বঙাইগাঁৱত মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰহৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
Monday, April 22, 2019
Comment
বঙাইগাঁৱত মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰহৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
বঙাইগাঁওঃ ২১ এপ্ৰিলঃ
'আমিও সহজ ৰাস্তা ল'ব পাৰিলোহেঁতেন ৷ কংগ্ৰেছে মোক বেয়া পায় ৷ তেওঁলোকক মই ধুতি- লুঙীৰ কথা মনত পেলাই দিলে ৷ কিন্তু ধুতি- লুঙীৰে মানুহৰ অভাৱ পূৰণ নহয় ৷' - এই মন্তব্য বিজেপি নেতা তথা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ দেওবাৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্তিম দিনা ৬ নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি-অগপ আৰু বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ বঙাইগাঁও গান্ধী ময়দানত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি তেওঁ এই মন্তব্য কৰে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয় যে কংগ্ৰেছে ধুতি- লুঙীৰ প্ৰেমত পৰি গৈছে ৷ মানুহে ছোৱালীৰ প্ৰেমত পৰে আৰু ছোৱালীয়ে ল'ৰাৰ প্ৰেমত পৰে ৷ কিন্তু কংগ্ৰেছে ধুতি- লুঙীৰ প্ৰেমত পৰিছে ৷ তৰুণ গগৈ যদি আৰু বেছিদিন মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন তেতিয়াহ'লে কংগ্ৰেছৰ হাতৰ ছবিটো সলাই ধুতি-লুঙীৰ ছবিত ভোট দিয়ক বুলি কলেহেঁতেন ৷ হয়, ধুতি-লুঙী লাগে ৷ কিন্তু ধুতি আৰু লুঙী কোনোবা মুখ্যমন্ত্ৰীয়ে বিলায় নেকি? কালি যদি ধুতি-লুঙী মুখ্যমন্ত্ৰীয়ে বিলায় তেতিয়াহ'লে পৰহি গেঞ্জী আৰু আন কিবাও বিলোৱা আৰম্ভ কৰিব ৷ এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় ৷ আমি কৈছো হয়, আমাক এইবোৰ বস্তু লাগে ৷ কিন্তু আমাৰ যদি ল'ৰা-ছোৱালী শিক্ষিত হয়, ল'ৰা-ছোৱালীয়ে যদি দুৰ্নীতি নকৰাকৈ চৰকাৰী চাকৰি পায়, ব্যৱসায় কৰিব পাৰে, ঠিকা কৰিব পাৰে, উপাৰ্জন কৰিব পাৰে, তেতিয়াহ'লে সেই উপাৰ্জনৰ টকাৰে নিজৰ দেউতাক-মাকক ধুতি- পাঞ্জাৱী, মেখেলা-চাদৰ কিনি দিব ৷ বুঢ়া বয়সত তীৰ্থযাত্ৰালৈ লৈ যাব ৷ গতিতে ধুতি-লুঙীৰে মানুহ সক্ষম নহয় ৷ শিক্ষাৰ পোহৰ আনিব লাগিব ৷ দৰিদ্ৰতা দূৰ কৰিব লাগিব ৷ চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি নোহোৱা কৰিব লাগিব ৷ ল'ৰা-ছোৱালীক পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়াব লাগিব ৷ তেতিয়াহে নতুন অসম নিৰ্মাণ হ'ব ৷
সেয়ে বিজেপিয়ে অসমত কলেজত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিলে ৷ আগতে গণ পৰিষদ চৰকাৰৰ দিনত অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া কিতাপৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু আমি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকেও বিনামূলীয়া কিতাপৰ ব্যৱস্থা কৰিলো ৷ এইবাৰ আমি সিদ্ধান্ত লৈছো যে স্নাতক মহলাৰ ল'ৰা -ছোৱালীকো এই বছৰৰ পৰা বিনামূলীয়া কিতাপ দিয়া আৰম্ভ কৰিম ৷ সেইদৰে হোষ্টেলত থাকি পঢ়া ছাত্ৰ - ছাত্ৰীসকলক এইবাৰৰ পৰা হোষ্টেলৰ মাছুলৰ ৭০০ টকা চৰকাৰে বহন কৰিব আৰু ৫০০ টকা পিতৃ-মাতৃয়ে দিব ৷ এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ব, সেই ছাত্ৰীসকলক বেটাৰীৰে চলোৱা স্কুটী দিয়া হ'ব ৷ তিনি টকীয়া চাউল এটকা হ'ল ৷ এইবাৰ আমি সিদ্ধান্ত লৈছো যে বজাৰত যি ৪০ টকা মূল্যত চেনি পাওঁ, সেই ৪০ টকীয়া চেনি আমি ৰেচনৰ দোকানত ১৫ টকাত দিম আৰু ৪০ টকাৰ কেৰচিন ২০ টকাত পাব ৷ আনহাতে ধনী-দুখীয়া বুলি কথা নাই ৬০ বছৰ পাৰ হ'লেই সকলোৱে বৃদ্ধ পেঞ্চন পাব ৷ অসমৰ প্ৰত্যকগৰাকী বিধবা মহিলালৈ পেঞ্চন আগবঢ়োৱা হ'ব ৷ মহিলা আত্মসহায়ক গোটসমূহলৈ যোৱাবাৰ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হৈছিল যদিও এইবাৰ ৫০ হাজাৰকৈ আগবঢ়োৱা হ'ব ৷ স্বামীৰ মৃত্যু হ'লে এমাহৰ ভিতৰত বিধবা পত্নীক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে এতিয়াৰে পৰা ২৫ হাজাৰ টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কয় ৷ ইয়াৰ উপৰি ছোৱালীক বিবাহৰ সময়ত চৰকাৰে এক তোলাকৈ সোণ বিনামূলীয়াকৈ উপহাৰ দিব বুলিও কয় ৷
ইপিনে নিজৰ বক্তব্যৰ মাজতে বিজেপি নেতা তথা মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৮৫ চনত অগপই কৈছিল যে আমি সোণৰ অসম গঢ়িম ৷ সোণৰ অসম মানে সোণ বুজোৱা নাছিল ৷ ৰাস্তা- ঘাট, স্কুল-কলেজ আদিৰ কথা কৈছিল আৰু যিমানখিনি তেওঁলোকে পাৰিছিল কৰিলে ৷ কিন্তু আজি চাওক ঘটনাৰ কেনেকে পাক খুৱালে ৷ অগপ-বিজেপিৰ চৰকাৰ হ'ল ৷ বছৰি দুই লাখ বিবাহ হয় ৷ বছৰি যদি দুই লাখ তোলা সোণ মানুহৰ ঘৰত যায়, তেতিয়াহ'লে ৫ বছৰত দহ লাখ তোলা সোণ যাব ৷ যদি দহ লাখ তোলা সোণ ঘৰে ঘৰে যায় তেতিয়া সঁচাকৈয়েতো অসমখন অলপ হ'লেও সোণৰ অসম হৈ যাব বুলিও কয় ৷ গতিকে কংগ্ৰেছৰ আছিল সূতা, আমাৰ হ'ল সোণা ৷ গতিকে সূতাৰ পৰা সোণালৈকে কিমান আমি অসমখনৰ পৰিৱৰ্তন কৰিলো সকলোৱে এবাৰ চিন্তা কৰক ৷ অৱশ্যে এই কথাটো চিন্তা কৰিলে তৰুণ গগৈৰ মাথা গৰম হৈ যায় আৰু কয় যে হিমন্তই হাঁহিছে, নাচিছে, কিবা এটা খায়ে নাচিছে ৷ তেওঁ ভাবে মই আছিলো লুঙী-ধুতিত আৰু এইখন চৰকাৰ গুচি গ'ল সোণলৈকে ৷ সেয়ে মাথা বেয়া হৈ যাবই ৷ ক'ত সূতা, ধুতি, লুঙী আৰু আঁঠুৱা আৰু ক'ত কেঁচা কেঁচা সোণ ৷ গতিকে মাথা ঘূৰিব আৰম্ভ কৰে ৷ সেই কাৰণে কংগ্ৰেছৰ মানুহবিলাকৰ আমাৰ কথা শুনিলে মূৰ বেয়া হৈ যায় ৷ তাৰ পিছত গৈ আজমলৰ ভৰিতো পৰে, ইটোৰো ভৰিত পৰে বচাওক বুলি ৷ গগৈয়ে এটা সময়ত কৈছিল হু ইছ আজমল বুলি ? এতিয়া আজমলৰ ভৰিত ধৰি যেনে-তেনে ল'ৰাক জিকাবলৈ চেষ্টা কৰি আছে ৷ আগতে কৈছিল মোৰ গাত লাচিতৰ তেজ আছে, চিলাৰায়ৰ তেজ আছে ৷ এতিয়াতো মানুহবিলাকে কয় তেওঁৰ গাত আজমলৰ তেজ আছে বুলি ৷ তেওঁ নিজৰ ভাষণত আৰু কয় যে আমি সামাজিক নিৰাপত্তাৰ কাম কৰিছো ৷ তাৰ লগে লগে অসমখনক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছো ৷ ৰাস্তা-ঘাট কৰিছো, ফ্লাই অভাৰ নিৰ্মাণ কৰিছো, ধুবুৰী, নলবাৰীত মেডিকেল কলেজৰ কাম চলি আছে ৷ বৰপেটাত মেডিকেল কলেজ হৈছে ৷ নামনি অসমত এইমছ হ'ল ৷ হয়তো দুই - তিনি বছৰৰ ভিতৰত বঙাইগাঁৱতো মেডিকেল কলেজ হ'ব ৷ ইতিমধ্যে ইঞ্জিনীয়াৰিং কলেজ হৈ গ'ল ৷ এতিয়া বঙাইগাঁৱত বিকল্প ৰাস্তা লাগে ৷ গতিকে নিৰ্বাচনৰ পিছত নিজে আহি সকলো দিশ চাই সম্ভব হ'লে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় ৷ টকাৰ কথা নাই ৷
ইপিনে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কয় যে জনজাতিকৰণ কৰিব লাগে ৷ ৰাজ্যসভাত বিধেয়ক উত্থাপন হ'ল, মহাপঞ্জীয়কে অনুমোদন জনালে, অনুসূচিত জনজাতি আয়োগে অনুমোদন জনালে ৷ এয়া মোদীয়ে কৰিলে ৷ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হ'ব লাগে, বঙালী মানুহৰ স্বাৰ্থ আছে নিৰাপত্তা পাব লাগে, দৰিদ্ৰ মানুহৰ স্বাৰ্থ আছে চাকৰি-বাকৰি পাব লাগে, ৰাস্তা- ঘাট হ'ব লাগে ৷ কিন্তু ইয়াৰ বাবে আলাউদ্দিনৰ চাকি নাই যে ফু মাৰি দিলে সকলো হৈ যাব ৷ ইয়াৰ বাবে নিজৰ সাংসদ হলেহে হ'ব, চৰকাৰ হ'লেহে হ'ব ৷ কিন্তু ভোট নিদিয়াকৈ চৰকাৰ হ'ব নেকি? গতিকে আমি সকলোৱে ভোট দিব লাগিব বুলি কয় ৷ কেনেকৈ আমি উত্তৰ পুৰুষৰ কাৰণে শক্তিশালী, বিকশিত, সুৰক্ষিত অসম আমি ৰাখি থৈ যাব পাৰো সেয়া ভাবিব লাগিব ৷ ভোট নিদিলে সেয়া সম্ভৱ নহ'ব ৷ কুমাৰ দীপক দাসক জিকোৱাটো কোনো বহু ডাঙৰ অংক নহয় ৷ যদি ভাৰতক ভাল পোৱা মানুহে, অসমক ভাল পোৱা মানুহে , হিন্দু, মুছলমান,অসমীয়া, বঙালী, নেপালী, বিহাৰী আমি যদি সকলোৱে হিলদল ভাঙি ওলাই আহো কোনে কুমাৰ দীপক দাসক ৰাখিব পাৰিব ? কোনেও ৰাখিব নোৱাৰে ৷ ভোট দিব আহিব লাগে আৰু হাতীৰ ছবিত ভোটটো দিব লাগে ৷ অগপই পৃথিৱীৰ ভিতৰতে ভাল চিম্বল পাইছে ৷ গণেশ বাবাক দেখিলেই মৰম লাগি যায় ৷ সেয়ে পদুম আৰু অগপৰে প্ৰতিদ্বন্দ্বিতা হ'লে মোৰ ভয়ে লাগি থাকে ৷ কাৰণ ভোটটো হাটীৰ পেটতে দিব ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে গণতন্ত্ৰ স্ফূৰ্তিত কৰিব লাগে ৷ টেনচন নাই ৷ ঘৰৰ দেউতা-মাৰ বেমাৰ আছে ৷ ভোটটো দি গুচি যাব ৷ ছোৱালীৰ কষ্ট হ'লে হ'ব ৷ দেশৰ কাৰণে এইটোৱেটো সেৱা, আৰু বেলেগ কি সেৱা আছে ৷ যদি আজমলৰ দৰে মানুহ অসমৰ মুখ্যমন্ত্ৰী হ'ব নালাগে ,আমিতো আৰু হাতে-কামে কৰি ৰাখিব নোৱাৰো ৷ ভোটতো দিয়ে ৰাখিব পাৰিম ৷ যদি ভাৰত মাতৰ জয় ক'ব লাগে, জয় আই অসম ক'ব লাগে আৰু দহ বছৰ পিছত কোনেও যাতে ভাৰত মাতাৰ জয় ক'লে, জয় আই অসম কলে জে'লত সোমাব নালাগে, তেতিয়াহ'লে আমি ভোট দিব লাগিব বুলিও কয় ৷
বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত আৰু কয় যে বীৰ-বীৰাংগনাৰ দেশ এই ভাৰতক কংগ্ৰেছে কাপুৰুষত পৰিণত কৰিছে ৷ আজি সেই ভাৰতবৰ্ষৰ পুৰণা অতীত, পুৰণা ঐতিহ্য নৰেন্দ্ৰ মোদীয়ে ওভতাই অনাৰ চেষ্টা কৰিছে আৰু মই নিশ্চিত আৰু যদি পাঁচ-দহ বছৰ প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী থাকে, ভাৰতৰ গৌৰৱ বিশ্বৰ উচ্চ শিখৰলৈ গুচি যাব ৷ আজি নৰেন্দ্ৰ মোদীৰ কথা আমি কল্পনা কৰো ৷ কিন্তু মনোমহন সিঙো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৷ অসমৰ সাংসদ আছিল ৷ গামোচাখন পিন্ধাত কিয় কৃপণালি কৰিবলগীয়া হৈছিল? গামোচাখন অসমীয়া মানুহৰ গৌৰৱ ৷ মোদী অসমৰ নহয়, মোদী গুজৰাটৰ ৷ মোদীক আমি সাংসদ কৰা নাই, উত্তৰ প্ৰদেশে কৰিছে ৷ কিন্তু আমি সাংসদ কৰা মনোমহন সিঙৰ ডিঙিত অসমীয়া গামোচা নেদেখিলো ৷ কিন্তু মোদী য'তেই যায় অসমীয়া গামোচাখন ডিঙিত পিন্ধি জগত সভালৈ লৈ গ'ল ৷ গোপীনাথ বৰদলৈয়ে পূব পাকিস্তানৰ লগত অসমখনক যোৱাৰ পৰা ৰক্ষা কৰিছিল ৷ আধুনিক অসমৰ তেওঁ নিৰ্মাতা আছিল ৷ কিন্তু গোপীনাথ বৰদলৈক কংগ্ৰেছে ভাৰতৰত্ন নিদিলে ৷ আজি ভূপেন হাজৰিকাক জীয়াই থকা দিনত তেওঁক যদি ভাৰতৰত্ন দিয়া হ'লহেঁতেন, অসমীয়া মানুহৰ হৃদয় গৌৰৱেৰে ওফন্দি থাকিলেহেঁতেন ৷ কিন্তু ভূপেন হাজৰিকাকো জীৱন কালত কংগ্ৰেছে ভাৰতৰত্ন নিদিলে ৷ এই দুয়োজন মহাপুৰুষৰ গোপীনাথ বৰদলৈক অটল বিহাৰী বাজপেয়ীয়ে আৰু ভূপেন হাজৰিকাক নৰেন্দ্ৰ মোদীয়ে মৰণোত্তৰভাৱে ভাৰতৰত্ন দিলে ৷ স্বাধীনতাৰ ৭০ বছৰ পিছতো ২৭ হাজাৰ গাঁৱত বিজুলী-বাতিৰ পোহৰ নাছিল ৷ মোদীয়ে বিজুলী বাতিৰ ব্যৱস্থা কৰিলে ৷ ৮ কৌটি মহিলাৰ ঘৰত উজলা গেছৰ যোগান ধৰিলে ৷ পকী শৌচাগাৰেৰে স্বচ্ছ ভাৰত অভিযানৰ কল্পনা কৰিলে ৷ মোদীয়ে অসমৰ বাট-পথৰ বাবে ৫৫ হাজাৰ কোটি টকা খৰচ কৰিলে ৷ বগীবিলৰ দলং বনালে, ধলা-শদিয়াৰ দলং বনালে, শৰাইঘাটৰ ওপৰত দ্বিতীয় দলং হ'ল ৷ এতিয়া ধুবুৰীৰ ফুলবাৰীত দলং হ'ব, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ব আৰু গহপুৰ আৰু গোলাঘাটৰ মাজত আৰু তিনিখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে মোদীয়ে মঞ্জুৰ কৰিছে ৷ অসমলৈ এইমছ আহিল আৰু ইয়াৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত আগবাঢ়িছে ৷ ২২ হাজাৰ কোটি টকা বিনিয়গেৰে নুমলীগড় শোধানাগাৰৰ ক্ষমতা তিনি মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্বি কৰা হ'ল ৷ আজি অসমৰ ৰাইজে ২০১৪ ত নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পতাৰ পিছত ২০১৬ ত অসমত বিজেপি-অগপ আৰু বিপিএফ দলৰ চৰকাৰ প্ৰতিষ্ঠা কৰিলে বুলিও কয় ৷
সেইদৰে নিজৰ ভাষণত পাকিস্তানৰ ভূমিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰি ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ কথা কৈ এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সম্ভৱ হৈছে বুলিও কয় ৷ কাৰণ পূৰ্বে কংগ্ৰেছ চৰকাৰে এনে কৰিবলৈ সক্ষম হোৱা নাছিল বুলি কয় ৷ উল্লেখ্য যে নিজৰ ভাষণৰ শেষত মন্ত্ৰীগৰাকীয়ে মঞ্চত উপৱিষ্ট দলীয় নেতা-কৰ্মীসকলৰ সৈতে 'আকৌ এবাৰ মোদী চৰকাৰ' শীৰ্ষক নিৰ্বাচনী গীতটোৰ তালে তালে নৃত্য কৰি সকলোকে আনন্দ দিয়ে ৷ তলত সভাত উপস্থিত থকা দলীয় কৰ্মী আৰু সমৰ্থকসকলেও নৃত্য কৰি উল্লাস প্ৰদৰ্শন কৰে ৷ ইপিনে সভাত স্থানীয় অগপ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে নিজৰ ভাষণত কয় যে অসম কংগ্ৰেছ মুক্ত হওক আৰু কংগ্ৰেছ দলটো নিশেষ হোৱাৰ স্বাৰ্থত আগত ৰাখিয়ে আচলতে আমি এই নিৰ্বাচনত বিজেপিৰে মিত্ৰতা স্থাপন কৰি কংগ্ৰেছ নামৰ দলটোক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে প্ৰচেষ্টা চলাইছো ৷ লগতে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ আমোলত ভাৰতবৰ্ষৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ যি আৰ্থ সামাজিক উন্নয়ন হ'ল তাৰ বাবে আজি ভাৰতবৰ্ষৰ লগতে অসমৰ জনসাধাৰণেও আকৌ এবাৰ মোদী চৰকাৰ হোৱাটো কামনা কৰিছে ৷ ইপিনে বিজেপিৰে অগপৰ মিত্ৰতাত কোচ ৰাজবংশীসকলৰো এটা স্বাৰ্থ আছে বুলি মন্তব্য কৰি মন্ত্ৰী চৌধুৰীয়ে কয় যে আমাৰ এটা দীৰ্ঘদিনীয়া দাবী আছে ৷ সেয়া হ'ল আমাৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবী ৷ মই এজন কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক হিচাপে আনন্দিত হৈছো যে মোদী চৰকাৰে যোৱা কাৰ্যকালতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে আন পাঁচটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত কৰিছে ৷ আমি আশা ৰাখিছো যে এবাৰ মোদী চৰকাৰ হোৱাৰ লগে লগে আমাৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীকৰ জনজাতিকৰণ হ'ব আৰু এইটো মোৰ বিশ্বাস বুলি কৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাত বিজেপি দলৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰভাৰী কুশল মালাকাৰ আৰু অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভূপেন ৰায়েও বক্তব্য ৰখাৰ লগতে কুমাৰ দীপক দাসক ভোট দি বিজয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাত অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি সুকেন ৰায়, জিলা অগপৰ সভাপতি বিজয় সিংহ আদিকে ধৰি কেবাগৰাকীও দলীয় নেতা উপস্থিত থাকে ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে আহি বীৰঝৰা উচ্চতৰ মাধ্যমিক খেল পথাৰত উপস্থিত হৈ তাৰ পৰা ওচৰৰে গান্ধী ময়দানত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লয় ৷






0 Response to "বঙাইগাঁৱত মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰহৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ"
Post a Comment