলৈ প্ৰৱেশ কৰিব নোৱাৰিব ।
 আনহাতে ভোটদান সাব্যস্ত কৰিবলৈ যোৱা কোনো ভোটাৰৰ ভোটাৰ পৰিচয় পত্র নাথাকিলে তেতিয়া তেওঁলোকে পাছপৰ্ট , ড্ৰাইভিং লাইচেঞ্চ ,কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰ , ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটো সম্বলিত সেৱা পৰিচয় পত্র , বেংক, ডাকঘৰে প্ৰদান কৰা ফটো সম্বলিত সেৱা পাছবুক , পানকাৰ্ড , ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ণৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্টকাৰ্ড , এম জি এন ৰেগা জব কাৰ্ড , শ্ৰম মন্ত্রণালয়ৰ আচঁনিৰ অধীনত প্ৰদান কৰা বীমা স্মাৰ্টকাৰ্ড , ফটো সম্বলিত পেঞ্চন নথি পত্র , সাংসদ ,বিধায়ক ,বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী  পৰিচয় পত্র , আধাৰ কাৰ্ড আদিৰ ভিতৰত যিকোনো এখন লৈ গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সুবিধা লাভ কৰিব । এই সভাত বঙাইগাঁও জিলা তথ্য বিষয়া বিজয় মজুমদাৰে উপস্থিত থাকি এজেণ্টসকলক ১২ টা ই ভি এম আৰু ভি ভি পেট মেচিনৰ পৰিপূৰক ৰেণ্ডমাইজেছন সম্পন্ন কৰা হোৱাৰ কথা উল্লেখ কৰি কমিছনিং আৰাম্ভ কৰা হ'ব বুলি জনায় । কমিছনিং কৰাৰ সময়ত সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ এজেণ্টসকলক উপস্থিত থাকিবলৈ আহবান জনায় । সভাত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে অনুপম ডেকা , ধ্ৰুবজ্যোতি দাস আৰু নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়া উপস্থিত থাকে ।

0 Response to "বঙাইগাঁৱত জিলা নিৰ্বাচনী বিষয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ এজেণ্টসকলৰ সৈতে গুৰুত্বপূৰ্ণ সভা "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article