Friday, May 15, 2020
Comment
👉কোৰোনা প্ৰতিৰোধী যুঁজখনত জনসাধাৰণক জড়িত কৰাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ 'মিলিজুলি'প্ৰকল্প গ্ৰহণ
👉বহিঃ ৰাজ্যৰ পৰা উভতি আহিবলগীয়াসকলক কোৱাৰেণ্টাইনৰ বাবে ব্যৱস্থা গ্ৰহণ
বঙাইগাঁও ১৩ মাৰ্চঃ
NEWS4BONGAIGAON
🔯কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লক্ ডাউনৰ বাবে বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা ৰাজ্যখনৰ লোকসকল ৰে'লযোগে আহিবলৈ লোৱাত এতিয়া চৰকাৰৰ লগতে প্ৰতিখন জিলা প্ৰশাসনৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাপে ঠিয় দিছে ৷ বিশেষকৈ নতুকৈ আহিবলগীয়া লোকসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা, স্বাস্থ্য পৰীক্ষা কৰা আদি ব্যৱস্থাসমূহ গঢ়ি তোলাৰ বাবে সকলো তৎপৰ হৈ পৰিছে ৷ বঙাইগাঁও জিলাতো বহিঃ ৰাজ্যৰ পৰা আঠ হাজাৰৰ অধিক লোক আহিব ৷ যাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে ৰে'লযোগে আহিবলগীয়া লোকসকলক নিজ গাওঁতে ৰাইজৰ সহযোগত কোৱাৰেণ্টাইনত ৰখাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই উদ্দেশ্যে জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াৰ পৰিকল্পনাত জিলা প্ৰশাসনে "মিলিজুলি" নামেৰে এক প্ৰকল্প গ্ৰহণ কৰিছে ৷ এই প্ৰকল্পৰ উদ্দেশ্য হ'ল কোৰোনা ভাইৰাছ প্ৰতিৰোধী যুঁজখনত জনসাধাৰণকো জড়িত কৰা ৷ যাৰ বাবে বহিঃ ৰাজ্যৰ পৰা জিলাখনৰ লোকসকল বঙাইগাঁওলৈ উভতি আহিবলৈ লোৱাত জিলা প্ৰশাসনে তৃনমূল পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা অনুভব কৰি কোভিড-১৯ ৰ বিৰুদ্ধে যুদ্ধখনত জিলাবাসী ৰাইজক জড়িত কৰাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে মিলি জুলি প্ৰকল্পৰ অধীনত জিলাখনৰ প্ৰত্যেক গাঁৱত কোৰোনা প্ৰতিৰোধী দল গঠন কৰিছে । নিকটতম বিদ্যালয়ৰ প্ৰধান শিক্ষক , আশা কৰ্মী, ভিডিপি , ৱাৰ্ড মেম্বাৰ, প্ৰতিৰোধী বন্ধু আৰু বঙাইগাঁও জিলা দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱককলৈ এই কোৰোনা প্ৰতিৰোধী দল গঠন কৰা হৈছে । এই কোৰোনা প্ৰতিৰোধী দলে মূলত বহিঃ ৰাজ্যৰ পৰা গাঁও সমূহলৈ অহা লোকসকলে যাতে কোৱাৰেণ্টাইনত থকাৰ সময়ত সকলো নীতি- নিয়মসমূহ মানি চলে আৰু চৰকাৰৰ দ্বাৰা সময়ে সময়ে কোভিড-১৯ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধৰ বাবে দিয়া নিৰ্দ্দেশনা সমূহ অনুসৰণ কৰে তাক নিশ্চিত কৰিব । লগতে বহিঃ ৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক নিজ নিজ অঞ্চলত কোৱাৰেণ্টাইন কেন্দ্ৰত নিয়াৰ ব্যৱস্থা কৰিব ৷
কোৰোনা প্ৰতিৰোধী দলে বাহিৰৰ পৰা নতুনকৈ গাঁৱে গাঁৱে অহা লোকৰ আগমন সম্পৰ্কেও তথ্য সংগ্ৰহ কৰাৰ লগতে বাহিৰৰ পৰা আহিবলগীয়া লোকসকল গাঁৱত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰশাসনৰ তালিকাৰ ভিত্তিত সেইসকল লোকৰ ঘৰে ঘৰে গৈ কোৱাৰেণ্টাইনৰ সকলো কথা বুজাই দিব ৷ উল্লেখ্য যে প্ৰত্যেক গাঁৱতে এখন বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকৰ নেতৃত্বত গাঁও পৰ্যায়ৰ কোৰোনা প্ৰতিৰোধী দলটো পৰিচালিত হ'ব ৷ অৰ্থাৎ প্ৰধান শিক্ষকগৰাকী হ'ব গাঁও পৰ্যায়ৰ কোৰোনা প্ৰতিৰোধী দলটোৰ নেতা । আনহাতে গাঁও পঞ্চায়ত স্তৰত গাঁও পঞ্চায়ত সম্পাদকগৰাকী ৰিপোৰ্টিং অফিচাৰ হ'ব ৷ যিয়ে খণ্ড উন্নয়ণ বিষয়াৰ বাবে প্ৰতিদিনৰ তথ্যসমূহৰ অগ্ৰগতিৰ খতিয়ানসমূহ জিলাভিত্তিক স্তৰত অতিৰিক্ত উপায়ুক্ত পংকজ চামুৱাক জনাব ৷ অতিৰিক্ত উপায়ুক্তগৰাকীক গোটেই ব্যৱস্থাতো পৰ্যবেক্ষণ আৰু অন্যান্য বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ বাবে প্ৰধান অধিকাৰী হিচাপে দায়িত্ব দিয়া হৈছে । ইপিনে ভিডিঅ কনফাৰেঞ্চিংৰ মাধ্যমৰে কোৰোনা প্ৰতিৰোধী দল আৰু অন্যান্য সকলো বিষয়াৰ বাবে এটি প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ এই খিনিতে উল্লেখ কৰিব পাৰি যে ৰেড জন'সহ অন্যান্য ৰাজ্যৰ পৰা অহা লোক সকলক তেওঁলোকৰ গাঁৱৰ নিকটৱৰ্তী বিদ্যালয় আৰু অন্য চিহ্নিত স্থানত ৰখা হ'ব যাতে তেওঁলোকৰ কোৱাৰেণ্টাইনৰ সময়ছোৱা আৰামদায়ক হয় আৰু নিজৰ ঘৰৰ পৰা খাদ্য যোগান ধৰিব পাৰে । এই কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত নিশাৰ ভাগত গাঁৱৰ ভিডিপিয়ে স্থানীয় লোক সকলক জড়িত কৰি সুৰক্ষা নিশ্চিত কৰিব । বিশ্ব স্বাস্থ্য সংস্থা ( WHO )ৰ পৰামৰ্শ অনুসৰি সম্প্ৰদায়গত দায়বদ্ধতাৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি তথা কোভিড-১৯ৰ বিৰুদ্ধে সন্মিলিত যুঁজত অংশ গ্ৰহণমূলক ব্যৱস্থাপনাৰ বাবে এই ব্যৱস্থা হাতত লৈছে প্ৰশাসনে ৷

সেইদৰে গাঁৱে গাঁৱে আন ৰাজ্যৰ পৰা অহা লোকসকলৰ সৈতে সেই গাঁৱৰ আশাকৰ্মীগৰাকীয়ে যোগাযোগ ৰক্ষা কৰি চলিব ৷ সেই গাঁৱৰ আশা কৰ্মীগৰাকীয়ে নিয়মিত ভাবে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা পৰ্য্যবেক্ষণৰ বাবে ওচৰৰ উপ স্বাস্থ্য কেন্দ্ৰত প্ৰতিবেদন দিব ৷ জিলা প্ৰশাসনে ইতিমধ্যে বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ সহায়ৰ বাবে আৰু গাঁও পঞ্চায়তৰ অধীনত কোৰোনা প্ৰতিৰোধী দলৰ সৈতে যোগাযোগ কৰাৰ বাবে প্ৰতিটো গাঁও পঞ্চায়ত কাৰ্যালয়ত একোটা হেল্প ডেস্ক মুকলি কৰিছে । ইয়াৰ উপৰিও বঙাইগাঁও জিলা প্ৰশাসনে ভ্ৰাম্যমান নমুনা সংগ্ৰহৰ ইউনিট গঠনৰ সিদ্ধান্ত লৈছে, যাতে সংক্ৰমণ জনিত ব্যক্তিক চিহ্নিত কৰাত পলম নহয় আৰু অধিক সংখ্যাত সন্দেহজনক ঘটনা তৎকালিন ভাবে হোৱাকৈ চিনাক্ত কৰিব পৰা যায় । ইপিনে জিলা উপায়ুক্তগৰাকীয়ে যদিহে বহিঃ ৰাজ্যত আৱদ্ধ হৈ থকা কোনো লোক নিজ ঘৰলৈ উভতি আহিব বিচাৰিছে, তেতিয়াহ'লে পৰিয়ালৰ লোকে নিজ নিজ অঞ্চলত থকা কোৰোনা প্ৰতিৰোধি দলক অথবা গাঁও পঞ্চায়ত কাৰ্যালয়ত মুকলি কৰা হেল্প ডেস্কত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷ আনহাতে ৭০৮৬৭৯৩৫০৭ হোৱাটচআপ নম্বৰযোগেও ৰাইজে যোগাযোগ কৰিব পাৰিব ৷ কাৰণ বহিঃ ৰাজ্যৰ পৰা অহা ব্যক্তিজন নিজৰ লগতে পৰিয়ালৰ লোকৰ সুৰক্ষাৰ বাবে কোৱাৰেণ্টাইনত থাকিবই লাগিব ৷ কিন্তু যদিহে বহিঃ ৰাজ্যৰ পৰা অহা লোকজন পোনে পোনে আহি নিজ গৃহত উপস্থিত হয়, তেতিয়াহলে গোটেই পৰিয়ালটোকে কোৱাৰেণ্টাইনত ৰাখিবলৈ প্ৰশাসন বাধ্য হ'ব ৷ সেয়ে কোৰোনা ভাইৰাছৰ মহামাৰীৰ সংক্ৰমণ প্ৰতিহিত কৰিবলৈ জিলাবাসীৰ সহযোগিতা বিচাৰিছে জিলা প্ৰশাসনে ৷ লগতে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে মিলিজুলি যুঁজাৰু পোষকতা কৰিছে ৷ সেয়ে জিলা প্ৰশাসনৰ 'মিলিজুলি' প্ৰকল্পৰ শ্লোগান হ'ল - একেলগে যুঁজিলে জিকিম, ভাগ ভাগ হলে হাৰিম ৷

0 Response to " "
Post a Comment