Wednesday, September 18, 2019
Comment
বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সংবাদ মেল
কংগ্ৰেছ কৰ্মীৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্তক ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ সাংসদ আব্দুল খালেকৰ
গৰুৰ ছিণ্ডিকেটৰ সৈতে জড়িত মন্ত্ৰী ফণীভূষণ চৌধুৰীঃ শংকৰ প্ৰসাদ ৰায়
বঙাইগাঁওঃ৮ জুনঃ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিকিবিকিৰ চাবেৰ আলী নামৰ কংগ্ৰেছ দলৰ কৰ্মীগৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্তক বঙাইগাঁও আৰক্ষী প্ৰশাসনে বৰ্তমানলৈকে গ্ৰেপ্তাৰ নকৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ আনকি হত্যাকাৰীক ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছে ৷ কালি(শুকুৰবাৰে )বিয়লি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদ মেলত সংসদগৰাকীয়ে কয় যে বিগত ২৬ এপ্ৰিলত চিকিবিকি গাঁৱৰ বাসিন্ধা তথা কংগ্ৰেছ কৰ্মী চাবেৰ আলিক জেহেৰুল ইছলাম আৰু তেওঁৰ এদল গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ৷ পিছত গুৰুতৰভাৱে আহত চাবেৰ আলিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে ২৮ এপ্ৰিলত মৃত্যু হৈছিল ৷ মৃত চাবেৰ আলি অতি দুখীয়া ঘৰৰ লোক আছিল ৷ তিনিটাকৈ সৰু সৰু সন্তান আছে ৷ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত কেইজনমানক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত জেহেৰুল ইছলামক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই বুলিও প্ৰকাশ কৰে ৷ সাংসদগৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰা মতে কংগ্ৰেছ কৰ্মীজনৰ হত্যাকাণ্ডত অভিযুক্ত জেহেৰুল ইছলাম এজন অগপ কৰ্মী ৷ জেহেৰুল ইছলামৰ পত্নী অসম গণ পৰিষদ দলৰ গাঁও পঞ্চায়তৰ সদস্যা ৷ সেয়ে জেহেৰুল ইছলামক মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৰাজনৈতিক ৰক্ষণাবেক্ষণ দি থকা বুলি সাংসদগৰাকীয়ে অভিযোগ কৰে ৷ এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভূমিকাকো তেওঁ সমালোচনা কৰে ৷ তেওঁ কয় যে সমগ্ৰ অসমত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ স্বচ্চ ভাৱমূৰ্তি আছে ৷ মইও বিশ্বাস কৰিছিলো আৰু এতিয়াও বিশ্বাস কৰো ৷ কিন্তু মই আচৰিত হৈছো যে ২৬ এপ্ৰিলতে তেওঁৰ সমষ্টিত এই হত্যাকাণ্ড সংঘটিত হৈছে আৰু তেওঁৰ দলৰে এজন সদস্যৰ বিৰুদ্ধে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো এতিয়ালৈকে কিন্তু হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই ৷ তাৰোপৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়েও আজিলৈকে মৃত চাবেৰ আলীৰ পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি পোৱা নাই ৷ এই হত্যাকাণ্ডৰ বলি হোৱা চাবেৰ আলী সাধাৰণ আৰু দুখীয়া পৰিয়ালৰ লোক আছিল আৰু তিনিটাকৈ সন্তান আছে ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে মানৱতাৰ খাতিৰত হ'লেও মৃত চাবেৰ আলীৰ ঘৰত এবাৰ যোৱাৰ প্ৰয়োজন আছিল বুলি ভাবো ৷ এতিয়াও সময় উকলি যোৱা নাই। গতিকে দলীয় ৰাজনীতি পৰিহাৰ কৰি অসমৰ ৰাইজৰ মাজত তেওঁৰ যি উজ্জ্বল ভাবমূৰ্তি আছে, এই ভাবমূৰ্তি যাতে তেওঁ বাহাল ৰাখে তাৰ বাবে পৰিয়ালটোৰ খবৰ ল'বলৈ আহ্বান জনায় ৷ লগতে হত্যাকাণ্ডটোৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীক নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবলৈও আহ্বান জনায় ৷ অৱশ্যে হত্যাকাণ্ড সংঘটিত হৈ যোৱাৰ সুদীৰ্ঘ দিন পাৰ হৈ যোৱাৰ পিছতো মূল অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱাটো ৰহস্যজনক বুলি কয় ৷ সাংসদজনে চাবেৰ আলীৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড আৰু নিৰ্মম হত্যাকাণ্ড বুলি মন্তব্য কৰি এই হত্যাকাণ্ডৰ উচিত বিচাৰ তথা তদন্তৰ দাবী জনায় ৷ লগতে দুই- তিনিদিনৰ ভিতৰত যদি আৰক্ষী প্ৰশাসনে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কংগ্ৰেছ দলে সমগ্ৰ বিষয়টো শীৰ্ষ পৰ্যায়লৈ লৈ যোৱাৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিব বুলিও কয় ৷ ইপিনে 'ডি' ভোটাৰ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে হিন্দুত্ববাদৰ কথা কৈ ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ আমোলত হিন্দুসকলেও 'ডি' ভোটাৰ আৰু সন্দেহযুক্ত বিদেশীৰ নামত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ৷ তেওঁৰ মতে বিজেপি চৰকাৰৰ আমোলত বাংলাদেশতকৈ অসমতহে হিন্দু বাঙালীসকলে অধিক অত্যাচাৰ আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলিও কয় ৷ উল্লেখ্য যে সাংসদগৰাকীয়ে হত্যাৰ বলি হোৱা চাবেৰ আলীৰ গৃহত উপস্থিত হৈ পৰিয়ালটোৰ খা-খবৰো লয় ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে অগপ দলৰ জ্যেষ্ঠ নেতা, বঙাইগাঁৱৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী গৰুৰ ব্যৱসায়ৰ ছিণ্ডিকেটৰ লগত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদ মেলত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰি কয় যে বিধায়কগৰাকীৰ নিকা ভাবমূৰ্তি থকা বুলি কয় যদিও আচলতে তেনে কোনো নিকা ভাবমূৰ্তি নাই ৷ কেৱল টকাৰ জোৰত আৰু আনৰ কান্ধত উঠিহে নিৰ্বাচনত জয়ী হৈ আছে ৷ ইপিনে জিলাখনত বহু অনৈতিক ঘটনা সংঘটিত হৈ আছে বুলি মন্তব্য কৰি জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ফণীভূষণ চৌধুৰীয়ে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ কথা কৈ আহিছে যদিও ইয়াত গৰুৰ ব্যৱসায়ৰ ছিণ্ডিকেট চলি আছে ৷ তেওঁলোক আহক, আমি কোন কোন ট্ৰাকত গৰু গৈ আছে সেই গাড়ীৰ নম্বৰবোৰ কৈ দিম আৰু কোন পথেৰে যায় তাকো কম ৷ আমি মুখ খোলা নাই ৷ ধৈৰ্য ধৰি আছো ৷ তিনি বছৰ চালো ৷ গতিকে মুখ্যমন্ত্ৰী আৰু ফণীভূষণ চৌধুৰীয়ে সততাৰ কথা কৈ লাভ নাই ৷ জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আনকি গৰু ব্যৱসায়ৰ চিণ্ডিকেটৰ সৈতে স্থানীয় মন্ত্ৰীগৰাকী জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ উপৰিও স্থানীয় মন্ত্ৰীগৰাকীৰ জ্ঞাতসাৰেই বঙাইগাঁও জিলাত তীৰ খেল, কয়লাৰ চিণ্ডিকেট,অবৈধ মদৰ বেহাকে ধৰি নানা অনৈতিক কাম চলি থকা বুলিও অভিযোগ কৰে ৷ কংগ্ৰেছ নেতা গৰাকীয়ে এই বিষয়সমূহক লৈ জিলা কংগ্ৰেছে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰিব বুলি প্ৰকাশ কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে ৷ সংবাদ মেলত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কংগ্ৰেছ কৰ্মীগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত কয় যে হত্যাকাণ্ডটোত দহজন লোক জড়িত আছিল যদিও আৰক্ষীয়ে পাঁচজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু মূল অভিযুক্ত জেহেৰুল ইছলাম আৰু আন চাৰিজনক গ্ৰেপ্তৰ কৰা হোৱা নাই ৷ এই ক্ষেত্ৰত ৰাজনৈতি হস্তক্ষেপ আছে বাবে প্ৰশাসনে আগবাঢ়িব পৰা নাই বুলি আমাৰ সন্দেহ হৈছে ৷ গতিকে ফণীভূষণ চৌধুৰীয়ে ৰাজনৈতিক হস্তক্ষেপ বাদ দিয়ক আৰু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক কাম কৰাৰ সুযোগ দিয়ক ৷ আমাৰ কংগ্ৰেছ দলত যদি কোনোবা হত্যাকাৰী থাকে বা অসামাজিক কামত জড়িত মানুহ থাকে তেতিয়াহ'লে আমি তৎকালীনভাৱে তেনে লোকক উলিয়াই দিম ৷ তেওঁৰ যদি সাহস আছে উলিয়াই দিয়ক ৷ কিন্তু তেওঁৰ সাহস নাই ৷ এনে অসামাজিক কাম কৰিয়ে তেওঁ বিধায়ক হৈ আছে ৷ মানুহে এতিয়া এইবোৰ বুজি পাইছে বুলিও কয় ৷ উল্লেখ্য যে বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত বৃহস্পতিবাৰে বিয়লিৰ ভাগত বঙাইগাঁৱত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ লগতে বিভিন্ন অঞ্চলো পৰিদৰ্শন কৰে ৷ পিছত শুকুৰবাৰে বিয়লিৰ ভাগত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আদিৰ সৈতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ সংবাদ মেল সম্বোধন কৰে ৷ সংবাদ মেলত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য, জিলা কংগ্ৰেছৰ সম্পাদক প্ৰদীপ লোধ ৰায় আদিও উপস্থিত থাকে ৷ সংবাদ মেলৰ পিছতে সাংসদগৰাকীয়ে প্ৰেছ ক্লাবৰ সদস্যসকলৰ সৈতে মত বিনিময়ো কৰে ৷ নৱ নিৰ্বাচিত সাংসদগৰাকীক প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয় ৷
0 Response to " "
Post a Comment