Saturday, May 23, 2020
Comment
👉আমফানৰ প্ৰভাৱ
👉বইটামাৰীত ধুমুহা-বৰষুণত ব্যাপক ক্ষতিসাধন
বইটামাৰীঃ ২১ মেঃ
🔯আমফানৰ প্ৰভাৱ বঙাইগাওঁ জিলাতো কিছু পৰিমাণে পৰে । বুধবাৰে নিশাৰে পৰা বঙাইগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণ আৰম্ভ হয় । বইটামাৰী অঞ্চলতো নিশাৰ পৰা পুৱাৰ ভাগলৈ কেইবাঘণ্টালৈ ধুমুহা চলি থাকে । বিশেষকৈ পুৱা বেছি জোৰেৰে ধুমুহা-বৰষুণ অহাত এক আতংকৰ পৰিৱেশ বিৰাজ কৰে । পুৱাও কিছু সময় পৰিৱেশ অন্ধকাৰছন্ন হৈ থাকে । বৃহত্তৰ বইটামাৰী অঞ্চলৰ বিভিন্ন ঠাইত গছ-গছনি ভাগি পৰে ।
অঞ্চলটোৰ দেৱানগাৱঁত সমুজ্জ্বল নাথ ৰ বাসগৃহত গছ এডাল ভাগি ঘৰৰ ওপৰতে পৰাত ঘৰটো ভাগি যায় । পৰিয়ালটি সৌভাগ্যক্ৰমে ৰক্ষা পৰে । গাওঁখনৰে খৰ্গেশ্বৰ নাথৰ ঘৰৰো টিনপাত উৰুৱাই নিয়াৰ লগতে ব্ৰয়লাৰ ফাৰ্মৰ ওপৰৰ চালখন উৰুৱাই পেলায় । বইটামাৰী অঞ্চলৰ আন বহু লোকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে । কিছু ঠাইত বিদ্যুতৰ খুটা বাগৰি পৰাৰ লগতে তাঁৰ ছিগি যায় । বঙাইগাৱঁৰ ছহিদবেদীৰ পৰা বইটামাৰীৰ শালবাৰী সংযোগী গড়কাপ্তানী পথৰ মূলাগাওঁ ৰ পৰা শালবাৰীলৈ বিভিন্ন ঠাইত গছ-গছনি - বিদ্যুতৰ তাঁৰ ভাগি পৰি যাতায়ত প্ৰায় ব্যাহত হয় । অঞ্চলটোত বাতৰি লিখা পৰত বতাহ বহু পৰিমাণে কমিছে যদিও পাতলৰ পৰা মজলীয়া বৰষুণ অব্যাহত আছে । বৃহত্তৰ অঞ্চলটোত বিদ্যুত সংযোগ ব্যাহত হৈ আছে ।🔯
0 Response to " "
Post a Comment