Wednesday, September 18, 2019
Comment
মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও বিজি শাখাৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন
নতুন সমিতি গঠন
বঙাইগাঁওঃ ৯ জুনঃ 'ইতিহাস তেওঁলোকে সুঁৱৰিব পাৰে যাৰ অতীতত ইতিহাস থাকে ৷ ভাৰতীয় ৰে'ল জীৱনত অল ইণ্ডিয়া ৰে'লৱেমেনচ ফেডাৰেচন আৰু উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বলিদানৰ ৰক্তাক্ত ইতিহাস আছে ৷ শ্ৰমিকৰ স্বাৰ্থৰ হকে , শ্ৰমিকৰ নাৰ্য দাবীৰ বাবে এ আই আৰ এফ তথা মজদুৰ ইউনিয়নে জন্মৰ দিনৰে পৰাই বলিষ্ঠ কণ্ঠে দাবী জনাই আহিছে ৷ প্ৰয়োজনত আন্দোলনৰ পথত নামিছে আৰু ছহিদৰ ৰক্তৰ বিনিময়ত শ্ৰমিকৰ নাৰ্য প্ৰাপ্য আজুৰি আনিছে'৷ এই ভাষ্য উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ সহ সম্পাদক মনোজ সিঙৰ ৷ আজি উত্তৰ পূৱ সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও বিজি শাখাৰ ৩৮ সংখ্যক বাৰ্ষিক অধিবেশনৰ মুকলি সভাত ভাষণ প্ৰদান কৰি নেতাগৰাকীয়ে এইদৰে কয় ৷ উল্লেখ্য যে মজদুৰ ইউনিয়নৰ নিউ বঙাইগাঁও বিজি শাখাৰ বাৰ্ষিক অধিবেশনখন আজি শাখাৰ সভাপতি মনোৰঞ্জন নায়কৰ দ্বাৰা পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় ৷ এই কাৰ্যসূচীৰ পিছতে ছহিদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰ পিছতে স্বৰ্গীয় প্ৰণতি আইদেউ মেধী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় মুকলি সভা ৷ ইউনিয়নৰ উপ সভাপতি ফণীধৰ দাসে সঞ্চালনা কৰা মুকলি সভাত ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাস, সহ সম্পাদক মনোজ সিং, চুচেন হাজৰিকা , সাংগঠনিক সম্পাদক পুলক গগৈ আৰু সমীৰ চুনী মুছাহাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ এই সভাতেই আগন্তুক ২০১৯-২০ বৰ্ষৰ বাবে মনোৰঞ্জন নায়কক সভাপতি , মৃণাল শীলক সম্পাদক আৰু ৰাকেশ শ্বাহক কোষাধ্যক্ষ ৰূপে লৈ ১৯ জনীয়া শাখা সমিতিখন গঠন কৰা হয় ৷ লগতে অলেশ্বৰী ব্ৰহ্মক সভানেত্ৰী আৰু মামনি শীলক সম্পাদিকা হিচাপে লৈ ১৬ জনীয়া মহিলা সমিতি আৰু অভিজিৎ বেনাৰ্জীক সভাপতি আৰু ডালিম ৰবি দাসক সম্পাদক হিচাপে লৈ ১৯ জনীয়া যুব সমিতিখন গঠন কৰা হয় ৷
0 Response to " "
Post a Comment