-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁৱত ডাইনী সন্দেহত সত্তৰ (৭০) বছৰীয়া বৃদ্ধক নিৰ্যাতনঃ তীব্ৰ প্ৰতিক্ৰিয়া 

বঙাইগাঁওঃ৮ জুনঃ বিজ্ঞানৰ অগ্ৰতিৰ যুগতো যে এচাম লোকে এতিয়াও পুৰণিকলীয়া অন্ধ বিশ্বাসক বুকুত সাৱতি আছে তাৰ জ্বলন্ত প্ৰমাণ আজি বঙাইগাঁও চহৰৰ নিকতৱৰ্তী পুৰণি বঙাইগাঁৱত উন্মোচিত হ'ল ৷ শিক্ষিত তথা চাকৰিয়াল হোৱা স্বত্বেও এজন লোকে নিজৰ ঠেক মানসিকতা তথা কুসংস্কাৰৰ বশৱৰ্তী হৈ এক মাত্ৰ অন্ধ বিশ্বাসৰ বাবেই এগৰাকী ৭০ বছৰীয়া বৃদ্ধক ডাইনী সজাবলৈ চলালে অপচেষ্টা ৷ ডাইনী সন্দেহত নিৰ্যাতনৰ বলি হোৱা বৃদ্ধগৰাকী হ'ল বিধানু বৰ্মন৷ ইতিমধ্যে এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে বঙাইগাঁও চহৰৰ নিকটৱৰ্তী পুৰণি বঙাইগাঁও যোগীপাৰা নিবাসী বিধানু বৰ্মন নামৰ বৃদ্ধগৰাকীয়ে আন দিনাৰ দৰে আজিও পুৱাৰ ভাগত পুৰণি বঙাইগাঁও বুনিয়াদী চ'কত বজাৰ কৰিবলৈ আহিছিল ৷ বজাৰ কৰাৰ পিছত তেওঁ এখন চাহৰ দোকানত চাহ খাই থকা অৱস্থাত তৰুণ বৰ্মন নামৰ স্থানীয় ব্যক্তিজন উপস্থিত হৈ বৃদ্ধ ব্যক্তিজনক গালি-গালাজ কৰাতে ক্ষান্ত নাথাকি ডাইনী বুলিও অভিহিত কৰে ৷ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰি কয় যে তেওঁৰ তন্ত্ৰ-মন্ত্ৰৰ বাবেই গাওঁখনত বেমাৰ-আজাৰে ছানি ধৰিছে ৷ একেদৰে তৰুণ চন্দ্ৰ বৰ্মনৰ ঘৰতো পৰিয়ালৰ সদস্যসকল বিভিন্ন বেমাৰত আক্ৰান্ত হ'বলগীয়া হৈছে ৷ এনে নাভূত- নাশ্ৰূুত কথা শুনি বৃদ্ধগৰাকীয়ে কয় যে তেওঁ কোনো তন্ত্ৰ-মন্ত্ৰৰ লগত জৰিত নহয় ৷ এনেই তেওঁক মিছা অপবাদ দিয়া হৈছে ৷ কিন্তু তৰুণ চন্দ্ৰ বৰ্মনে ইয়াৰ পিছতো ক্ষান্ত নহয় আৰু বৃদ্ধজন যদি তন্ত্ৰ-মন্ত্ৰৰ লগত জড়িত নহয়, তেতিয়াহ'লে গাঁওখনৰ ভগৱতী আইৰ মন্দিৰত শপত খাবলৈ কয় আৰু জোৰ জুলুমকৈ বৃদ্ধ লোকজনক মন্দিৰলৈ লৈ যায় ৷ উপায় নেপাই বৃদ্ধ লোকজনেও মন্দিৰত শপত খাবলৈ বাধ্য হয় ৷ ইয়াৰ পিছত স্থানীয় ৰাইজে ঘটনাটো জানিব পাৰি তৰুণ চন্দ্ৰ বৰ্মনক ওভতি ধৰে ৷ লগতে বিজ্ঞানৰ অগ্ৰগতিৰ যুগতো তেওঁৰ দৰে এজন শিক্ষিত আৰু চাকৰিয়াল লোকে গাঁওখনৰে এজন নিৰীহ বৃদ্ধ লোকক ডাইনী সন্দেহত নিৰ্যাতন চলোৱা কাৰ্যক ধিক্কাৰ দিয়ে ৷ পিছত বৃদ্ধ লোকজনৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও স্থানীয় একাংশ সচেতন ব্যক্তিৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে ৷ ইপিনে এই ঘটনাৰ পিছতে বিয়লিৰ ভাগত বিধানু বৰ্মনে তৰুণ চন্দ্ৰ বৰ্মন আৰু তেওঁৰ পত্নী নৰ্মে ৰায় বৰ্মনৰ  বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰত বিধানু বৰ্মনে উল্লেখ কৰা মতে তৰুণ চন্দ্ৰ বৰ্মন আৰু তেওঁৰ পত্নীয়ে বহুদিনৰ পৰা তেওঁক কুমন্ত্ৰকাৰী তথা ডাইনী বুলি সন্দেহ কৰি অন্ধ বিশ্বাসত লিপ্ত হৈ বিভিন্ন সময়ত বিভিন্ন স্থানত বদনাম কৰাৰ লগতে অপদস্থ কৰি অাহিছে ৷ কিন্তু এনে মানসিক অত্যাচাৰ পাই অহাৰ পিছতো তেওঁ সকলোখিনি নিৰবে সহ্য কৰি আহিছিল ৷ আজি বহু মানুহৰ মাজতে তৰুণ চন্দ্ৰ বৰ্মনে তেওঁক মানসিকভাৱে অত্যাচাৰ কৰি অপদস্থ কৰাৰ লগতে বিভিন্ন  ভয়-ভাবুকি দিয়া বুলি উল্লেখ কৰিছে ৷ উল্লেখ্য যে বৃদ্ধ ব্যক্তিজনক ডাইনী সন্দহত নিৰ্যাতন চলোৱা তৰুণ চন্দ্ৰ বৰ্মন এজন বীমা কোম্পানীৰ চাকৰিয়াল ৷ শিক্ষিত লোক হৈও অন্ধ বিশ্বাস তথা কুসংস্কাৰত বিশ্বাসী এনে লোকৰ কাণ্ডকলৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ লগতে এনে অন্ধ বিশ্বাসক প্ৰশ্ৰয় দিয়া লোকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো সচেতন মহলে পোষকতা কৰিছে ৷ অন্যথা সমাজৰ পৰা এনে অন্ধ বিশ্বাস আঁতৰ নহ'ব বুলিও মন্তব্য কৰিছে ৷

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article