Friday, May 1, 2020
Comment
বঙাইগাঁৱত পুনৰ চাৰিজন ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড- ১৯ পজিটিভ
ৰেড জ'ন ঘোষণা চৰকাৰৰ
পাঁচজনলৈ বৃদ্ধি পালে জিলাখনৰ আক্ৰান্ত ৰোগীৰ সংখ্যা
অসমত কোনো কণ্টেক্ট হিষ্ট্ৰী নথকাকৈ চাৰিজনকৈ ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰা এয়াই প্ৰথম ঘটনা-- ড°হিমন্ত বিশ্ব শৰ্মা
বঙাইগাঁওবাসীক সাৱধানে থাকিবলৈ আহ্বান
বঙাইগাঁওঃ ৩০ এপ্ৰিলঃ
🔯বঙাইগাঁও জিলাত ক্ৰমাৎ কোৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ যিটো ঘটনাই ৰাজ্যৰ স্বাস্থ্য বিভাগকো চিন্তিত কৰি তুলিছে ৷ জিলাখনত আজি পুনৰ চাৰিজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাত সমগ্ৰ জিলাবাসীৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ আজি ৰাজ্যৰ স্বাস্থ্য ,বিত্ত তথা শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খোদ বঙাইগাঁও জিলাত নতুনকৈ চাৰিজন ব্যক্তি কোভ্ড- ১৯ ত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে যোৱা ২৮ এপ্ৰিলত বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অধীনৰ চাৰি নম্বৰ নোৱাপাৰা গাঁও পঞ্চায়তৰ শালমাৰা গাঁৱৰ আফিয়া তাবাছুম নামৰ ষোল্ল বছৰীয়া কিশোৰী গৰাকী কভিড ১৯ ৰোগত আক্ৰান্ত হোৱাৰ পাছত আজি স্বাস্থ্যমন্ত্ৰীগৰাকী ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ সৈতে বঙাইগাঁও জিলাত উপস্থিত হয় ৷ জিলাখনত উপস্থিত হৈয়ে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যযালয়ৰ সভাকক্ষত জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, জিলা স্বাস্থ্য বিভাগ, জিলাৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলি আদিকে ধৰি জিলা প্ৰশাসনৰ সৈতে শেহতীয়া পৰিস্থিতি আৰু গ্ৰহণ কৰা ব্যৱস্থাৱলী আদিৰ এক পৰ্যালোচনা কৰে ৷ পৰ্যালোচনা সভাত মন্ত্ৰী খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মও উপস্থিত থাকে ৷ এই পৰ্যালোচনা সভাৰ পিছতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলতে তেওঁ বঙাইগাঁও জিলাত নতুনকৈ চাৰিজন ব্যক্তি কোভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কয় যে বঙাইগাঁও জিলাৰ আৰু চাৰিজন ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয়ে এই চাৰিজন ব্যক্তিৰ নমুনা পৰীক্ষাৰ ফলাফল পজিটিভ বুলি নিশ্চিত কৰিছে ৷ ইতিমধ্যে পৰহি জিলাখনৰ আফিয়া তাবাচুম নামৰ কিশোৰীগৰাকীৰ দেহত কোভিভ - ১৯ পজিটিভ ধৰা পৰিছিল ৷ আজি বঙাইগাঁও জিলাৰ আমগুৰী দ্বিতীয় খণ্ডৰ দীপক মল্লিক (৩২), বঙাইগাঁও চাপৰাকাটাৰ অনুপম ঠাকুৰীয়া (১৮) , বৰপাৰা ছহিদ বেদীৰ ববিতা বাছফোৰ (২৯) আৰু ৰে'লৱে কলনীৰ( ভাকাৰিভিটা চৌধুৰীপাৰাৰ ১৭ ৱাৰ্ড) ৰ মীনা বিশ্বকৰ্মা(৬০) ৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ আমি এতিয়া তিনিটা পজিটিভ ঘটনা বঙাইগাঁও নগৰ অঞ্চলৰ পৰা পাইছো ৷
গতিকে তিনিটাও পজিটিভ ফলাফল অহা অঞ্চলক তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভৌগোলিক এলেকা সামৰি জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিব আৰু বঙাইগাঁও জিলাখনকো ৰেড জ'ন হিচাপে ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ কাৰণ ইয়াত পাঁচজনকৈ ব্যক্তিৰ দেহত একেলেঠাৰিয়ে কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ সেয়ে বঙাইগাঁৱৰ ৰাইজৰ সহযোগিতা লাগিব ৷ কাৰণ নতুনকৈ কোভিড-১৯ ত আক্ৰান্ত চাৰিওজন ব্যক্তিৰে কোনো কণ্টেক্ট হিষ্ট্ৰী নাই ৷ এওঁলোকৰ কোনো কোভিড-১৯ পজিটিভ ৰোগীৰ লগত সংম্পৰ্ক নাছিল ৷ সাধাৰণ জ্বৰ হোৱাৰ কাৰণে সন্দেহৱশত ভাবেহে এওঁলোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ এওঁ লোক কোনো হোম কোৱাৰেণ্টাইনত নাছিল ৷ অসমত এইটো প্ৰথম ঘটনা যে কোনো কণ্টেক্ট হিষ্ট্ৰী নথকাকৈ চাৰিজনকৈ ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ কোনো পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা এজন পৰা আন এজনৰ দেহলৈ সংক্ৰমিত হোৱা নাই ,সেয়ে এই চাৰিও ব্যক্তি কেনেকৈ কোভিড- ১৯ ত আক্ৰান্ত হ'ল সেই দিশটো বিশদভাৱে অনুসন্ধান কৰিব লাগিব ৷ সেয়ে বঙাইগাঁৱৰ ৰাইজ সাৱধান হৈ থাকিব লাগিব ৷ চাৰিজনকৈ ব্যক্তি কণ্টেক্ট হিষ্ট্ৰী নথকাকৈ কোভিড- ১৯ ত আক্ৰান্ত হোৱাতো অসমত এয়াই প্ৰথম ঘটনা হৈছে ৷ এতিয়া লাহে লাগে আমি এওঁলোকে কাৰোবাক লগ পাইছিল নেকি বা কোনোবা বাহিৰৰ পৰা অহা লোকৰ সৈতে এওঁলোকৰ সংস্পৰ্শ হৈছিল নেকি আদি কথাবোৰ জানিব পাৰিম ৷ কিন্তু আজিৰ মুহূৰ্তত বঙাইগাঁৱৰ ৰাইজে অত্যন্ত সাৱধানেৰে থকাতো প্ৰয়োজন ৷ তেওঁ আৰু কয় যে মন্ত্ৰী ফনীভূষণ চৌধুৰী , চন্দন ব্ৰহ্ম ,পিযুষ হাজৰিকা আমি সকলো বহি জিলা উপায়ুক্তক যিখিনি পৰামৰ্শ দিব লাগে দিছো আৰু চাৰিওজন ৰোগীকে আজি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ লৈ যোৱা হ'ব ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কোনো কোভিড-১৯ ৰোগী নাথাকে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে বঙাইগাঁও জিলাত যিটো ঘটনা হ'ল সেইটো চিন্তাহে এতিয়া আমাৰ মনত ক্ৰিয়া কৰি আছে ৷ এনে ঘটনা প্ৰথমবাৰৰ বাবে আমি অসমত পাইছো ৷ সেয়ে এই ঘটনাৰ পৰিপ্ৰেক্ষিততে বাকীবোৰ সিদ্ধান্ত লোৱা হ'ব ৷ আনহাতে ২১ দিন পিছত ৰোগটো মানুহৰ দেহত ধৰা পৰাতো সাধাৰণ কথা ৷ ২১ দিনলৈকে মানুহৰ দেহত ৰোগটো ধৰা নপৰাকৈ থাকে আৰু ২১ দিন পিছত ধৰা পৰে ৷ ২৮ দিনলৈকে লক্ষণটো থাকে ৷ আনহাতে কাইলৈ এতিয়ালৈকে জিলাখনৰ যি পাঁচটা অঞ্চলৰ পাঁচজনকৈ ব্যক্তি কোভিড- ১৯ ৰোগত আক্ৰান্ত হৈছে সেই অঞ্চলৰ পৰা ২৫ টা কৈ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব ,যাতে অঞ্চলটোৰ আৰু কোনোবা ব্যক্তি আক্ৰান্ত হৈছে নেকি ৷ আমি যিমানখিনি কৰিব পাৰো কৰিম ৷ কিন্তু বঙাইগাঁও নগৰৰ ৰাইজে জিলা প্ৰশাসনক এশ শতাংশ সহযোগিতা কৰে তাৰ বাবে তেওঁ আবেদন জনায় ৷ মন্ত্ৰীগৰাকীয়ে কোভিড- ১৯ আক্ৰান্ত চাৰিওজন ব্যক্তিৰ পৰিয়ালৰ বাকী সদস্যসকলকো কোৱাৰেণ্টাইন কৰা হ'ব বুলি কয় ৷
উল্লেখ্য যে আজি কোভিড- ১৯ পজিটিভ ধৰা পৰা চাৰিজন ব্যক্তিৰ ভিতৰত এগৰাকী মহিলা আৰু এজন যুৱক স্বাস্থ্য বিভাগৰ লগত জড়িত ৷ ইয়াৰে অনুপম ঠাকুৰীয়া নামৰ কোভিড- ১৯ ত আক্ৰান্ত ৰোগীজন স্বাস্থ্য বিভাগৰ কৰ্মী ৷ এচ ডব্লিউ হিচাপে স্বাস্থ্য বিভাগত কাম কৰে ৷ বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাম কৰা স্বাস্থ্য কৰ্মীজন কেনেকৈ কোভিড- ১৯ ত আক্ৰান্ত হ'ল সেই তথ্য বৰ্তমানলৈ জানিবলৈ পৰা হোৱা নাই ৷ কিন্তু এইগৰাকী স্বাস্থ্যকৰ্মীৰ সংস্পৰ্শত বহু লোক অহাৰ সম্ভাৱনাই গা কৰি উঠিছে ৷ যিটো অতিকৈ চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে বৰ্তমান সময়ত ৷ স্বাস্থ্যকৰ্মীজন চাপৰাকাটা অঞ্চলত ভাৰাতীয়া হিচাপে থাকে ৷ সেইদৰে ববিতা বাছফোৰ নামৰ মহিলাগৰাকী একেখন স্বাস্থ্য কেন্দ্ৰতে চাফাই কৰ্মী হিচাপে কাম কৰে ৷ থাকে বঙাইগাঁও চহৰৰ বৰপাৰা ছহিদ বেদীস্থিত পুৰণি হাস্পতাল চৌহদ তথা বৰ্তমানৰ জিলা স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ কাষৰ আবাসিক এলেকাত ৷ ফলত এইগৰাকী চাফাই কৰ্মী কোভিড- ১৯ ত আক্ৰান্ত হোৱাত এতিয়া আবাসিক কলনীৰ আবাসীসকলৰ লগতে মহিলাগৰাকী কাম কৰা বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ মাজতো হাহাকাৰ লাগিছে ৷ কাৰণ চাফাই কৰ্মীগৰাকীৰ সংস্পৰ্শত আবাসী আৰু স্বাস্থ্য কেন্দ্ৰৰ বিভিন্নজন সংস্পৰ্শলৈ অহাটো এক প্ৰকাৰ নিশ্চিত ৷ কিন্তু চাফাই কৰ্মীগৰাকী কেনেকৈ আক্ৰান্ত হ'ল সেয়াও অদ্যপি জানিব পৰা হোৱা নাই ৷ মহিলা গৰাকীৰ স্বামী কাৰপেইণ্টাৰৰ কাম কৰে ৷ ইতিমধ্যে জিলা প্ৰশাসনে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ছীল কৰি দিয়াৰ লগতে কেন্দ্ৰটোৰ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলক হোম কোৱাৰেণ্টাইন কৰিছে ৷ একেদৰে চাফাই কৰ্মীগৰাকী থকা আবাসিক এলেকাৰ বিভিন্ন জনৰ লগতে কাষতে থকা যক্ষ্মাৰোগ আৰু এন টি চি পি বিভাগৰ কৰ্মীসকলকো হোম কোৱাৰেণ্টাইন কৰিছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে চাফাইকৰ্মী গৰাকীৰ পৰিয়ালৰ সদস্যসকলোকো কোৱাৰেণ্টাইন কৰিছে ৷ ইপিনে মীনা বিশ্বকৰ্মা নামৰ বৃদ্ধাগৰাকীৰ ঘৰ ৰে'লৱে কলনীত নহয়, বৰং বঙাইগাঁও চহৰৰ ভাকাৰিভিটা চৌধুৰীপাৰাৰ ১৭ নং ৱাৰ্ডতহে ৷ লোহিদ দাসৰ ঘৰত ভাৰাতীয়া হিচাপে থাকে ৷ মীনা বিশ্বকৰ্মাৰ পুত্ৰ ৰে'লৱে কৰ্মচাৰী ৷ জানিব পৰা মতে পুত্ৰ ৰবিলাল বিশ্ব কৰ্মাই যোৱা ২২ মাৰ্চত মুম্বাইৰ বঙাইগাঁওলৈ আহিছিল ৷ পুত্ৰই চিকিৎসা গ্ৰহণৰ বাহে মুম্বাইলৈ গৈছিল ৷ পিছত ঘৰলৈ ওভতি অহাৰ পিছত হোম কোৱাৰেণ্টাইন কৰা হৈছিল ৷ ইতিমধ্যে পৰিয়ালটোৰ ২৮ দিনীয়া কোৱাৰেণ্টাইনৰ সময় শেষ হৈ গৈছে ৷ ইয়াৰ পিছতে মাতৃ মীনা বিশ্বকৰ্মা আক্ৰান্ত হ'ল কোভিড- ১৯ ত ৷
উল্লেখ্য যে মীনা বিশ্বকৰ্মাৰ পুত্ৰ ৰবিলাল বিশ্বকৰ্মাই নিউ বঙাইগাঁও ৰে'লৱে কাৰখানত কাম কৰাহেতুকে চৈধ্যদিন হোম কোৱাৰেণ্টাইনত থকাৰ পিছতে কৰ্মক্ষেত্ৰলৈ গৈছিল ৷ এনে অৱস্থাত ৰবিলাল বিশ্বকৰ্মাৰ সংস্পৰ্শলৈ ইতিমধ্যে ৰে'লৱে কাৰখানাত একেলগে কাম কৰা বহু ব্যক্তি আহিছে ৷ এনে অৱস্থাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে ৷ সেইদৰে উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত আমগুৰী দ্বিতীয় খণ্ডৰ দীপক মল্লিক শাক- পাচলি বিক্ৰেতা ৷ দীপক মল্লিকৰো নাই কোনো কণ্টেক্ট হিষ্ট্ৰী ৷ কিন্তু শাক- পাচলি বিক্ৰেতা হিচাপে বিভিন্নজন তেওঁৰ সংস্পৰ্শলৈ অহাতো নিশ্চিত ৷ সেয়ে বিষয়টো চিন্তনীয় ৷ উল্লেখ্য যে ইতিমধ্যে আক্ৰান্ত চাৰিওজন ব্যক্তিকে চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰাৰ বিপৰীতে পৰিয়ালৰ আন সদস্যসকলক কোৱাৰেণ্টাইন কৰা হৈছে ৷ এই ঘটনাৰ পিছতে অধিক সতৰ্ক হৈ পৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ৷ স্বাস্থ্য বিভাগে আক্ৰান্ত ব্যক্তিসকলৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ বাবে লাগি পৰিছে ৷ একেদৰে জিলা প্ৰশাসনে আক্ৰান্ত লোকসকলৰ অঞ্চলসমূহক কেন্দ্ৰ কৰি চাৰিও ফালে তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভৌগোলিক এলেকা সামৰি এলেকাসমূহ ছীল কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আজি জিলাখনত নতুনকৈ চাৰিজন ব্যক্তি কোভিড - ১৯ ত আক্ৰান্ত হোৱাত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে ৷

0 Response to " "
Post a Comment