-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁও জিলাত সদ্যজাত কন্যা শিশুৰ লগতে মাতৃৰ দেহতো কোভিড- ১৯ পজিটিভ 

👉চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ

               বঙাইগাঁওঃ ৩০ জুনঃ 

🔯বঙাইগাঁও জিলাৰ মাণিকপুৰ ব্লক পি এইছ চিৰ অধীনৰ পাতিলাদহা বাঁওবাৰী গাঁৱৰ এগৰাকী প্ৰসূতি মহিলাৰ দেহত কোভিড ১৯ ৰোগৰ অৱস্থিতি ধৰা পৰাত  চিন্তিত কৰি তুলিছে পৰিয়াল, আত্মীয় আৰু ৰাইজক ৷ আজি জিলা প্ৰশাসনে সদৰি কৰা মতে পাতিলাদহাৰ গৰ্ভৱতী মহিলা গৰাকীক ২৪ জুনত মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত স্বামী আৰু শাহুৱেকৰ লগত গৈছিল ৷ পিচত চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীক বৰপেটা জিলাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে ৷ সেই অনুসৰি গৰ্ভৱতী মহিলা গৰাকীক স্বামী, শাহু আৰু আশা কৰ্মীয়ে ব্যক্তিগত বাহনেৰে লৈ যায় ৷ ২৫ জুনত মহিলা গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে ৷ সিদিনাই স্বামী আৰু আশা কৰ্মীয়ে প্ৰাইভেট বাহনেৰে ঘৰলৈ উভতি আহে ৷ ২৭ জুনত প্ৰসূতি মাতৃৰ লগতে দেৱ শিশুটিৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে ৷ ২৮ জুনৰ দিনা মাতৃ আৰু কন্যা সন্তানটিক ঘৰলৈ অনাৰ পাছতে কালি অৰ্থাৎ ২৯ জুনত মাতৃ আৰু দেৱ শিশুটিৰ নমুনা পৰীক্ষাৰ ফলাফলত দুয়োৰে দেহত কোভিড- ১৯ পজিটিভ ধৰা  পৰে ৷ ইয়াৰ পাছতে বঙাইগাঁও জিলা প্ৰশাসনে তৎপৰতাৰে কোভিড- ১৯ ৰোগত আক্ৰান্ত হোৱা প্ৰসূতি মাতৃৰ লগতে দেৱ শিশুটিক আজি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত নিয়াৰ ব্যৱস্থা কৰে ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article