Monday, June 8, 2020
Comment
👉বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এশ শতাংশ উত্তীর্ণৰ ধাৰা অক্ষুন্ন
বঙাইগাঁওঃ ৬ জুনঃ
🔯বঙাইগাঁও চহৰৰ মাধ্যমিক স্তৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিগত ৩৩ বছৰ ধৰি এশ শতাংশ উত্তীর্ণৰ ধাৰা অক্ষুন্ন ৰাখিছে। শনিবাৰে ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা ১১৩ গৰাকী পৰীক্ষাৰ্থীৰ সকলোৱে উত্তীর্ণ হৈছে। উত্তীর্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ ভিতৰত ১০৯ গৰাকীয়ে প্ৰথম বিভাগ আৰু ৪ গৰাকীয়ে দ্বিতীয় বিভাগ অৰ্জন কৰিছে। উল্লেখ্য যে শনিবাৰে ঘোষিত ফলাফলত বিদ্যালয়খন পৰা প্ৰেৰণা ডেকাই ৰাজ্যখনৰ প্রথম দহটা স্থানৰ ভিতৰত দশম স্থান লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। আনহাতে বিদ্যালয়খনৰ ৩৮ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন আৰু ২৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক অৰ্জন কৰিছে। বিদ্যালয়খনৰ মুঠ ৩৮২টি লেটাৰ নম্বৰ অৰ্জনকাৰীৰ ভিতৰত ইংৰাজী বিষয়ত ৯২ গৰাকী, সাধাৰণ গণিতত ৫৫ গৰাকী, সাধাৰণ বিজ্ঞানত ৫১গৰাকী, উচ্চ গণিতত ১৯ গৰাকী, সমাজ বিজ্ঞানত ৫৮ গৰাকী, কম্পিউটাৰ বিষয়ত ৬৩ গৰাকী আৰু মাতৃভাষা (অসমীয়াত ৬ গৰাকী, হিন্দীত ৩৭ গৰাকী আৰু বড়োত এগৰাকী) ত ৪৪ গৰাকীয়ে লেটাৰ মাৰ্ক অৰ্জন কৰিছে।🔯
0 Response to " "
Post a Comment