-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US


👉বঙাইগাঁৱৰ স্বাস্থ্যকৰ্মী কোভিড- ১৯ ত আক্ৰান্ত হোৱাৰ পিছতে স্বাস্থ্যকৰ্মীৰ মাজত আতংক 

👉চিকিৎসক ডাঃ এম এম ইছলামৰ বিৰুদ্ধে দায়িত্বহীনতা আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰাৰ অভিযোগ স্বাস্থ্যকৰ্মীৰ

👉জামাতীক ঘৰত আশ্ৰয় দিয়াৰো অভিযোগ  


                  ৷৷বঙাইগাঁওঃ ১ মেঃ৷৷

🔯বঙাইগাঁও জিলাৰ চাৰিজনকৈ ব্যক্তিৰ দেহত কালি কোভিড- ১৯ পজিটিভ ধৰা পৰাৰ পিছতে এতিয়া সমগ্ৰ জিলাখনতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ এই চাৰিজন ব্যক্তিকে ধৰি বৰ্তমানলৈকে জিলাখনত কোভিড- ১৯ ত আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি হৈছে ৷ কিন্তু সকলোতকৈ চিন্তনীয় কথাটো হ'ল যে নতুনকৈ আক্ৰান্ত চাৰিজন ব্যক্তিৰ ভিতৰত এজন স্বাস্থ্য বিভাগৰ এচ ডব্লিউ কৰ্মী আৰু  আন এগৰাকী হ'ল স্বাস্থ্য কেন্দ্ৰৰ চাফাই কৰ্মী ৷ গতিকে এই দুই ব্যক্তি কোভিড- ১৯ ত আক্ৰান্ত হোৱাত এতিয়া স্বাস্থ্য বিভাগৰ বিষয়া- কৰ্মীসকলো আতংকিত হৈ পৰিছে ৷ কাৰণ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বঙাইগাঁৱত এক সংবাদ মেলত নতুনকৈ আক্ৰান্ত ৰোগী চাৰি গৰাকীৰ কোনো কণ্টেক্ট হিষ্ট্ৰী বা ট্ৰেভেল হিষ্ট্ৰী নাই বুলি প্ৰকাশ কৰিছিল ৷ যাৰ বাবে বিষয়টো অতিকে ভয়ংকৰ হিচাপে পৰিগণিত হৈছে ৷ কিন্তু সঁচাকৈয়ে এই সকল ব্যক্তি কোনো নিজামুদ্দিন ফেৰৎ ব্যক্তিৰ অথবা কোভিড- ১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা নাছিল নেকি তাকে লৈ অনুসন্ধানত লাগি পৰিছে জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগ ৷ ইয়াৰ মাজতে আজি আহি পৰিছে এক ভয়ংকৰ তথ্য ৷ এই তথ্য প্ৰকাশ কৰিছে একাংশ স্বাস্থ্য কৰ্মীয়ে ৷ বিশেষকৈ স্বাস্থ্য বিভাগৰ লগত জড়িত স্বাস্থ্য কৰ্মী অনুপম ঠাকুৰীয়া আৰু চাফাই কৰ্মী ববিতা বাছফোৰ কোভিড- ১৯ ত আক্ৰান্ত হোৱাৰ পিছতে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া ডাঃ এম এম ইছলামৰ প্ৰতি সন্দেহৰ আঙুলি টোৱাইছে একাংশ স্বাস্থ্যকৰ্মীয়ে ৷ এই চিকিৎসা বিষয়াগৰাকীৰ দায়িত্বহীনতা আৰু ক্ষমতাৰ অপপ্ৰয়োগৰ ফলতে আজি বঙাইগাঁৱৰ পৰিস্থিতি ভয়াৱহ হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৷ আনকি বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ অধীনৰ একাংশ স্বাস্থ্য কৰ্মীয়ে অভিযোগ কৰা মতে স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ এম এম ইছলাম গুৱাহাটীৰ আঠগাঁৱত নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা ব্যক্তিৰ সভাত অংশ গ্ৰহণ কৰা বঙাইগাঁৱৰ এজন ব্যক্তিৰ সৈতে সংস্পৰ্শলৈ অহাৰ লগতে এজন জামাতীক নিজ ঘৰত আশ্ৰয় দি ৰাখিছিল ৷ কিন্তু এই তথ্য গোপন কৰা হৈছিল ৷ চিকিৎসকগৰাকীৰ লগতে পৰিয়ালটোক পূৰ্বে এবাৰ হোম কোৱাৰেণ্টাইনো কৰা হৈছিল বুলিও কয় ৷ 

স্বাস্থ্যকৰ্মীসকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে ডাঃ এম এম ইছলামৰ ৰাজস্থানৰ কোটাত চিকিৎসা বিজ্ঞান অধ্যয়ণৰত কন্যা বঙাইগাঁওলৈ উভতি অহাৰ পিছতে পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰা হৈছিল ৷ এই হোম কোৱাৰেণ্টাইনৰ জাননীখন তেওঁলোকৰ ঘৰৰ বাহিৰত লগাবলৈ স্বাস্থ্যকৰ্মী যোৱাত পৰিয়ালৰ লোকে বাধা প্ৰদান কৰিছিল ৷ আনকি এই হোম কোৱাৰেণ্টাইনত থকাৰ সময়চোৱাতো ডাঃ ইছলামে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকি কৰ্তব্য পালন কৰি গৈছিল ৷ ফলত স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মীৰ লগতে বিভিন্নজন তেওঁৰ সংস্পৰ্শলৈ আহিছিল ৷ লগতে তেওঁ চাৰিওফালে ঘুৰা- ফুৰা কৰা কৰি আছিল ৷ তেওঁ যাকে - তাকে সাৱতি ধৰে ,কৰ্মদনো কৰে ৷ তাৰোপৰি নাৰ্চৰ মাস্কতো হাত দিয়ে ৷ যি সময়ত সামাজিক দূৰত্বৰ কথা কৈ অহা হৈছে সেই সময়ত এইদৰে আনক সংস্পৰ্শ কৰাৰ যুক্তি ক'ত ? গতিকে এতিয়া আমাৰ সন্দেহ হয় যে তেওঁ কিহৰ কাৰণে এনে কৰিছিল ? যিটো চিন্তনীয় বিষয় হৈ পৰিছে ৷ একেদৰে ডাঃ ইছলামৰ ঘৰত জামাতীক আশ্ৰয় দি ৰাখিছিল বুলিও অভিযোগ কৰে ৷ জামাতী আহি ভাত খাই থাকি যোৱা বুলিও অভিযোগ কৰে ৷ কিন্তু এই কথা গোপনে ৰাখিছিল ৷ সেইদৰে বঙাইগাঁও চহৰৰ দোলাইগাঁও উজানপাৰাৰ জমেৰ আলী নামৰ ব্যক্তিজন গুৱাহাটীৰ আঠগাঁও মছজিদত নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা ব্যক্তিক সাক্ষাৎ কৰি আহিছিল যদিও বিষয়টো গোপনে ৰখা হৈছিল ৷ এই ব্যক্তিজনৰ সৈতে সম্পৰ্ক আছে ডাঃ ইছলামৰ ৷ জমেৰ আলীক হোম কোৱাৰেণ্টাইন কৰাও হৈছিল ৷ কিন্তু হোম কোৱাৰেণ্টাইনৰ জাননীখন ঘৰৰ বাহিৰত লগাবলৈ যোৱা আশাকৰ্মীক জাননীখন লগোৱাৰ ক্ষেত্ৰত বাধা প্ৰধান কৰিছিল জমেৰ আলীয়ে ৷ আশাকৰ্মীক ব্যক্তিজনে নিজকে ধৰ্মীয় ব্যক্তি বুলি কৈ জাননীখন লগালে বদনাম হ'ব বুলি কৈছিল ৷ পিছত ঘৰৰ ভিতৰত লগোৱা হৈছিল ৷ 

এই জমেৰ আলীৰ ঘৰত বিষয়টো অনুসন্ধানৰ বাবে ডাঃ জাহান বুলি এজন চিকিৎসক গৈছিল আৰু বঙাইগাঁৱৰ স্বাস্থ্য বিভাগৰ কোনো লোকক লগত নিয়া নাছিল ৷ এই চিকিৎসকজনে জমেৰ আলী যে গুৱাহাটীৰ আঠগাঁওলৈ গৈছিল সেই কথাটো গোপনে ৰাখি কেৱল গুৱাহাটীৰ পৰাহে অহা বুলি ৰিপৰ্ট এটা দিছিল ৷ এই ৰিপৰ্টটো বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জৰিয়তে উপায়ুক্ত কাৰ্যালয়লৈ আহিছিল ৷ চিকিৎকজনে জমেৰ আলী যে গুৱাহাটীৰ আঠগাঁওলৈ গৈ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা লোকক লগ ধৰি ধৰ্মীয় আলোচনা কৰি আহিছিল সেই কথাটো প্ৰ-পত্ৰখনত উল্লেখ কৰা নাছিল ৷ জমেৰ আলীৰ নমুনা সংগ্ৰহৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ এম্বুলেঞ্চেৰে লৈ যোৱাৰ সময়তো ব্যক্তিজন এম্বুলেঞ্চৰ পৰা পলাবলৈ ধৰিছিল ৷ ব্যক্তিজনৰ নমুনাৰ ফলাফল প্ৰথমবাৰ নিগেটিভ আহিছিল যদিও বৰ্তমান নাজানো বুলি কয় ৷ স্বাস্থ্যকৰ্মীসকলে তেওঁলোকৰো নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক অনুৰোধ জনায় ৷ উল্লেখ্য যে স্বাস্থ্যকৰ্মীসকলে এই সমগ্ৰ বিষয়টো জিলা উপায়ুক্তক অৱগত কৰিবলৈ আহিছিল যদিও জিলা উপায়ুক্তগৰাকীয়ে তেওঁলোকক কিয় আহিছে বুলিহে প্ৰশ্ন কৰি ডিপিইএম গৰাকীক লগ ধৰিবলৈ কোৱা বুলি কয় ৷ যাৰ বাবে অভিযোগখিনি জিলা উপায়ুক্তগৰাকীক দিবলৈ সক্ষম নহ'ল বুলিও কয় ৷ অৱশ্যে মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে তেওঁলোকৰ সৈতে কথা পাতি বিষয়টো জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰিব বুলি কয় ৷ উল্লেখ্য যে স্বাস্থ্য কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা কথাখিনি জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বসহকাৰে লোৱাৰ অতিকে প্ৰয়োজন হৈ পৰিছে আৰু সমগ্ৰ বিষয়টোৰ এক তদন্ত কৰিব লাগে যাতে বঙাইগাঁও জিলাত স্বাস্থ্যকৰ্মী কেনেকৈ কোভিড- ১৯ ত আক্ৰান্ত হ'ল পোহৰলৈ আহে ৷ শেহতীয়াকৈ আক্ৰান্ত চাৰিও জন ব্যক্তিৰ সবিশেষ তথ্য উদঘাটন নহলে জিলাখনত কোৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাটো নিশ্চিত হৈ পৰিব ৷ কাৰণ স্বাস্থ্যকৰ্মী আৰু এগৰাকী মহিলা চাফাইকৰ্মীৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিভাগতো এতিয়া হাহাকাৰ লাগিছে ৷ ইতিমধ্যে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ এম এম ইছলামক বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখা হৈছে ৷ স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্যকৰ্মী তথা পৰিয়ালৰ লোকসকলকো কোৱাৰেণ্টাইন কৰা হৈছে ৷ ইতিমধ্যে চাফাইকৰ্মী ববিতা বাছফোৰৰ সংস্পৰ্শলৈ অহা ২ জন ব্যক্তিক হোটেল পাৰ্কত , বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৈতে জড়িত ৪৭ জন ব্যক্তিক হোটেল শিৱালীত ,দীপক মল্লিকৰ সংস্পৰ্শলৈ অহা ১৫ জন ব্যক্তিক হোটেল পাৰ্কত ,মীনা বিশ্বকৰ্মাৰ সংস্পৰ্শলৈ অহা ১৪ জন ব্যক্তিক হোটেল মহামায়াত ,অনুপম ঠাকুৰীয়াৰ সংস্পৰ্শলৈ অহা চাপৰাকাটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ১২ জন কৰ্মীক হোটেল শিৱালীত কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে অনুপম ঠাকুৰীয়াৰ সংস্পৰ্শলৈ অহা আন ১৪ জনক চাপৰাকাটা প্ৰথম খণ্ড অঞ্চলতে হোম কোৱাৰেণ্টাই কৰা হৈছে ৷ উল্লেখ্য যে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলৰ পৰিয়ালৰ মুঠ ১০৯ সদস্যকো হোম কোৱাৰেণ্টাইন কৰা হৈছে ৷ উল্লেখ্য যে এই চাৰিজন আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আন বহু ব্যক্তি অহাৰ সম্ভাৱনা আছে আৰু সেইবোৰ উদঘাটনৰ বাবে স্বাস্থ্য বিভাগ উঠি- পৰি লাগি আছে ৷ ইপিনে আজি বঙাইগাঁও চহৰৰ লগতে জিলাখনৰ পৰিৱেশ নিমাওমাও হৈ পৰে ৷ দোকান-পোহাৰ সকলো বন্ধ  থাকে ৷ বৰ্তমান অৱস্থাত জিলাখন কোৰোনা ভাইাছৰ হটস্পট জ'নলৈ পৰ্যবেশিত হোৱা বুলি কলেও ভুল কোৱা নহ'ব ৷ 
                   NEWS4BONGAIGAON

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article