-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
কাইলৈৰ পৰা পুৰণি বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু

কাইলৈৰ পৰা পুৰণি বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু




কাইলৈৰ পৰা পুৰণি বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু





                           বঙইগাঁওঃ ১৬ এপ্ৰিলঃ 


অইন অইন বছৰৰ দৰে এইবেলিও বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰিব ৷ পুৰণি বঙাইগাঁওস্থিত ৰঘূনাথ মন্দিৰ খেল পথাৰত উদযাপন কৰিবলগীয়া ৩৫ সংখ্যক ৰঙালী বিহুৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বিহু সন্মিলনীয়ে ৷ কাৰ্যসূচী অনুসৰি ১৭ এপ্ৰিলৰ পুৱা  পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ সভাপতি গিৰিশ বৰুৱাই পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিচত শ্ৰীশ্ৰী ৰঘূনাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হৰেশ্বৰ নাথে শ্বহীদ তৰ্পণ কৰিব ৷ আনহাতে বন্তি প্ৰজ্বলন কৰিব বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক চন্দন কিশোৰ ৰায়ে ৷ পুৱাৰ ভাগৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত স্থানীয় জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা অনুষ্ঠান আৰু  খেল - ধেমালি অনুষ্ঠিত হ'ব ৷ খেল- ধেমালি উদ্বোধন কৰিব প্ৰাক্তন কৃতি খেলুৱৈ মহেশ চৌধুৰীয়ে ৷ সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় ন- পুৰণি শিল্পীৰ লগতে বৰষা বৰাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব ৷ ইপিনে ১৮ এপ্ৰিলৰ পুৱাৰ ভাগত খেল - ধেমালি, দুপৰীয়া, মহিলাৰ ৰছী টনা খেল আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী সুবাসনা দত্ত আৰু পংকজ দুৱৰাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলি বিহু সন্মিলনীৰ তৰফৰ পৰা জানিবলৈ দিছে ৷ 

0 Response to "কাইলৈৰ পৰা পুৰণি বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু"

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article