-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত ১ জুলাইৰ পৰা নতুন নিৰ্দেশনা 

👉আংশিক লক ডাউন ঘোষণাৰে সপ্তাহটোৰ পাঁচ দিনে পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ খোলা থাকিব দোকান-পোহাৰ 


                         বঙাইগাঁওঃ ৩০ জুনঃ

🔯বঙাইগাঁও চহৰ অঞ্চলৰ কেবাজনো লোক কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু বঙাইগাঁও পৌৰসভা  এলেকাত জনসাধাৰণৰ ভীৰ তথা যান- বাহনৰ চলা-চলৰ যান -জোঁট কমাই কোভিড- ১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে আজি জিলা খনৰ সদৰ বঙাইগাঁও চহৰত আংশিক লক ডাউন ঘোষণাৰে এক নতুন নিৰ্দেশনা জাৰি কৰিছে ৷ জিলা উপায়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈ অৰ্থাৎ পহিলা জুলাইৰ পৰা বঙাইগাঁও চহৰ অঞ্চলত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ পাঁচ ঘণ্টাৰ বাবেহে সপ্তাহটোৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচদিন দোকান -পোহাৰ খোলা ৰাখিব পাৰিব ৷ একেদৰে নিৰ্দেশনাটোত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলক অৰ্থাৎ বিক্ৰেতা আৰু ক্ৰেতাসকলে মাস্ক আৰু হেণ্ড গ্লোভ্চ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰা হৈছে ৷ ইপিনে ৰাজ্য চৰকাৰে কোভিড-১৯ ৰোগ সংক্ৰমণ ৰোধৰ বাবে নগৰ আৰু চহৰ অঞ্চলত প্ৰতি শনি আৰু দেওবাৰে লক ডাউন কাৰ্যসূচী বলৱৎ কৰাৰ পাছত বঙাইগাঁও জিলাত জিলা প্ৰশাসনে নতুন নিৰ্দেশনা জাৰি কৰাত লক ডাউন কাৰ্যসূচী কঠোৰ হ'ব বুলি অনুমান কৰা হৈছে ৷🔯 

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article