Sunday, May 31, 2020
Comment
👉লকডাউন--5
👉১ জুনৰ পৰা কাৰ্যকৰী হ’ব ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ নতুন নিৰ্দেশনাৱলী
🔯👉নিয়ন্ত্ৰিত এলেকাসমূহত কঠোৰভাৱে বলৱৎ কৰা হ’ব লকডাউন, স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এই লকডাউন প্ৰণয়ন কৰিব লাগিব ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰশাসনে
🔯👉নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ সকলো গতিবিধি পৰ্যায়ক্ৰমে পুনৰ মুকলি কৰা হ’ব; আনলক ১ত অৰ্থনৈতিক গুৰুত্ব প্ৰদান কৰা হ’ব
🔯👉নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ অনা-অত্যাৱশ্যকীয় গতিবিধিসমূহৰ বাবে বলৱৎ থাকিব সান্ধ্য আইন
🔯👉কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে আৰু নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ অঞ্চলসমূহত পৰ্যায়ক্ৰমে গতিবিধিসমূহৰ পুনৰ মুকলি কৰাৰ বাবে নতুন নিৰ্দেশনাৱলী জাৰি কৰিছে৷ এই নিৰ্দেশনাৱলী ১ জুন ২০২০ তাৰিখৰ পৰা ৩০ জুন ২০২০ তাৰিখলৈ কাৰ্যকৰী হ’ব৷ পুনৰ মুকলিৰ এই পৰ্যায়ক আনলক ১ বুলি কোৱা হৈছে আৰু ইয়াত অৰ্থনৈতিক গুৰুত্ব প্ৰদান কৰা হ’ব৷ এই নিৰ্দেশনাৱলী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ লগত আলোচনামৰ্মে প্ৰস্তুত কৰা হৈছেl
👉লকডাউন নিয়ন্ত্ৰিত এলেকাসমূহৰ বাবে সম্পূৰ্ণভাৱে বলৱৎ থাকিব৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে ইয়াক স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি পালন কৰিব লাগিব৷ নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ স্থানসমূহত থকা পূৰ্বৰ নিষেধাজ্ঞা বাতিল কৰা হ’ব৷ এই সংক্ৰান্তত স্বাস্থ্য মন্ত্ৰালয়ে এক মানসম্পন্ন কাৰ্যকৰী প্ৰক্ৰিয়া (এছঅ’পি) মুকলি কৰিছে৷
🔯👉পৰ্যায় ১ (৮ জুন ২০২০ৰ পৰা মুকলি কৰাৰ অনুমতি দিয়া হৈছে)
👉ধৰ্মীয় প্ৰতিষ্ঠান আৰু ৰাজহুৱা উপাসনাস্থল;
হোটেল, ৰেষ্টুৰেণ্ট আৰু অন্যান্য আতিথ্য সেৱা
শ্ব’পিং ম’ল
স্বাস্থ্য মন্ত্ৰালয়ে ওপৰোক্ত কাৰ্যকলাপসমূহৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ সৈতে আলোচনাৰ ভিত্তিত এছঅ’পি জাৰি কৰিব৷
👉বিদ্যালয়, মহাবিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠানসমূহ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত মুকলি কৰা হ’ব৷ ষ্টেকহ’ল্ডাৰসকলৰ পৰা গ্ৰহণ কৰা প্ৰতিক্ৰিয়াসমূহৰ ভিত্তিত এই প্ৰতিষ্ঠানসমূহ জুলাই, ২০২০ত পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ এই প্ৰতিষ্ঠানসমূহৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে এছঅ’পি প্ৰস্তুত কৰিব৷
👉সমগ্ৰ দেশতে কিছুমান সীমিত সংখ্যক গতিবিধিত নিষেধাজ্ঞা বাহাল থাকিব
👉আন্তৰ্জাতিক বিমান যাত্ৰা
মেট্ৰ’ ৰেল, চিনেমা হ’ল, জিমনেছিয়াম, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ আৰু প্ৰেক্ষাগৃহ, সন্মিলন কক্ষ
👉সামাজিক/ৰাজনৈতিক/ক্ৰীড়া/মনোৰঞ্জন/শৈক্ষিক/সাংস্কৃতিক/ধৰ্মীয় কাৰ্যসূচী
ওপৰোক্ত গতিবিধিসমূহৰ মুকলিৰ তাৰিখ পৰ্যায় ৩ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷
ব্যক্তি আৰু সামগ্ৰীৰ নিষেধাজ্ঞাবিহীন চলাচল
👉আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ বাহিৰত ব্যক্তি আৰু সামগ্ৰীৰ চলাচল৷ এনে চলাচলৰ বাবে কোনো পৃথক অনুমতিৰ প্ৰয়োজন নাই৷
কিন্তু কোনো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে যদি পৰিস্থিতি সাপেক্ষে চলাচল নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে তেন্তে এই জাননী আগতীয়াকৈ প্ৰকাশ কৰা হ’ব৷
👉নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব৷
👉ক’ভিড-১৯ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশাৱলী বাহাল থাকিব৷
👉নিয়ন্ত্ৰিত এলেকাৰ বাহিৰৰ গতিবিধিসমূহ ৰাজ্যই
পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব৷
👉৬৫ বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশুসকলক ঘৰতে থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে৷
👉ভাৰত চৰকাৰে মুকলি কৰা আৰোগ্য সেতু এপ ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰাধিকৰণক উৎসাহিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷
0 Response to " "
Post a Comment