-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ ৰাজনীতি অসমৰ সমাজ জীৱনৰ বাবে মংগলজনক নহয়--- আব্দুল খালেক  //   অগপ আৰু এ আই ইউ ডি এফৰ মাজত আছে গোপন বুজাবুজি

হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ ৰাজনীতি অসমৰ সমাজ জীৱনৰ বাবে মংগলজনক নহয়--- আব্দুল খালেক // অগপ আৰু এ আই ইউ ডি এফৰ মাজত আছে গোপন বুজাবুজি





হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ ৰাজনীতি অসমৰ সমাজ জীৱনৰ বাবে মংগলজনক নহয়--- আব্দুল খালেক 

অগপ আৰু এ আই ইউ ডি এফৰ মাজত আছে গোপন বুজাবুজি 


          
                        বঙাইগাঁওঃ ১৩ এপ্ৰিলঃ
 'হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ যিটো ৰাজনীতি সেইটো অসমৰ সমাজ জীৱনৰ কাৰণে মংগল জনক নহয় আৰু যেতিয়ালৈকে তেওঁ বিজেপিত আছে , তেতিয়ালৈকে আমি তেৱঁৰ বিৰোধিতা কৰিম '৷ এই মন্তব্য বৰপেটা লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ ৷ আজি বঙাইগাঁও চহৰৰ হোটেল নীড়ত অনুষ্ঠিত এখন সংবাদ মেলত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে এই দৰে কয় ৷ উল্লেখ্য যে সংবাদমেলত সাংবাদিকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি  এ আই ইউ ডি এফে অভিযোগ উত্থাপন কৰা সন্দৰ্ভত প্ৰশ্ন কৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে - মই যদি হিমন্ত বিশ্ব শৰ্মাৰ মানুহ হলোহেতেন, তেতিয়াহ'লে মই বিজেপি দলৰ প্ৰাৰ্থী হলোহেতেন ৷ তেওঁ পুনৰ কয় যে যোৱা তিনি বছৰত চাব যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কাৰ অধিক কথাৰ কটা- কটি হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত তৰুণ গগৈৰ পিচত আটাইতকৈ বেছি আক্ৰমণৰ লক্ষ্য কাক কৰি লৈছে? অৱশ্যে হয় যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকাৰ সময়ত তেৱঁৰ লগত মোৰ সম্পৰ্ক ভাল আছিল আৰু কংগ্ৰেছত থাকিলে আজিও কিজানি সম্পৰ্ক ভাল থাকিলেহেতেন ? কিন্তু হিমন্ত বিশ্ব শৰ্মা এতিয়া কৌৰৱ পক্ষত গুচি গৈছে ৷ গতিকে কৌৰৱ বাহিনীৰ লগত কোনো ধৰণৰ আপোচ নাই ৷ আমি ভাবো যে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল অসমৰ সমাজ জীনৱৰ কাৰণে ডাঙৰ শত্ৰু আৰু এই দুয়োগৰাকীৰ ৰাজনীতি শেষ কৰাটো সমাজ জীনৱৰ বাবে মংগল ৷ এই নিৰ্বাচনটো এটা সুযোগ ৷ 

আনহাতে এতিয়া সকলোৱে তেৱঁক অভিমন্যুৰ দৰে বেৰি ধৰিছে বুলি মন্তব্য কৰি কয় যে এবাৰ মোৰ মনোনয়ন পত্ৰ বাতিল কৰিবলৈ চেষ্টা কৰা হ'ল ৷  মই যাতে নমিনেচন নাপাও তাৰ বাবে ষড়যন্ত্ৰ কৰা হ'ল, গোপন মিত্ৰতাৰ কাহিনী ৰচা হ'ল, দুৰ্বল প্ৰাৰ্থীৰ কথা কোৱা হ'ল ৷ গতিকে আক্ৰমণ - প্ৰত্যাক্ৰমণ আহিবই ৷ মই লাভ - লোচকান এইবোৰ হিচাব নকৰো ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ যিটো ৰাজনীতি সেইটো  অসমৰ সমাজ জীৱনৰ কাৰণে মংগল জনক নহয় আৰু যেতিয়ালৈকে তেওঁ বিজেপিত আছে ,তেতিয়ালৈকে আমি তেৱঁৰ বিৰোধিতা কৰিম ৷ তেৱঁৰ ৰাজনীতিটো নিশেষ কৰাটোৱে মোৰ এজেণ্ডাৰ ভিতৰত আছে বুলিও কয় ৷ ইপিনে অগপ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে অগপই এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি আছে ৷ কাৰণ অগপই এ আই ইউ ডি এফক সমালোচনা নকৰে আৰু এ আই ইউ ডি এফেও অগপক সমালোচনা নকৰে  ৷ ইয়াৰ অৰ্থ কি ? দুয়োটা দলে মোকহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ মোক যেনে তেনে বগৰাবলৈ বিচাৰিছে ৷ এনেও অগপ আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি আছে ৷ যোৱাবাৰ বঙাইগাঁও জিলা পৰিষদ অগপ আৰু এ আই  ইউ ডি এফে চলাইছিল ৷ জিলা পৰিষদৰ সভাপতি অগপৰ আৰু  উপ সভাপতি এ আই ইউ ডি এফৰ আছিল ৷ এইবাৰো সেই একেদৰেই দুয়োটা দলে মিলি জিলা পৰিষদখন গঠন কৰিছে ৷ গতিকে দুয়োটা দলৰ মাজত গোপন বুজাবুজি আছে ৷ যদিওবা লোক সভা নিৰ্বাচনত দুয়োটা দলে বেলেগে বেলেগে নিৰ্বাচন খেলি আছে ,ভিতৰি ভিতৰি কিন্তু বুজাবুজি আছে ৷ যেনেকৈ বিজেপি আৰু অগপই মাজতে ৰাইজক দেখুৱাই বেলেগ হৈছিল, ঠিক সেই একেই খেল এ আই ইউ ডি এফ আৰু অগপৰ মাজত চলি আছে ৷ মানুহে ভাবিছে যে এওঁলোক বেলেগ ৷ কিন্তু ভিতৰত তেওঁলোক একেই আছে ৷

মোক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ উদ্দেশ্য এটাই আৰু সেয়া হ'ল আব্দুল খালেকক যেনে - তেনে হৰুৱাব লাগে ৷ যেনে - তেনে কংগ্ৰেছক হৰুৱাব লাগে ৷ কিন্তু ৰাইজ লগত থাকিলে হৰুৱাটো ইমান সহজ নহয় ৷ আমি ৰাইজৰ শক্তিৰ ওপৰত বিশ্বাস কৰো আৰু যেতিয়া ভগৱান লগত থাকে তেতিয়া ভগৱানে কেনেকৈ কাক উদ্ধাৰ কৰে সেইটো কোনেও ক'ব নোৱাৰে ৷ প্ৰহ্লাদক কেনেকৈ ভগৱানে ৰক্ষা কৰিছিল? প্ৰহ্লাদক ৰক্ষা কৰিব বুলিটো কোনেও ভবা নাছিল ৷ কিন্তু ভগৱানে ৰক্ষা কৰিছিল ৷ সেয়ে আমাৰ বিশ্বাস আছে আৰু আমাৰ উদ্দেশ্য সৎ বাবে এই নিৰ্বাচনত আমি বিজয়ী হম ৷ লাগিলে যিমানে ষড়যন্ত্ৰ নকৰক কিয় ৷ অৱশ্যে আমি কিছু কষ্ট পাইছো  আৰু কৰ্মীসকলেও কিছু কষ্ট পাইছে যদিও আমি বিজয়ী হম ৷ আনহাতে অগপই দুৰ্যোধনৰ লগ লাগিছে বুলি মন্তব্য কৰি কয় যে আমি সত্যক বিশ্বাস কৰো ৷ শুকুৰ বাৰে লাংলাত বিশাল জনসমাৱেশ অনুষ্ঠিত হৈছিল ৷ কিন্তু ফেচবুকত দিলে মানুহ হোৱা নাই বুলি ৷ আমি বিতত হোৱা নাই ৷ আমি জনসাধাৰণৰ কাষলৈ অধিক যাব বিচাৰো ৷ বৰপেটা লোক সভা নিৰ্বাচনৰ ইতিহাসত অন্তত যোৱা কুৰি বছৰত মইয়ে কিজানি এক মাত্ৰ প্ৰাৰ্থী যিয়ে সকলো সম্প্ৰদায়ৰ লোকৰ ওচৰলৈ গৈ আছো ৷ কাৰণ ইয়াত হিন্দু - মুছলমান, সংখ্যালঘু - সংখ্যাগুৰু, জনজাতি - অজনজাতি বুলি কথা নাই, মই সকলোৰে সমৰ্থন লৈ সংসদলৈ যাব বিচাৰিছো ৷ যিতো ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল উদ্দেশ্য ৷ ইপিনে তেৱঁক ৰাইজে কিহৰ কাৰণে ভোট দিব বুলি সাংবাদিকে প্ৰশ্ন কৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকে কয় যে - মোক ৰাইজে দুটা কাৰণত ভোট দিব ৷ কাৰণ মই বিধান সভাত অসমৰ সকলো দুৰ্বল মানুহৰ যিবোৰ সমস্যা সেই দাবীত মই সৰৱ হৈ আছিলো ৷ তেওঁলোকৰ কন্ঠস্বৰ হৈ আছিলো আৰু লোক সভাতো কন্ঠস্বৰ হ'বলৈ চেষ্টা কৰিম ৷ শাসক আৰু বিৰোধী দুয়োটাই মোৰ অভিজ্ঞতা আছে আৰু সেই অভিজ্ঞতাৰে ৰাইজৰ কাম কৰিবলৈ মই চেষ্টা কৰিছো ৷ গতিকে যিখিনি মানুহে মোক জানে তেওঁলোকে জানে যে আব্দুল খালেক কামৰ মানুহ আৰু বিধায়ক হিচাপেও তেওঁ সফল হৈছে আৰু সাংসদ হিচাপেও তেওঁ সফল হ'ব ৷ আনহাতে বৰপেটা লোক সভা সমষ্টিত যদিওবা কেবাজনো প্ৰাৰ্থী আছে তাৰ ভিতৰত যি দুজন প্ৰাৰ্থীয়ে মোৰ বিৰুদ্ধে হোৱাই নোহোৱাই সমালোচনা কৰি আছে তাৰে এজন ত্ৰিছ বছৰ আগতে বিধায়ক আছিল আৰু আনজন তিনি বছৰ আগত বিধায়ক আছিল ৷ কিন্তু দুয়োজনেই নিস্কৰ্মা বুলি নিজকে প্ৰমাণ কৰিছে ৷ 

অগপ - বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস যেতিয়া ৰাজ্য সভাৰ সাংসদ আছিল তেতিয়া তেওঁ বৰপেটা সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰা নাছিল ৷ চিন্তা কৰিছিল কামৰূপ, গুৱাহাটীৰ কথা ৷ গতিকে একে এগৰাকী প্ৰাৰ্থীক ৰাইজে আকোৱালি নলয় বুলিও কয়  ৷ সংবাদমেলত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে  নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত কয় যে কংগ্ৰেছ দলৰ লগতে আমিও  এই বিধেয়কখনৰ বিৰোধিতা কৰি আহিছো আৰু কৰি যাম ৷ লগতে ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু সেয়ে এই বিধেয়কখন পুনৰ সংসদলৈ অহাৰ প্ৰশ্নই নুঠে ৷ আমি বিধেয়কখনৰ বিৰোধিতা কৰিম ৷ কিন্তু ১৯৭১ চনৰ আগতে অহা হিন্দু - মুছলমানসকলক সুৰক্ষা দিব লাগিব আৰু পিচত অহাসকলক খেদিব লাগিব ৷ এই বিধেয়কখনে বিজেপিক অসুবিধাত পেলাইছে আৰু তাৰ বাবেই পুনৰ অগপক ল'বলগীয়া হৈছে বুলি মন্তব্য কৰি কয় যে মিত্ৰতাৰ আগমুহুৰ্তলৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসে অগপক সমালোচনা কৰি আছিল যদিও পুনৰ তেওঁলোকক আকোৱালি লৈছে ৷ অগপৰ বৰ্তমানৰ নেতাসকলৰ লাজ নাই ,স্বাভিমান নাই ৷ থকাহ'লে পুনৰ মিত্ৰতা ন'হলেহেতেন বুলিও কয় ৷ সেইদৰে সাংসদ হিচাপে নিৰ্বাচিত হ'লে তেওঁ সংসদত ডি ভোটাৰৰ সমস্যা সন্দৰ্ভত মাত মাতিব বুলিও কয় ৷ সংবাদমেলত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্বৰ্ণালী ব্ৰহ্ম চৌধুৰী, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য, নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সভানেত্ৰী ৰেণুকা দাস, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন ঘোষৰ লগতে প্ৰদীপ লোধ ৰায়, সাৰদা ৰায় চৌধুৰী আদিকে ধৰি কেবাজনো নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আজি বঙাইগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন ঠাইত দহখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৷ নিৰ্বাচনী সভাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অগপ আৰু বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰে ৷

0 Response to "হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ ৰাজনীতি অসমৰ সমাজ জীৱনৰ বাবে মংগলজনক নহয়--- আব্দুল খালেক // অগপ আৰু এ আই ইউ ডি এফৰ মাজত আছে গোপন বুজাবুজি "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article