Sunday, May 17, 2020
Comment
👉বঙাইগাঁৱত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন
বঙাইগাঁওঃ ১৬ মেঃ
🔯আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস বঙাইগাঁও জিলাতো পালন কৰা হয় ৷ মূলত ডেংগু প্ৰতিৰোধ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে পালন কৰা হয় এই দিৱস ৷ ৰাষ্ট্ৰীয় ডেংগু দিৱস উপলক্ষে জিলাখনৰ সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহে ৰাষ্ট্ৰীয় বাহঁকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনি আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত মাইকযোগে ডেংগুৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ বাবে ল’ব লগা ব্যৱস্থাসমূহৰ সম্পৰ্কে সজাগতা অভিযান চলায়৷ইয়াৰ লগতে বৰ্তমান চলি থকা অসম সামূহিক নিৰীক্ষণ আঁচনিৰ অধীনত ঘৰে ঘৰে গৈ ডেংগু বিষয়ক প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা হৈছে৷ উল্লেখ্য যে এইবাৰ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে এই দিৱসৰ কাৰ্যসূচী কিছু পৰিমাণে সীমিত কৰা হয়৷ সাধাৰণতে বাৰিষা আৰু বিশেষকৈ বানপানীৰ সময়ত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হয়৷
NEWS4BONGAIGAON
0 Response to " "
Post a Comment