Tuesday, April 7, 2020
Comment
বইটামাৰীৰ ডেকলিমাৰীত দুখীয়া লোকক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ সচেতন লোকৰ
বঙাইগাঁওঃ ৬ এপ্ৰিল
বঙাইগাওঁ জিলাৰ বইটামাৰীৰ ডেকলিমাৰীত একাংশ সচেতন লোকে দুখীয়া লোকক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ ডেকলিমাৰীৰ সচেতন যুৱ সমাজে সোমবাৰে গাওঁখনৰ ৬০ টা পৰিয়ালক বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰী ৷ অঞ্চলটোৰ উদ্যোমী যুৱক কেইজনে তেওঁলোকৰ মাজত ধন সংগ্ৰহ কৰি সেই ধনেৰে অত্যাৱশ্যকীয় সামগ্ৰী কিনি গাওঁখনৰ ৬০ টা পৰিয়ালক তেওঁলোকৰ ঘৰে ঘৰে গৈ কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে । প্ৰতিঘৰ পৰিয়ালক মিঠাতেল, নিমখ, আলু, দাইল, ছয়াবিনৰ লগতে চাবোন বিতৰণ কৰে । যুৱক সকলে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ।
0 Response to " "
Post a Comment