Friday, April 10, 2020
Comment
- চিৰাঙত বন্যহস্তীৰ আক্ৰমণত ৪৫ বছৰীয়া মহিলা নিহত
🔯বঙাইগাঁওঃ ৯ এপ্ৰিলঃ
👉#চিৰাঙৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ শিমলাঝাৰত বন্যহস্তীৰ আক্ৰমণত ৪৫ বছৰীয়া মহিলা এগৰাকী নিহত হয় ৷ জানিব পৰা মতে জংঘলত গৰু আনিবলৈ যোৱা সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে মহিলাগৰাকীক ৷ ফলত থিতাতে নিহত হয় মহিলাগৰাকী ৷ নিহত মহিলাগৰাকী এক নং বিষ্ণুপুৰৰ পবিতৰা মণ্ডল(৪৫) ৷ উক্ত ঘটনাৰ খবৰ পাই আৰক্ষী আৰু বন বিভাগৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আনি পৰিয়ালক সমজাই দিয়ে ৷ ইফালে বন বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে অঞ্চলটোত বৃদ্ধি পাইছে জীৱ- জন্তু ৷ শিমলাঝাৰ অঞ্চলটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভূক্ত কৰা হৈছে বুলি ২০১৬ চনতে ঘোষণা কৰিছে । লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত মানুহ সমোৱা নিষেধ কৰি দিয়া হৈছিল । তাৰোপৰি দাঁতিকাষৰীয়া গাঁওসমূহত বন বিভাগৰ পৰা জাননীও দিছিল । কিন্তু বিভাগে জাননী দিয়াৰ পাছতো গঞা ৰাইজে জংঘলত প্ৰৱেশ কৰা বুলি দুখ প্ৰকাশ কৰে বন বিষয়াই ।
0 Response to " "
Post a Comment