বঙাইগাঁত এন পি পি দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীৰ সংবাদমেল // অন্যান্য ৰাজনৈতিক দলৰ আভুৱাভৰা প্ৰতিশ্ৰুতিত ভোল নাজাবলৈ ৰাইজক আহ্বান
Saturday, April 20, 2019
Comment
বঙাইগাঁত এন পি পি দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীৰ সংবাদমেল
অন্যান্য ৰাজনৈতিক দলৰ আভুৱাভৰা প্ৰতিশ্ৰুতিত ভোল নাজাবলৈ ৰাইজক আহ্বান
নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত আমি ৰাইজক কংগ্ৰেছ তথা অগপ - বিজেপি মিত্ৰজোঁট আৰু এআইইউডিএফ দলৰ প্ৰাৰ্থীৰ লেখিয়াকৈ আভুৱাভৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিব বিচৰা নাই ৷ বৰপেটা লোক সভা সমষ্টিবাসী ৰাইজক নিস্বাৰ্থভাৱে সেৱা কৰাৰ উদ্দেশ্যে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগৱঢ়াইছো ৷ গতিকে সাংসদ হিচাপে নিৰ্বাচিত হ'লে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ভাষা- ভাষি আৰু জাতি- জনগোষ্ঠীয় ৰাইজৰ সমস্যাই হ'ব মোৰ বা আমাৰ সমস্যা ৷ এই মন্তব্য বৰপেটা লোক সভা সমষ্টিৰ নেচনেল পিপুলচ্ পাৰ্টী ( এন পি পি)ৰ প্ৰাৰ্থী ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীৰ ৷ আজি বঙাইগাঁও চহৰৰ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত এন পি পি দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে পূৰ্বতে সন্মানীয় এই সমষ্টিটোৰ ৰাইজে কংগ্ৰেছ, এআইইউডিএফ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাই সংসদলৈ নিৰ্বাচিত কৰি পঠাইছিল যদিও এই দল দুটাৰ সাংসদসকলে সমষ্টিটোৰ ৰাইজৰ সমস্যা সমাধানৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে ৷ আনকি পূৰ্বতে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰো এটাও পূৰণ নকৰিলে এই দল দুটাই ৷ নিৰ্বাচন আহিলেহে ভোটৰ স্বাৰ্থত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ প্ৰাৰ্থী দুগৰাকীৰ মুখত সমষ্টিবাসী ৰাইজৰ সমস্যাৰ কথা আখৈ ফুটাদি ফুটে ৷ কিন্তু নিৰ্বাচনৰ সময়ত প্ৰতাৰণাৰ বাহিৰে কংগ্ৰেছ আৰু এআইইউডিএফ দলে সমষ্টিবাসী ৰাইজক একো দিয়া নাই
৷ পূৰ্বৰ এআইইউডিএফ দলৰ সাংসদ চিৰাজুদ্দিন আজমলক ৰাইজে ভালদৰে চিনেই নাপালে ৷
এইবাৰ নেচনেল পিপুলচ্ পাৰ্টীৰ তৰফৰ পৰা মোক বৰপেটা লোক সভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷ মই আজি ২৫ বছৰে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিভিন্ন কোচ ৰাজবংশী সমাজৰ তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জৰিত হৈ ৰাইজৰ হকে কাম কৰি আহিছো ৷ সেয়ে এবাৰৰ বাবে মোক ৰাইজে নিৰ্বাচিত কৰি পঠিয়াওক, মই ৰাইজক অনুৰোধ জনাইছো ৷ ইতিমধ্যে মই ৰাইজৰ মাজত সুমাই গম পালো যে ৰাইজে নেচনেল পিপুলচ্ পাৰ্টীক আদৰি লৈছে ৷ তাৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছো ৷ আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত এন পি পি দলৰ প্ৰাৰ্থী ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীয়ে কয় যে বিজেপি দলে এই বিধেয়কখনৰ জৰিয়তে অসমৰ অসমীয়াৰ ৰাজহাড় পংগু কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৷ কিন্তু এন পি পি দলৰ স্পষ্ট কথা যে আমি কেব বিৰোধী ৷ তেওঁ লগতে অগপ দলক সমালোচনা কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থকা বিজেপি দলেৰে মিত্ৰতা কৰি আঞ্চলিক দল অগপইও অসমীয়া জাতি ধ্বংসৰ ষড়যন্ত্ৰত হাত উজান দিছে ৷ অগপ - বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসেও এতিয়া বৰপেটা লোক সভা সমষ্টিৰ অলিয়ে - গলিয়ে সভা- সমিতিৰ আয়োজন কৰি জাতি উদ্ধাৰৰ কথা কৈ আওপকীয়াকৈ সমষ্টিবাসী ৰাইজক প্ৰতাৰণা কৰাত নামি পৰিছে ৷ সেয়ে বৰপেটা লোক সভা সমষ্টিৰ সজাগ আৰু সচেতন ভোটাৰ ৰাইজে সমাগত নিৰ্বাচনত কংগ্ৰেছ, এআইইউডিএফ আৰু অগপ- বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীক ভোটৰ জৰিয়তে ৰাইজে উচিত শিক্ষা দিব বুলিও কয় ৷ আনকি নিৰ্বাচনত পৰাজয়ৰ আশংকা কৰিয়ে এতিয়া এই দল তিনিটাৰ একাংশ প্ৰাৰ্থীয়ে সজহ- সৰল ভোটাৰ ৰাইজক ধৰ্মৰ ভয় দেখুৱাই নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ চেষ্টা কৰি আহিছিল যদিও সেয়া সফল নহ'ব বুলিও প্ৰাৰ্থীগৰাকীৰ দৃঢ় বিশ্বাস আছে বুলি কয় ৷
ইপিনে কথা নহয়, নিৰ্বাচনত বিজয়ী হ'লে কামেৰে নিজৰ পৰিচয় সমষ্টিবাসী ৰাইজৰ আগত দাঙি ধৰিবলৈ দৃঢ় প্ৰতিজ্ঞ বুলি কয় প্ৰাৰ্থীগৰাকীয়ে ৷ সংবাদমেলত প্ৰাৰ্থীগৰাকীয়ে সমষ্টিবাসী ৰাইজে সাংসদ হিচাপে নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়ালে যি কোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত হ'বলৈ নিদিয়ে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ লগতে বিধেয়কখনৰ বিৰুদ্ধে এজন সাংসদ হিচাপে যি কৰিবলগীয়া থাকে সকলোখিনি কৰিবলৈ প্ৰস্তুত আছে বুলি কয় ৷ সেইদৰে ছয় জনগোষ্ঠী বিশেষকৈ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰসংগটো সংসদৰ মজিয়াত সজোৰে উত্থাপন কৰিব বুলি কয় ৷ কাৰণ জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজনৈতিক দলসমূহে বহু ৰাজনীতি কৰিলে ৷ সেয়ে বিষয়টোকলৈ আৰু ৰাজনীতি কৰিবলৈ দিয়া নহ'ব বুলিও কয় ৷ একেদৰে ডি ভোটাৰৰ নামত চলি থকা হাৰাশাস্তি বন্ধ কৰাৰ বাবেও সৰ্বতো প্ৰকাৰে চেষ্টা কৰিব বুলি কৈ ৰাজনৈতিকভাৱে বিষয়টোৰ স্থায়ী সমাধানৰ বাবেও কৰিবলগীয়া সকলোখিনি কৰিব বুলি উল্লেখ কৰে ৷
ইয়াৰোপৰি নিবনুৱা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা, ব্ৰহ্মপুত্ৰ, বেকী,মানাহ আদি নৈৰ গৰাখহনীয়া প্ৰতিৰোধ, খেতি পথাৰত বাৰ মাহে জলসিঞ্চনৰ ব্যৱস্থা, ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণ কৰা, প্ৰায়ত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলী আহমেদে বৰপেটা জিলাত আধাৰশিলা স্থাপন কৰা মৰাপাট কলটো সম্পূৰ্ণ কৰা, ধানবন্ধাত স্থাপন হ'বলগীয়া ধান গৱেষণা কেন্দ্ৰৰ কাম খৰটকীয়া কৰা, বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা, মাডাৰ টিচাৰসকলোৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে খিলঞ্জীয়া জাতি - জনগোষ্ঠীসমূহৰ সুৰক্ষা,অধিকাৰ আৰু স্বভিমান ৰক্ষাৰ হকে সংসদত যুঁজ দিয়াৰ উপৰিও বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজক কোনো ভয় - ভাবুকি, প্ৰলোভন, আভুৱাভৰা প্ৰতিশ্ৰুতি আদিত ভোল নগৈ নিজৰ বিচাৰ - বিৱেচনা আৰু বিবেকক প্ৰাধান্য দি সমষ্টিটোৰ সৰ্বাংগীণ বিকাশৰ স্বাৰ্থত তেৱঁক ভোট দি জয়ী কৰিবলৈ সমষ্টিবাসী ৰাইজক আহ্বান জনায় ৷ সংবাদমেলত কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি কমল বৰ্মন আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ সম্পাদক ৰাজু তালুকদাৰো উপস্থিত আছিল ৷




0 Response to "বঙাইগাঁত এন পি পি দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী ডাঃ প্ৰণৱজ্যোতি দাস ৰাজবংশীৰ সংবাদমেল // অন্যান্য ৰাজনৈতিক দলৰ আভুৱাভৰা প্ৰতিশ্ৰুতিত ভোল নাজাবলৈ ৰাইজক আহ্বান "
Post a Comment