-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ সভা //   ফণীভূষণ চৌধুৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে নহয়, মন্ত্ৰিত্ব হেৰুৱাৰ দুখতহে কান্দিছিল

বঙাইগাঁৱৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ সভা // ফণীভূষণ চৌধুৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে নহয়, মন্ত্ৰিত্ব হেৰুৱাৰ দুখতহে কান্দিছিল





বঙাইগাঁৱৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ সভা 

 ফণীভূষণ চৌধুৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে নহয়, মন্ত্ৰিত্ব হেৰুৱাৰ দুখতহে কান্দিছিল            



   
                          বঙাইগাঁওঃ ১৩ এপ্ৰিলঃ
অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰিত্ব ত্যাগ কৰি ৰেল যোগে বঙাইগাঁওলৈ আহোতে দলীয় কৰ্মীসকলৰ আগত যে হুক হুকাই কান্দিছিল সেয়া নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ দুখত কন্দা নাছিল ৷ কান্দিছিল মন্ত্ৰিত্বৰ পদ যোৱাৰ দুখতহে ৷ এই মন্তব্য কংগ্ৰেছ দলৰ বৰপেটা লোক সভা সমষ্টিৰ প্ৰাৰ্থী আব্দুল খালেকৰ ৷ শনিবাৰে বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিৰ অধীনৰ বামুণীটিলাত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এইদৰে কয় ৷ কংগ্ৰেছ প্ৰাৰ্থী খালেকে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি যেতিয়া বিজেপিৰ সৈতে অগপই মিত্ৰতা ভংগ কৰিছিল তেতিয়া অগপৰ তিনিগৰাকী মন্ত্ৰীয়ে নিজৰ মন্ত্ৰিত্ব পদৰ পৰাও পদত্যাগ কৰিছিল ৷ সেই সময়ত মন্ত্ৰিত্ব ত্যাগ কৰি অগপ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে যেতিয়া ৰেলত উঠি বঙাইগাঁওলৈ আহিছিল, তেতিয়া তেওঁ দলীয় কৰ্মীসকলৰ আগত হক হুকাই কান্দি দিছিল ৷ নিৰ্গত হৈ আছিল তেৱঁৰ চকুৰ পৰা চকু পানী ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি বহুতে ভাবিছিল যে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে  গৃহীত কৰিব বাবে দুখত কান্দিছিল ৷ কিন্তু সেয়া সম্পূৰ্ণ মিছা আছিল ৷ কাৰণ ফণীভূষণ চৌধুৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ লোৱাৰ বাবে কন্দা নাছিল ৷ তেওঁ কান্দিছিল একমাত্ৰ মন্ত্ৰিত্ব যোৱাৰ দুখতহে ৷ কাৰণ যি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত বৰ্তমানেও অটল হৈ আছে, সেই দলটোৰ লগতে পুনৰ অগপই মিত্ৰতা স্থাপন কৰি দলৰ সকলো আদৰ্শ জলাঞ্জলি দিয়াৰ লগতে ফণীভূষণ চৌধুৰীয়েও মন্ত্ৰিত্ব গ্ৰহণ কৰিলে ৷ গতিকে ইয়াৰ পৰাই বুজা যায় যে ফণীভূষণ চৌধুৰীয়ে ক্ষমতাৰ স্বাৰ্থত সকলো নীতি- আদৰ্শ ত্যাগ কৰিব পাৰে ৷
 সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকে আৰু কয় যে যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰী তথা বিজেপি দলে ঘোষণা কৰিছে যে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন  হ'লে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব, সেই সময়ত বিজেপি দলৰ লগত অগপই পুনৰ মিত্ৰতা কৰি বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি কোৱাটো নাটকৰ বাহিৰে আন একো নহয় ৷ সেইদৰে সমষ্টিটোৰ অগপ দলৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সমষ্টিটোৰ একো উন্নয়ন কৰা নাই বুলিও সমালোচনা কৰে ৷  সভাত কংগ্ৰেছ দলে বিধেয়কখনৰ বিৰোধিতা কৰি যাব বুলিও কয় ৷ সভাত বিজেপি দলকো সমালোচনা কৰাৰ লগতে তেৱঁক ভোট দিবলৈকো আহ্বান জনায়  ৷ নিৰ্বাচনী প্ৰচাৰ সভাত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যসহ কেবাগৰাকীয় দলীয় নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে শনিবাৰে পুৱাৰ ভাগৰে পৰা বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত বামুণীটিলাৰ লগতে বিদ্যাপুৰ, বিলাসপুৰ, কাকাৰাগাঁও, বৰপথাৰ, তুলসীঝৰা, ডাংতল আদিকে ধৰি দহটা স্থানত কংগ্ৰেছ দলৰ তৰফৰ পৰা দহখন নিৰ্বাচনী প্ৰচাৰ সভাত অনুষ্ঠিত কৰে ৷ এই নিৰ্বাচনী প্ৰচাৰ সভাবোৰত বৰপেটা লোক সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ লগতে কেবাগৰাকীও নেতাই অগপ আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৷ 

0 Response to "বঙাইগাঁৱৰ বিভিন্ন স্থানত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ সভা // ফণীভূষণ চৌধুৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে নহয়, মন্ত্ৰিত্ব হেৰুৱাৰ দুখতহে কান্দিছিল "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article