Saturday, May 9, 2020
Comment
👉বিজনীৰ ২ নং বিষ্ণুপুৰত ব্লেক কামাণ্ডোৰ বৰ্বৰতা
👉লাঠিৰে প্ৰহাৰ কৰি ভাঙিলে হাত
👉লাঠিৰে প্ৰহাৰ কৰি ভাঙিলে হাত
বঙাইগাঁওঃ ৯মেঃ
🔯 চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২ নং বিষ্ণুপুৰ বজাৰত আজি অসম আৰক্ষীৰ ব্লেক কামাণ্ডোই চাইকেলৰ জৰিয়তে খোৱা সাসগ্ৰী বিক্ৰী কৰি ঘূৰি ফুৰা এগৰাকী ফেৰীৱালাক লাঠীৰে কোবাই বাওঁ হাতখন ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱা ফেৰীৱালাগৰাকী বিজনীৰ ৩ নং বিষ্ণুপুৰ নিৱাসী ৪২ বছৰীয়া পৰিতোষ সৰকাৰ । উল্লেখ্য যে ফেৰীৱালাগৰাকীয়ে চাইকেলৰ জৰিয়তে ২ নং বিষ্ণুপুৰ বজাৰত নিমকি, পৰঠা আদি খোৱা সামগ্ৰী বিক্ৰী কৰি থাকোতে আৰক্ষীৰ ৰোষত পৰে ।
লকডাউনৰ পূৰ্বে ফেৰীৱালা গৰাকীয়ে বজাৰে বজাৰে নিমকি , মিঠাই আদি খোৱা সামগ্ৰীৰ দোকান দিছিল । কিন্তু লকডাউন চলি থকাৰ বাবে বন্ধ হৈ আছে সকলো হাট-বজাৰ। ফলত ক্ষুদ্ৰ ব্যৱসায়ী পৰিতোষ সৰকাৰে চাইকেলৰ জৰিয়তে ফেৰীৱালাৰ জীৱন আৰম্ভ কৰে । আজি উক্ত বজাৰখনত টহল দিবলৈ যোৱা পাণবাৰী থানাৰ ব্লেক কামাণ্ডোৰ ৰোষৰ বলি হোৱা পৰিতোষ সৰকাৰক পাছত পৰিয়ালৰ লোকে ২ নং বিষ্ণুপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ৷

0 Response to " "
Post a Comment