Thursday, May 2, 2019
Comment
বঙাইগাঁৱত মুকলি হ'ল চকু ৰোগ নিৰাময় কেন্দ্ৰ
বঙাইগাঁওঃ ২৭ এপ্ৰিলঃ
অাজি বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত লায়ন্স ক্লাবত এটা চকুৰোগ নিৰাময় কেন্দ্ৰ মুকলি কৰা হয় । কেন্দ্ৰটো মুকলি কৰে বঙাইগাঁৱৰ বিধায়ক তথা খাদ্য অাৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। মন্ত্ৰী চৌধুৰীয়ে চকুৰোগ নিৰাময় কেন্দ্ৰটোৰ দ্বাৰা বঙাইগাঁৱৰ দুখীয়া অাৰু গাঁও অঞ্চলৰ ৰাইজ উপকৃত হোৱাৰ কথা নিজৰ ভাষণত প্ৰকাশ কৰে।
কেন্দ্ৰটো মুকলি কৰাৰ অাগেয়ে অনুষ্ঠিত উদ্বোধনী সভাত গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ সঞ্চালক তথা চকুৰোগৰ চিকিৎসক হৰ্ষ ভট্টাচাৰ্যই বঙাইগাঁও জিলাৰ এশখন গাঁৱৰ চকুৰ ৰোগীসকলক নতুনকৈ মুকলি কৰা কেন্দ্ৰটোৰ জৰিয়তে বিনামূলীয়া চিকিৎসা সেৱা অাগবঢ়োৱাৰ পৰিকল্পনা লোৱা বুলি ভাষণত কয় ৷ উল্লেখ্য যে লায়ন্স ক্লাব অাৰু শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ যুটীয়া উদ্যোগত মুকলি কৰা কেন্দ্ৰটোত চকুৰোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে জটিল চকুৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ বাবে গুৱাহাটীত নিয়াৰ সুবিধা থাকিব বুলিও ডাঃ ভট্টাচাৰ্যই কয় । লগতে জিলাখনৰ অাৰু অধিক সংখ্যক গাঁৱৰ চকুৰোগীসকলে যাতে এনেকুৱা বিনামূলীয়া সেৱা লাভ কৰিব পাৰে , ইয়াৰ বাবে ডাঃ ভট্টাচাৰ্যই মন্ত্ৰী চৌধুৰীৰ পৰা কিছু অাৰ্থিক সাহাৰ্য বিচাৰে।
গাঁও অঞ্চলত যিহেতু এতিয়াও চকুৰ যত্ন অাৰু ৰোগ সম্পৰ্কে লোকসকল সজাগ নহয় সেয়ে তেওঁলোকক এইক্ষেত্ৰত অধিক সজাগ কৰাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে ডাঃ ভট্টাচাৰ্যই। অাজিৰ এই অনুষ্ঠানত বঙাইগাঁও লায়ন্স ক্লাবৰ সদস্য-শুভাকাংক্ষী, স্থানীয় বিশিষ্ট ব্যক্তি অাৰু শ্ৰীশংকৰদেৱ নেত্ৰালয়ৰ অন্যান্য চিকিৎসকসকল উপস্থিত থাকে।



0 Response to " "
Post a Comment