-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US


👉বঙাইগাঁৱত ' বহিঃ ৰাজ্যৰ পৰা অহা ব্যক্তিক ৰখাৰ বাবে 'মিলিজুলি শিবিৰ ' স্থাপন


👉মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কৰিলে মুকলি 

                            বঙাইগাঁওঃ ১৪ জুনঃ 

🔯বঙাইগাঁৱৰ মূলাগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত জেল্কাঝাৰ দ্বিতীয় খণ্ডত আজি মিলিজুলি শিবিৰ' নামেৰে এক কোৱাৰেণ্টাইন কেন্দ্ৰ মুকলি কৰা হয় ৷ এই মিলিজুলি শিবিৰটো মুকলি কৰে ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী তথা বঙাইগাঁৱৰ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ শিবিৰ মুকলি অনুষ্ঠানত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, জিলা উন্নয়ন আয়ুক্ত , জিলাৰ অতিৰিক্ত উপায়ুক্তসকলৰ লগতে মূলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী আদি উপস্থিত আছিল ৷ উল্লেখ্য যে মূলাগাঁও গাঁও পঞ্চায়তৰ তৰফৰ পৰা নিৰ্মাণ কৰা এই মিলিজুলি শিবিৰটোত বহিঃ ৰাজ্যৰ পৰা অহা অঞ্চলটোৰ লোকক কোৱাৰেণ্টাইনত ৰখা হ'ব ৷ প্ৰাকৃতিক তথা মুকলি পৰিৱেশৰ মাজত স্থাপন কৰা শিবিৰটোৰ গৃৃহসমূহ কোটেজৰ দৰে নিৰ্মাণ কৰা হৈছে ৷ শিবিৰটোত এঘাৰটা চাংঘৰ আৰ্হিৰ গৃৃহ আছে আৰু প্ৰতিটো গৃহত এজনকৈ ব্যক্তি থকাৰ বাবে বিছনা, বিজুলী চাকি, পাংখাকে ধৰি প্ৰয়োজনীয় সা- সুবিধা প্ৰদান কৰা হৈছে ৷ সেইদৰে কোৱাৰেণ্টাইনত থকা প্ৰতিটো গৃহৰ ব্যক্তিৰ বাবে শিবিৰ চৌহদতে পৃথক পৃথক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে ৷ তাৰোপৰি ব্যক্তিসকলে যদি গৃহৰ বাহিৰত বহিব বিচাৰে ,তেতিয়াহলে তাৰ বাবে গৃহসমূহৰ সন্মুখতে বাঁহৰ চকী একোখন নিৰ্মাণ কৰা হৈছে ৷ শিবিৰৰ গৃহসমূহৰ বিপৰীতে ১ ৰ পৰা ১১ লৈ একোটা নিৰ্দিষ্ট ক্ৰমিক নম্বৰ দিয়া হৈছে আৰু সেই নম্বৰৰ ব্যক্তিজনে নিজৰ নম্বৰৰ শৌচাগাৰ ,চকী ব্যৱহাৰ কৰিব লাগিব ৷ উল্লেখ্য যে শিবিৰ চৌদহত কল গছ , তামোল , ফুল আদি ৰোপণ কৰাও হৈছে ৷ যদিওবা অস্থায়ীভাৱে শিবিৰটো নিৰ্মাণ কৰা হৈছে তথাপি পৰিৱেশটোৰ পৰিৱেশক দিয়া হৈছে অনন্য ৰূপ ৷ অৰ্থাৎ কোৱাৰেণ্টাইনত থকাসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায় তাৰ বাবেই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ৷

 ইপিনে শিবিৰটো মুকলি কৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে যি কোভিড - ১৯ মহামাৰী সেই মহাৰীৰ বিৰুদ্ধে আমাৰ যিখন সংগ্ৰাম চলি আছে এই সংগ্ৰামখন দীঘলীয়া হ'ব ৷ গতিকে যদি দীঘলীয়া হয় তেতিয়াহলে আমি বিদ্যালয় - মহাবিদ্যালয়সমূহ কোৱােণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ  কৰিলে ছাত্ৰ- ছাত্ৰীসকলক অন্যায় কৰা হ'ব ৷ সেয়ে আমি জিলা প্ৰশাসনে এটা চিন্তা কৰিছো যাতে এই সংগ্ৰামখন দীঘলীয়া হলেও বিদ্যালয় মহাবিদ্যালয়সমূহ খুলিব পৰা যায় আৰু  বিদ্যালয়- মহাবিদ্যালয়সমূহক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ নকৰি তাৰ বিকল্প হিচাপে বাহিৰত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিব পৰা যায় তাৰ প্ৰচেষ্টা হিচাপে এই মিলিজুলি শিবিৰটো মুকলি কৰা হৈছে ৷ তেওঁ আৰু কয় যে মূলাগাঁও গাওঁ পঞ্চায়তত যি ব্যৱস্থা গ্ৰহণ কৰা হ'ল, অনুৰূপ ব্যৱস্থা জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়ততে গ্ৰহণ কৰাৰ বাবেও পৰিকল্পনা কৰা হৈছে ৷ যদিহে এই পৰিকল্পনা সফল হয় ,তেতিয়াহলে নিশ্চিতভাৱে বঙাইগাঁও জিলাত যিসমূহ শিক্ষানুষ্ঠান আছে সেইসমূহ শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ পৰা আতৰত ৰাখিম আৰু শিক্ষানুষ্ঠানসমূহ মুকলি কৰি দিব পাৰিম ৷ তাৰোপৰি আমাৰ ৰাজ্যখন বানপীড়িত ৰাজ্য ৷ এতিয়া বানপানী আহি আছে ৷ বানপানীৰ সময়ত তথা গঢ়াখহনীয়াৰ বাবে ৰাইজক আশ্ৰয় শিবিৰত ৰাখিবলগীয়া হয় ৷ আশ্ৰয় শিবিৰ হিচাপে বিদ্যালয়মূহ ব্যৱহাৰ কৰা হয় ৷ সেয়ে যদি প্ৰতিখন বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হয় ,তেতিয়াহলে বানপানীত ক্ষতিগ্ৰস্ত হৈ যিসকল লোক শিবিৰত আহিবলগীয়া হ'ব তেওঁলোকক ৰাখিবলৈকো আমাৰ অসুবিধা হ'ব ৷ 


এনে ধৰণৰ সকলো কথা চালি- জাৰি চাই জিলা প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোৰোনা মহামাৰী সন্দৰ্ভত  এনে ধৰণে আছুতীয়াকৈ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ বাহিৰত কৰিব পাৰি নেকি আৰু তাৰে প্ৰথম পদক্ষেপ হিচাপে এই শিবিৰটো মুকলি কৰা হৈছে ৷ ইয়াৰ বাবে তেওঁ জিলা প্ৰশাসনক ধন্যবাদো জনায় ৷ আনহাতে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কয় যে এই শিবিৰটো মূলাগাঁও গাঁও পঞ্চায়তৰ তৰফৰ পৰা স্থাপন কৰিছে ৷ এই শিবিৰটোত বহিঃ ৰাজ্যৰ পৰা অঞ্চলটোৰ যিসকল ব্যক্তি ঘৰলৈ বুলি ওভতি আহিব তেওঁলোকক ইয়াত কোৱাৰেণ্টাইনত ৰখা হ'ব ৷ বিয়লিৰ পৰা এই শিবিৰত ব্যক্তি আহিব ৷ আমি প্ৰতিখন গাঁও পঞ্চায়ততে এনে ব্যৱস্থা গঢ়ি তোলাৰ বাবে চেষ্টা কৰি আছো আৰু যিসমূহ বিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে আছে সেইবোৰ লাহে লাহে মুকলি কৰি দিব বিচাৰিছো ৷ বহিঃ ৰাজ্যৰ পৰা ওভতি  অহা লোকসকলৰ বাবে যি সুবিধা লাগে সেয়া ৰাজ্য চৰকাৰে কৰি আছে আৰু জিলা প্ৰশাসনেও কৰি আছে ৷  উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা  লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ যাতে বিয়পিব নোৱাৰে, তাৰ বাবে গাওঁবাসীৰ সহযোগত বঙাইগাওঁ জিলা প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই  বিশেষ পদক্ষেক গ্ৰহণ কৰিছে ৷ ইতিমধ্যে ৪ মে'ৰ পৰা আন্তঃৰাজ্যিক পৰিবহন আৰু ১২ মে'ৰ পৰা যাত্ৰীবাহী ৰে'লৰ চলাচল আৰম্ভ হোৱা হেতুকে প্ৰায় ৩,৩৯৮ গৰাকী লোক আহি জিলাখনত উপস্থিত হৈছে ৷ সেয়েহে বঙাইগাওঁ জিলা প্ৰশাসনৰ 'মিলিজুলি' প্ৰকল্পৰ অধীনত আন ৰাজ্যৰ পৰা অহা লোকসকলক আছুতীয়াকৈ ৰাখিবলৈ চৰকাৰী সহায়ৰ উপৰিও মূলাগাঁও গাঁও পঞ্চায়তৰ সভাপতি আৰু ৰাইজৰ সহযোগত এই  কোৱাৰেণ্টাইন গৃহ সাঁজি উলিয়াইছে ৷ 🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article