-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

 👉মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰিলে  তাঁতীমাৰাস্থিত আমূল কো-অপাৰেটিভ প্ৰচেছিং প্লাণ্ট 

                    🔯নিউজ ডেস্কঃ ২ জুনঃ

🔯গুৱাহাটীৰ কাষৰীয়া চন্দ্ৰপুৰৰ তাঁতীমাৰাত "ব্লুবেৰী ইণ্ডাষ্ট্ৰীজ"-এ পৰিচালনা কৰা "আমূল কো-অপাৰেটিভ প্ৰচেছিং প্লাণ্ট"টো মঙলবাৰে কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই পৰিদৰ্শন কৰে আৰু প্লাণ্টৰ পৰিচালন সঞ্চালক কমল ডেকাৰ পৰা দুগ্ধ সংসাধন, পেকেজিং, বিতৰণ আদি কেতবোৰ প্ৰক্ৰিয়াৰ বুজ লয় ৷ দৈনিক ১ লাখ লিটাৰ দুগ্ধ সামগ্ৰী প্ৰস্তুত কৰিব পৰা উত্তৰ-পূব ভাৰতৰ ই আটাইতকৈ ডাঙৰ প্লাণ্ট। জানিব পৰা মতে দুই লাখ লিটাৰলৈ ইয়াক সম্প্ৰসাৰণ কৰা হ'ব, যাৰ দ্বাৰা ৰাজ্যখনৰ  গোপালকসকল ভৱিষ্যতলৈ  লাভৱান্বিত হ'ব।

উত্তৰ-পূব ভাৰতৰ এই প্লাণ্টটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ গো-পালকৰ পৰা গাখীৰ সংগ্ৰহ কৰাৰ ফলত গো-পালকসকল বহু পৰিমাণে লাভৰ সন্মুখীন হৈছে৷ গো-পালকসকলক ৰাজসাহায্যযুক্ত পশুখাদ্য যোগানে ধৰি তেওঁলোকৰ লাভৰ পৰিমাণ অধিক বৃদ্ধি কৰাৰ বাবে চিন্তা চৰ্চা কৰা বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে  যুৱপ্ৰজন্মক আহ্বান জনাই কয় যে- "আত্মনিৰ্ভৰ ভাৰত"ৰ আৰ্হিৰে "আত্মনিৰ্ভৰ অসম" গঢ়িবলৈ তেওঁলোক দুগ্ধ উৎপাদন খণ্ডৰ সৈতে জড়িত হওক৷ এইক্ষেত্ৰত বিভাগীয়ভাৱে প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ'ব৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article