Sunday, May 3, 2020
Comment
👉বঙাইগাঁৱত পিতৃয়ে হানি-খুচি হত্যা কৰিলে ড্ৰাগছ আসক্ত পুত্ৰক
👉হত্যাকাৰী পুৰঞ্জয় নাথক গ্ৰেপ্তাৰ
বঙাইগাঁওঃ ২ মেঃ
বঙাইগাঁৱত কোৰোনা ভাইৰাছক লৈ আতংকময় পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে যোৱা নিশা চহৰখনত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ ড্ৰাগছ আসক্ত পুত্ৰৰ কৰ্ম- কাণ্ড সহ্য কৰিব নোৱাৰি পিতৃয়ে চোকা অস্ত্ৰৰে হানি- খুচি পুত্ৰক হত্যা কৰি পেলাই থৈ যায় পথৰ দাঁতিত ৷ পিতৃ পুৰঞ্জয় নাথ ওৰফে প্ৰদীপ নাথে এই হত্যাকাণ্ডটো সংঘটি কৰে ৷ মৃত পুত্ৰৰ নাম কৰ্ণৱ মেধি (,২৩) ৷ অৱশ্যে প্ৰথম অৱস্থাত এই হত্যাকাণ্ড যে পিতৃৰ দ্বাৰাই সংঘটিত কৰা হৈছিল সেয়া পোহৰলৈ অহা নাছিল ৷ পিছত আৰক্ষীৰ তদন্তত পিতৃৰ দ্বাৰাই যে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে সেয়া পোহৰলৈ আহে ৷ উল্লেখ্য যে বঙাইগাঁৱত এদিনতে চাৰিজনকৈ ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰাৰ পিছতে সমগ্ৰ বঙাইগাঁও অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে। ফলত বঙাইগাঁও চহৰৰ পৰিৱেশ একেবাৰে নিমাও- মাও হৈ পৰিছে ৷ এই পৰিৱেশৰ মাজতে যোৱা নিশা প্ৰায় ৮ঃ৩০ মান বজাত বঙাইগাঁও সদৰ থানাৰ নিকটৱৰ্তী হোটেল কনিষ্কৰ ওচৰৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ যুৱকজনক চোকা অস্ত্ৰৰে হানি- খুচি হত্যা কৰি উক্ত স্থানত পেলাই থৈ গৈছিল ৷ পিছত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জিলা আৰক্ষীৰ উচ্চ পদষ্ট বিষয়াৰ লগতে আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে আৰক্ষীয়ে নিশাই আৰম্ভ কৰে তদন্ত ৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে এই হত্যাকাণ্ডত কোনো বন্ধু জড়িত থকা বুলি সন্দেহ কৰিছিল।
কাৰণ মৃত যুৱকজন ড্ৰাগছ আসক্ত আছিল। সেয়ে নিচাসক্ত অৱস্থাত কোনো কাৰণত বাক -বিতণ্ডা হৈ বন্ধুৰ মাজতেই কাজিয়াৰ সূত্ৰপাত হৈ অৱশেষত বন্ধুই বন্ধুক এইদৰে নৃশংসভাৱে হানি- খুচি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যাব পাৰে ৷ কিন্তু পিছলৈ মৃত যুৱকজনৰ পৰিচয় লাভ কৰি পিতৃৰ ওপৰত সন্দেহ জাগে আৰক্ষীৰ আৰু নিশাই সোধ- পোচৰ বাবে আটক কৰি থানালৈ লৈ আহে ৷ পিছত পিতৃ পুৰঞ্জয় নাথ ওৰফে প্ৰদীপ নাথে আৰক্ষীৰ আগত নিজেই পুত্ৰ কৰ্ণৱ মেধিক( ২৩) ডেগাৰেৰে হানি-খুচি হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে ৷ লগতে পুত্ৰৰ কৰ্ম- কাণ্ড তথা ধন দাবী আদিত অতিষ্ঠ হৈ পুত্ৰক হত্যা কৰা বুলিও কয় ৷ জানিব পৰা মতে ড্ৰাগছৰ আসক্ত কৰ্ণৱৰ বাবে পৰিয়ালত প্ৰায়ে দৈনিক হাই কাজিয়া সংঘটিত হৈ আহিছিল ৷ কৰ্ণৱক সুস্থ কৰি তুলিবলৈ চিকিৎসাৰ নামত ইতিমধ্যে কেইবা লাখ টকাও খৰচ কৰিছিল পিতৃয়ে ৷ কিন্তু ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰা কৰ্ণৱে ড্ৰাগছ সেৱনৰ বাবে দৈনিক টকা বিছাৰি পিতৃক কৰি আহিছিল হাৰাশাস্তি ৷ ঘটনা সংঘটিত হোৱাৰ দিনাও পিতৃক দাবী কৰিছিল ধন। ২ লাখ টকা বিচৰিছিল কোনো কামৰ বাবে। ইয়াকে লৈ দুয়ো পিতৃ আৰু পুত্ৰৰ মাজত হৈছিল কাজিয়া। কাজিয়াই অৱশেষত চূড়ান্ত ৰূপ ধাৰণ কৰে আৰু পিতৃ পুৰঞ্জয় নাথে পুত্ৰ কৰ্ণৱ মেধিক ডেগাৰেৰে হানি- খুচি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় ৷
ইপিনে ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলিয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে পুত্ৰ হত্যাকাৰী পিতৃ পুৰঞ্জয় নাথক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আদালতত হাজিৰ কৰি অধিক সোধ- পোচৰ বাবে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে পিতৃয়ে আৰক্ষীৰ আগত ড্ৰাগছ আসক্ত পুত্ৰই বিগত ছয় বছৰ ধৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল বুলি উল্লেখ কৰি সদায় ধন বিচাৰি আহিছিল আৰু এনে অশান্তিৰ বাবেই পুত্ৰক হত্যা কৰা বুলি প্ৰকাশ কৰা বুলিও কয় ৷ আনকি ড্ৰাগছৰ ধনৰ বাবে তিনিদিনমান পূৰ্বে লেপটপটোও কোনোবা বন্ধুৰ ওচৰত বিক্ৰী কৰিছিল ৷ পিচত পিতৃয়ে টকা ওভোটাই দি পুনৰ লৈ আহিছিল ৷ গতিকে এনে বোৰ কাৰণত অতিষ্ঠ হৈ পৰিছিল পিতৃ ৷ যাৰ বাবে শেষত হত্যা কৰে পুত্ৰক ৷ আৰক্ষীয়ে মৃত কৰ্ণৱ মেধিৰ পিন্ধি থকা পোচাকৰ পকেটৰ পৰা ড্ৰাগছ লোৱা তেজ লাগি থকা চিৰিঞ্জ এটাও উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ উল্লেখ্য যে মৃৃৃৃত কৰ্ণৱ মেধিৰ ঘৰ টি আৰ ফুকন পথত ৷ আনহাতে হত্যাকাৰী পুৰঞ্জয় নাথ মৃত কৰ্ণৱ মেধিৰ সতীয়া পিতৃ বুলি জানিব পৰা গৈছে ৷ কৰ্ণৱৰ প্ৰকৃৃত পিতৃ দিলীপ কুমাৰ মেধিৰ ইতিমধ্যে মৃত্যু হৈছে ৷ এই হত্যাকাণ্ডৰ ঘটনাই বঙাইগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
বঙাইগাঁৱত কোৰোনা ভাইৰাছক লৈ আতংকময় পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে যোৱা নিশা চহৰখনত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ ড্ৰাগছ আসক্ত পুত্ৰৰ কৰ্ম- কাণ্ড সহ্য কৰিব নোৱাৰি পিতৃয়ে চোকা অস্ত্ৰৰে হানি- খুচি পুত্ৰক হত্যা কৰি পেলাই থৈ যায় পথৰ দাঁতিত ৷ পিতৃ পুৰঞ্জয় নাথ ওৰফে প্ৰদীপ নাথে এই হত্যাকাণ্ডটো সংঘটি কৰে ৷ মৃত পুত্ৰৰ নাম কৰ্ণৱ মেধি (,২৩) ৷ অৱশ্যে প্ৰথম অৱস্থাত এই হত্যাকাণ্ড যে পিতৃৰ দ্বাৰাই সংঘটিত কৰা হৈছিল সেয়া পোহৰলৈ অহা নাছিল ৷ পিছত আৰক্ষীৰ তদন্তত পিতৃৰ দ্বাৰাই যে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে সেয়া পোহৰলৈ আহে ৷ উল্লেখ্য যে বঙাইগাঁৱত এদিনতে চাৰিজনকৈ ব্যক্তিৰ দেহত কোভিড- ১৯ পজিটিভ ধৰা পৰাৰ পিছতে সমগ্ৰ বঙাইগাঁও অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে। ফলত বঙাইগাঁও চহৰৰ পৰিৱেশ একেবাৰে নিমাও- মাও হৈ পৰিছে ৷ এই পৰিৱেশৰ মাজতে যোৱা নিশা প্ৰায় ৮ঃ৩০ মান বজাত বঙাইগাঁও সদৰ থানাৰ নিকটৱৰ্তী হোটেল কনিষ্কৰ ওচৰৰ পথৰ দাঁতিত পৰি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ যুৱকজনক চোকা অস্ত্ৰৰে হানি- খুচি হত্যা কৰি উক্ত স্থানত পেলাই থৈ গৈছিল ৷ পিছত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জিলা আৰক্ষীৰ উচ্চ পদষ্ট বিষয়াৰ লগতে আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে আৰক্ষীয়ে নিশাই আৰম্ভ কৰে তদন্ত ৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে এই হত্যাকাণ্ডত কোনো বন্ধু জড়িত থকা বুলি সন্দেহ কৰিছিল।
হত্যাকাৰী পিতৃ |
ইপিনে ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সিংহৰাম মিলিয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে পুত্ৰ হত্যাকাৰী পিতৃ পুৰঞ্জয় নাথক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আদালতত হাজিৰ কৰি অধিক সোধ- পোচৰ বাবে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনা হৈছে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে পিতৃয়ে আৰক্ষীৰ আগত ড্ৰাগছ আসক্ত পুত্ৰই বিগত ছয় বছৰ ধৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল বুলি উল্লেখ কৰি সদায় ধন বিচাৰি আহিছিল আৰু এনে অশান্তিৰ বাবেই পুত্ৰক হত্যা কৰা বুলি প্ৰকাশ কৰা বুলিও কয় ৷ আনকি ড্ৰাগছৰ ধনৰ বাবে তিনিদিনমান পূৰ্বে লেপটপটোও কোনোবা বন্ধুৰ ওচৰত বিক্ৰী কৰিছিল ৷ পিচত পিতৃয়ে টকা ওভোটাই দি পুনৰ লৈ আহিছিল ৷ গতিকে এনে বোৰ কাৰণত অতিষ্ঠ হৈ পৰিছিল পিতৃ ৷ যাৰ বাবে শেষত হত্যা কৰে পুত্ৰক ৷ আৰক্ষীয়ে মৃত কৰ্ণৱ মেধিৰ পিন্ধি থকা পোচাকৰ পকেটৰ পৰা ড্ৰাগছ লোৱা তেজ লাগি থকা চিৰিঞ্জ এটাও উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ উল্লেখ্য যে মৃৃৃৃত কৰ্ণৱ মেধিৰ ঘৰ টি আৰ ফুকন পথত ৷ আনহাতে হত্যাকাৰী পুৰঞ্জয় নাথ মৃত কৰ্ণৱ মেধিৰ সতীয়া পিতৃ বুলি জানিব পৰা গৈছে ৷ কৰ্ণৱৰ প্ৰকৃৃত পিতৃ দিলীপ কুমাৰ মেধিৰ ইতিমধ্যে মৃত্যু হৈছে ৷ এই হত্যাকাণ্ডৰ ঘটনাই বঙাইগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
0 Response to " "
Post a Comment