-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US
👉বিজনীত ই-ৰিক্সাৰ পৰা উদ্ধাৰ ড্ৰাগছসহ কণ্টেইনাৰ

                              বঙাইগাঁওঃ ২৬ মেঃ

🔯 মঙলবাৰে চিৰাং জিলাৰ বিজনীত এখন ই-ৰিক্সাৰ পৰা এটা ড্ৰাগছসহ কণ্টেইনাৰ উইদ্ধাৰ হয়। ই-ৰিক্সাখনৰ স্বত্বাধিকাৰী তথা চালক অনিময় মণ্ডলৰ(১৮) ই-ৰিক্সাৰ পৰা উদ্ধাৰ হয় ড্ৰাগছখিনি। ই-ৰিক্সাখনৰ হুদৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল ড্ৰাগছৰ কণ্টেইনাৰটো ।

উল্লেখ্য যে বঙাইগাঁৱৰ মৌতাৰাৰ পৰা বিজনী অভিমুখে ই-ৰিক্সাখন আহি আছিল । কিন্তু বিজনী-গেৰুকাবাৰী পথত একাংশ ৰাইজে সন্দেহবশত ই-ৰিক্সাখন ৰখায় আৰু আৰক্ষীক খবৰ দিয়ে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ই-ৰিক্সাখনত তালাচী চলাওতে উদ্ধাৰ হয় ড্ৰাগছখিনি । বাহনখনত চালকজনৰ মাতৃ মনখুশী মণ্ডলো আছিল । উভয়ৰে ঘৰ বিজনীৰ ৩ নং ৱাৰ্ডত । পিছত আৰক্ষীয়ে ড্ৰাগছসহ মাতৃ- পুত্ৰক আটক কৰি লৈ থানালৈ লৈ যায় ৷



0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article