বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী কনিষ্টবল নিহত
Monday, April 22, 2019
Comment
বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী কনিষ্টবল নিহত
বঙাইগাঁওঃ ২২ এপ্ৰিলঃ
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকীঝাৰৰ ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত আৰক্ষী বিভাগৰ এজন কনিষ্টবল নিহত হয় ৷ নিহত কনিষ্টবলজন অসীমজ্যোতি দাস ( ৩০) বুলি চিনাক্ত কৰা হয় ৷ অসীমজ্যোতি দাসৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সন্দৰ্ভত বঙাইগাঁৱৰ যান - বাহন শাখাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ এ পি আৰ অ বিভাগৰ কনিষ্টবল হিচাপে বঙাইগাঁৱত কৰ্মৰত অসীমজ্যোতি দাসে আজি পুৱা নিজৰ কৰ্তব্যহেতু এজন লগৰীয়াৰে সৈতে বৰপেটাৰ পৰা এ এচ ১৫ কে ৩৭৯০ নম্বৰৰ মটৰ চাইকেলেৰে বঙাইগাঁওলৈ আহি থকা অৱস্থাত ৰাখালডুবিৰ নিকটৱৰ্তী ডাউকীঝাৰত পথৰ মাজৰ ডিভাইডাৰত খুন্দা মৰাত ঘটনাস্থলীতে অসীমজ্যোতি দাসৰ মৃত্যু হয় ৷
দুৰ্ঘটনাটো পুৱা প্ৰায় ৫ মান বজাত সংঘটিত হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই যান - বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যান- বাহন শাখাৰ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে মৃত অসীমজ্যোতি দাসে পুৱা ৩ঃ৩০ মান বজাতে নিজৰ ঘৰৰ পৰা বঙাইগাঁওলৈ ৰাওনা হৈছিল আৰু লগত আন এজন লগৰীয়াও আছিল ৷ কিন্তু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত লগৰীয়াজনৰ কোনো খবৰ পোৱা নাই আৰক্ষীয়ে ৷


0 Response to "বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী কনিষ্টবল নিহত"
Post a Comment