-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US


বঙাইগাঁৱৰ পুৰণি বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা

চোকা অস্ত্ৰৰ আক্ৰমণত আহত পাঁচ

তিনি আক্ৰমণকাৰীক জেললৈ প্ৰেৰণ 


               বঙাইগাঁওঃ ১৩ জুনঃ 

🔯বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত যোৱা নিশা  চোকা অস্ত্ৰৰ আক্ৰামণত একেটা পৰিয়ালৰ পাঁচ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ আহতসকলক পিচত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আনহাতে তিনি আক্ৰমণকাৰীক আৰক্ষীয়ে নিশাই আটক কৰি থানালৈ নিয়ে ৷ ঘটনাটো নিশা ৯ বজাৰ পিচত সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ঘটনা সন্দৰ্ভত আক্ৰমণৰ বলি হোৱা পৰিয়ালটোৰ তৰফৰ পৰা বঙাইগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰ মতে যোৱা নিশা ভাটিপাৰা গাঁৱৰ বাবুল চন্দ্ৰ ৰায়ে নিজ ঘৰৰ পদূলিমুখত থিয় হৈ থকা অৱস্থাত একেখন গাঁওৰে ঘৰৰ ওচৰৰ সুৰেন ৰায়ৰ লগতে পৰিয়ালৰ আন দুই সদস্যই পুৰণি আখেজ লৈ অপ্ৰৰোচিতভাৱে হাতত থকা দা, লাঠি আদিৰে বাবুল চন্দ্ৰ ৰায়ক মূৰত আৰু হাতত ঘপিয়াই মাটিত বগৰাই দিয়ে ৷ লগতে বুকত আঘাত কৰাৰ উপৰিও সুৰেন ৰায়ৰ পুত্ৰ পংকজ ৰায়ে বাবুল ৰায়ৰ ডিঙিত চেপা মাৰি ধৰে ৷ এনে অৱস্থাত বাবুল ৰায়ে নিজকে বচাবলৈ চিঞৰ - বাখৰ কৰাত বাবুল ৰায়ৰ পুত্ৰ ,পত্নী , কন্যা আৰু ভটিজী এগৰাকীয়ে ৰক্ষা কৰিবলৈ আগবাঢ়ি যায় যদিও আক্ৰমণকাৰীয়ে দা আদিৰে আক্ৰমণ কৰে ৷ এই আক্ৰমণকাৰীৰ দাৰ আক্ৰমণত বাবুল ৰায়ৰ পত্নী ধৰিত্ৰী ৰায়, পুত্ৰ বিতু কুমাৰ ৰায় আৰু ভটিজী কৰবী ৰায় গুৰুতৰভাৱে আহত হয় ৷ আনহাতে আক্ৰমণকাৰী পংকজ ৰায়ে বাবুল ৰায়ৰ সাত মহীয়া গৰ্ভৱতী কন্যা ৰুমা ৰায়ৰ পেটত গোৰ মাৰি মাটিত পেলাই দিয়ে বুলিও এজাহাৰত উল্লেখ কৰিছে ৷ আক্ৰমণকাৰীসকলৰ আক্ৰমণত বাবুল ৰায়সহ পাঁচ গৰাকী লোক আহত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে গাঁওখনত চাঞ্চল্যৰ সৃষ্টি হয় আৰু স্থানীয় লোকে ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষীক খবৰ দিয়ে ৷ লগতে আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী সুৰেন ৰায় , পত্নী মালতী ৰায় আৰু পুত্ৰ পংকজ ৰায়ক আটক কৰি থানালৈ লৈ যায় ৷ আৰক্ষীয়ে আক্ৰমণৰ বলি হোৱা পৰিয়ালটোৰ তৰফৰ পৰা এই তিনিওজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৪/ ৩২৬/৩০৭ আৰু ৩৪ ধাৰাৰ অধীনত ৩৯৩/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ণ কৰি তিনি আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি আজি বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে তিনিওজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ 🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article