-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉দশম স্থান অৰ্জনেৰে বঙাইগাঁওলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰেৰণা ডেকাই 

👉ভৱিষ্যতে অভিযন্তা হোৱাৰ মন কৃতী ছাত্ৰীগৰাকীৰ



                     '            বঙাইগাঁওঃ ৬ জুনঃ 

🔯 শনিবাৰে ঘোষণা কৰা বহু প্ৰতীক্ষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ ফলাফলত বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ মাধ্যমিক স্তৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী প্ৰেৰণা ডেকাই ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰি বঙাইগাঁৱৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰেৰণাই মুঠ ৫৮৪ নম্বৰ লাভ কৰি এই সাফল্য অৰ্জন কৰে ৷ উল্লেখ্য যে ৰে'লৱে সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক দিগম্বৰ ডেকা আৰু নিউ বঙাইগাঁও ৰে'লৱে ৱৰ্কশ্বপৰ কৰ্মচাৰী বন্দনা দাসৰ কন্যা প্ৰেৰণা ডেকাই অসমীয়া (৯২), ইংৰাজী (৯৭), সাধাৰণ বিজ্ঞান (৯৮), সাধাৰণ গণিত (১০০),ঐচ্ছিক গণিত (১০০) আৰু সমাজ বিজ্ঞানকে (৯৭) ধৰি আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি শতকৰা ৯৭'৩ শতাংশ নম্বৰেৰে দশম স্থান দখল কৰিছে। নিউ বঙাইগাঁও বিজি কলনীৰ ৰে'লৱে আবাসী প্ৰেৰণা ডেকাই ঘোষিত ফলাফলকলৈ সন্তুষ্টি প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত  কয় যে যিটো ফলাফল লাভ কৰিছো তাৰ বাবে মোৰ ভালেই লাগি আছে ৷ কাৰণ মই সকলোৰে আশা পূৰণ কৰিব পাৰিছো ৷ তাৰোপৰি যিখিনি কষ্ট কৰিছিলো সেইখিনিয়ে পাইছো ৷সেয়ে মই সন্তুষ্ট ৷ অৱশ্যে মই নিজে স্থান পাম বুলি ভবা নাছিলো ৷ 

কিন্তু মোৰ অভিভাৱক ,আত্মীয় তথা শিক্ষাগুৰুসকলে আশা কৰিছিল ৷ মোৰ অধ্যয়নৰ ওপৰত তথা পূৰ্বে শ্ৰেণীত ভাল নম্বৰ পোৱাৰ বাবে তেওঁলোকে মোৰ ওপৰত স্থান পাম বুলি আশা কৰিছিল ৷ দৈনিক প্ৰায় দহ ঘণ্টাকৈ পঢ়া- শুনা কৰা প্ৰেৰণাৰ সাধাৰণ গণিত ,ঐচ্চিক গণিত আৰু ইংৰাজীত টিউচন আছিল ৷ বাকী বিষয় নিজে পঢ়িছিল যদিও বিজ্ঞান বিষয়তো কিছুদিন টিউচন লৈছিল বুলিও কয় ৷ স্থান পাবলৈ হলে যে টিউচন ল'ব লাগিব তেনে কোনো কথা নাই বুল কৈ কৃতি ছাত্ৰীগৰাকীয়ে কয় যে টিউচন ললেও নিজৰ ওপৰত ভৰষা ৰাখিব লাগিব ৷ কাৰণ নিজে যদি পঢ়িব পাৰে সেয়া সকলোতকৈ ভাল কথা ৷ তাৰোপৰি ভাল ফলাফল লাভ কৰিবলৈ হলে কষ্ট কৰিব লাগিব ৷ অৰ্থাৎ পঢ়িবই লাগিব আৰু নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব ৷ লগতে বাহিৰা কিতাপ আদি পঢ়িব লাগে বুলিও কয় ৷ পঢ়াৰ ক্ষেত্ৰত সময়ৰ হিচাপ নকৰি যিখিনি পঢ়ে সেয়া আয়ত্ত কৰিব পৰাটোহে আচল কথা বুলি কৈ পঢ়াখিনি বুজি ললে কোনো অসুবিধা নহয় বুলিও কয় ৷ ইপিনে প্ৰেৰণাই নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে কয় যে- প্ৰথমে মই বিজ্ঞান শাখাত নামভৰ্তি কৰি ভালদৰে উত্তীৰ্ণ হ'ব বিচাৰো ৷ তাৰ পিচত অভিযন্তা হোৱাৰ মন বুলিও কয় ৷ গান গাই ভাল পোৱা প্ৰেৰণাই আজৰি  সময়ত গান গোৱাৰ লগতে টিভি চাইছিল বুলি কয় ৷ লগতে বাহিৰা কিতাপো পঢ়িছিল ৷ সেইদৰে ৱাটচআপৰ জৰিয়তে বন্ধুৰ সৈতে কথা-বতৰা পাতিছিল আৰু বিদ্যালয়ৰ শিক্ষকসকলে খোলা ৱাটচআপ গ্ৰুপত আছিল যদিও আন ছ'চিয়েল মিডিয়াৰ একাউণ্ট নথকা বুলি কয় ৷  

প্ৰেৰণাই তেওঁৰ সাফল্যৰ অন্তৰালত পিতৃ-মাতৃ তথা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ অনুপ্ৰেৰণা অন্তনিৰ্হিত থকাৰ কথা প্ৰকাশ কৰে। সম্প্রতি কোৰোনা ভাইৰাছৰ মহামাৰী প্ৰতিৰোধকল্পে চৰকাৰে গ্রহণ কৰা লকডাউনৰ সময়ত বাহিৰা কিতাপ অধ্যায়ন, গান গোৱা, শৰীৰ চৰ্চা কৰি দীঘলীয়া সময় অতিবাহিত কৰা বুলিও কয় ৷ প্ৰেৰণা ডেকাৰ এই সাফল্যত বিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষক - শিক্ষয়িত্ৰীকে ধৰি সকলো উৎফুল্লিত হৈ পৰিছে ৷ কিন্তু কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিদ্যালয়ত নাছিল কোনো আয়োজন ৷ ইপিনে প্ৰেৰণা ডেকাই ৰাজ্যখনৰ ভিতৰত দশম স্থান অধিকাৰ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হৈ অভিনন্দন জনায় ৷ সেইদৰে সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি আছুৰ বিষয়ববীয়াও উপস্থিত হৈ ছাত্ৰীগৰাৰীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায় ৷ আছুই বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল মান্নানকো সম্বৰ্ধনা জনায় ৷ বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ আৰু বঙাইগাঁও জিলা এন এছ ইউ আইৰ তৰফৰ পৰাও ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱা‌ৰ লগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷ উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰ - ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ ৷ 

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article