-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
বঙাইগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উদযাপন


বঙাইগাঁওঃ১১ জুনঃ বঙাইগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত সাত জুনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস পালন কৰা হয় ৷ এই উপলক্ষে গীতিকবিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় শাখাৰ জ্যোষ্ঠ সদস্য কুঞ্জ নাৰায়ণ দেৱে ৷ ইয়াৰ পিচতে শাখাৰ সভানেত্ৰী নলিনী মজুমদাৰৰ সভাপতিত্বত এখন স্মৃতি চাৰণ সভা অনুষ্ঠিত হয় ৷ শাখাৰ সম্পাদিকা মীনা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত মাণিক শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাই তেওঁৰ নিজৰ গীতসমূহতকৈ গীতিকবিৰ গীততহে বেছিকৈ মনোনিৱেশ কৰিছিল বুলি ব্যক্ত কৰিছিল ৷ গীতিকবি বৰুৱাৰ গীতসমূহত ভূপেন হাজৰিকাই কন্ঠদান কৰাৰ বাবে সমগ্ৰ অসমতেই গীতসমূহে জনপ্ৰিয়তা লাভ কৰে ৷ পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতসমূহত মাটিৰ গোন্ধ পোৱা যায় বুলিও কয় ৷ আনহাতে সমজুৱাৰ ফালৰ পৰা বিশিষ্ট চিকিৎসক আৰু সমাজকৰ্মী ডাঃ ফিৰোজ আহমেদে কয় যে আকাশবাণী গুৱাহীটীৰ পৰা প্ৰচাৰিত গীতিমালিকাৰ বেছিভাগ গীতেই পাৰ্বতী প্ৰসাদ বৰুৱাৰ আছিল ৷ তেওঁৰ প্ৰতিটো গীততে গ্ৰাম্য জীৱনৰ চিত্ৰ পৰিষ্ফুত হৈছিল বুলিও কয় ৷ সেইদৰে বঙাইগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মাই কয় যে পাৰ্বতী প্ৰসাদ বৰুৱাই এটি আঢ্যবন্ত পৰিয়ালত জন্মিও জীৱনত বহু ঘাট- প্ৰতিঘাটেৰে জীৱনটো পাৰ কৰিবলগীয়া হৈছিল ৷ অনুষ্ঠানত ডাঃ ৰঞ্জিত দাস, বিনীতা শৰ্মা,ভক্তিমণি শৰ্মা, প্ৰদীপ শৰ্মা আদিয়ে গীত পৰিৱেশন কৰাৰ লগতে শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা,নগেন হাজৰিকা,গীতা দেৱী, মনুচাঁদ সিংহ,পবিত্ৰ নাথ, মঞ্জুপ্ৰভা বৰুৱা ডাকুৱাই কবিতা পাঠ কৰে ৷ আনহাতে মানবেন্দ্ৰ দাস আৰু মীনা দেৱীয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ কবিতা আবৃতি কৰে ৷ সভাত ড৹ মুনীন্দ্ৰ নাথ ঠাকুৰীয়া আৰু দীপাক দত্তইও দুআষাৰ বক্তব্য ৰাখে ৷ 

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article