Tuesday, June 16, 2020
Comment
👉বঙাইগাঁৱৰ চিলাৰায় দৈনিক বজাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা
বঙাইগাঁওঃ ১৩ জুনঃ
🔯খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে শনিবাৰে বঙাইগাঁও চহৰৰ চিলাৰায় দৈনিক বজাৰ(বাঁহ বজাৰ) গৃহ নিৰ্মাণৰ আধাৰ শিলা স্থাপন কৰে ৷ পঞ্চম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ ৪০ লাখ টকাৰ অনুদানেৰে এই বজাৰ গৃহ নিৰ্মাণ কৰা হ'ব । উল্লেখ্য যে চহৰৰ মাজমজিয়াত থকা এই খন দৈনিক তথা সাপ্তাহিক বজাৰত দীৰ্ঘদিনৰ পৰাই নাছিল কোনো সমুহীয়া বজাৰ গৃহ ।
ইপিনে আধাৰশিলা স্থাপন কৰি মন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূষন চৌধুৰায়ে কয় যে এই বজাৰ গৃহ নিৰ্মাণ হৈ উঠিলে বঙাইগাঁৱৰ সাপ্তাহিক বজাৰ বা দৈনিক বজাৰ দুয়োখনেই উপকৃত হ'ব আৰু দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হ'ব ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত বঙাইগাঁও পৌৰ সভাৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া, পৌৰ সভাৰ কৰ্মচাৰী তথা স্থানীয় লোক উপস্থিত আছিল ৷

0 Response to " "
Post a Comment