-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

নিজামুদ্দিন ফেৰৎ হাজী জামালুদ্দিনৰ বঙাইগাঁও জিলা ভ্ৰমণৰ তথ্য প্ৰকাশ স্বাস্থ্য বিভাগৰ 

সংস্পৰ্শলৈ অহা চিকিৎসকৰ নমুনাৰ ৰিজাল্ট আহিল নিগেটিভ  

                      বঙাইগাঁও ৯ এপ্ৰিলঃ 


🔯নিজামুদ্দিন মাৰ্কাজ ফেৰৎ ধুবুৰী জিলাৰ চাপৰৰ হাজী জামালুদ্দিন নামৰ ব্যক্তিজনৰ কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতে বঙইগাঁও জিলাৰো বিভিন্ন স্থান ভ্ৰমণ কৰাৰ লগতে বিভিন্নজনৰ সংস্পৰ্শলৈ অহাৰ তথ্য প্ৰকাশ পাইছে ৷ যাৰ বাবে এতিয়া জিলাখনতো এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে ইতিমধ্যে ৰোগীজনৰ ভ্ৰমণৰ তথ্যসমূহ আহৰণ কৰি কিমান লোক সংস্পৰ্শলৈ আহাৰ লগতে আহিব পাৰে সেই সমুদায় দিশ চালি-জাৰি চাই আছে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে ৷ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে ৰোগীজন প্ৰাৰম্ভিক পৰ্যায়ত বঙাইগাঁও জিলাৰো বিভিন্ন স্থান ভ্ৰমণ কৰিছিল । যোৱা ৯ মাৰ্চত দিল্লীৰ পৰা ১২৪২৪ নম্বৰ ৰাজধানী এক্সপ্ৰেছ ৰেল গাড়ীখনৰ বি-১ ডবাৰ যাত্রী হিচাপে আহি ১১ মাৰ্চত গুৱাহাটীত উপস্থিত হৈছিল হাজী জামালুদ্দিন । গুৱাহাটীত তেওঁ আঠগাঁও মছজিদত নিশাটো থাকি ১২ মাৰ্চৰ সন্ধ্যা ৫ বজাত চিলাৰায় যাত্ৰীবাহী ৰে'লেৰে আহি নিশা ৯ বজাত অভয়াপুৰী ৰে'ল ষ্টেচনত উপস্থিত হয় ৷ পিছত নিশা ১০ বজাত তেওঁ পোনে পোনে পুত্রৰ গাড়ীৰে চাপৰৰ নিজ গৃহলৈ যাত্রা কৰে । আনহাতে ১৪ মাৰ্চত তেওঁ বিলাসীপাৰালৈ গৈ তাত ভাৰকন্দা পিপলছ একাডেমিত দুজন ব্যক্তিৰ সৈতে থাকে । সেই ব্যক্তি দুজনৰ সম্ভেদ এতিয়ালৈ পোৱা হোৱা নাই । ইয়াৰ পাছত ১৫ মাৰ্চত তেওঁ বিলাসীপাৰাৰ পৰা চাপৰৰ নিজ ঘৰলৈ উভতি যায় ৷ তাৰ পাছৰ ছয় দিন তেওঁ ঘৰতে থাকে আৰু কোভিড-১৯ ৰ লক্ষণ দেখা দিয়াত ১৮ মাৰ্চত বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ আহে । 
তাত চিকিৎসকৰ পৰামৰ্শলৈ দুপৰীয়া পুনৰ নিজা গাড়ীৰে চাপৰৰ ঘৰলৈ উভতি যায় । বঙাইগাঁও অসামৰিক চিকিৎসালয়ত তেওঁ টিকত কাউণ্টাৰ, চকু, নাক,কাণ বঃহি বিভাগ , সাধাৰণ পৰীক্ষাগাৰ , হিন্দলেৱ পৰীক্ষাগাৰ, চিকিৎসালয়ৰ ফাৰ্মাচী, আইচিটিচি আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা ফাৰ্মাচীলৈও গৈছিল । ইপিনে তেওঁ ঘৰত থকা অৱস্থাত চাপৰ বজাৰ , বিলাসীপাৰা , ঝাউকুৰা মছজিদ আৰু নিজৰ চাউলৰ দোকানলৈ যোৱাৰ লগতে ব্যৱসায় সংক্ৰান্তত বিভিন্ন ব্যক্তিকো লগ কৰিছিল । ইয়াৰ পাছত যোৱা ৭ এপ্ৰিলত তেওঁ কোভিড-১৯ ত আক্ৰান্ত হোৱাটো নিশ্চিত হয় । উল্লেখ্য যে এই ৰোগীজনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও জিলাৰ অসামৰিক চিকিৎসালয়খনৰ চিকিৎসকগৰাকীৰ লগতে মুঠ ৩৩ জন ব্যক্তিক ইতিমধ্যে আছুতীয়াকৈ ৰখা হৈছে ৷ ইয়াৰে ভিতৰত ১৩ জন বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত আৰু বাকী ২০ জনক গৃহ অসংক্ৰামন্যতাত ৰখা হৈছে ৷ ইপিনে ৰোগীজনৰ সংস্পৰ্শলৈ অহা বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসকগৰাকীৰ নমুনাৰ ৰিজাল্ট নিগেটিভ অহা বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখ্য যে বঙাইগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে লৈছে আৰু ৰোগীজনে বঙাইগাঁও জিলাত কৰা ভ্ৰমণৰ সময়ত যদি কোনো ব্যক্তি উক্ত স্থানসমূহত তেওঁৰ প্ৰত্যক্ষ সম্পৰ্কলৈ আহিছে ,তেতিয়াহ'লে সেই ব্যক্তিসকলক বঙাইগাঁও জিলা কোভিড- ১৯ নিয়ন্ৰণ কক্ষৰ ৭০৮৬৭৯৩৫০৭ মোৱাইল নম্বৰ অথবা ০৩৬৬৪ ২৩১১৭১ ফোন নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে ৷ 

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article