Tuesday, June 30, 2020
Comment
👉বঙাইগাঁও জিলাত গণ সংক্ৰমণৰ দিশে কোৰোনা
👉ডিআই জি,এছ পি,ডি এছ পি হোম কোৱাৰেণ্টাইন
👉তিনিটাকৈ বেংকৰ শাখা , বজাৰ কৰা হ'ল বন্ধ
👉কেইবাটাও এলেকাক ঘোষণা কৰা হ'ল কণ্টেইনমেণ্ট জ'ন
👉জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম- কাজ চলিছে জিলা পৰিষদ কাৰ্যালয়ৰ পৰা
👉তথ্য যোগান ধৰাত হেমাহি প্ৰশাসনৰ
👉তথ্য যোগান ধৰাত হেমাহি প্ৰশাসনৰ
বঙাইগাঁওঃ ২৯ জুনঃ
🔯বঙাইগাঁও জিলাত এতিয়া কোৰোনা ভাইৰাছে ক্ৰমাৎ গণ সংক্ৰমণৰ ৰূপ লৈছে ৷ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা ব্যক্তিৰ দেহটো ধৰা পৰিছে কোভিড- ১৯ পজিটিভ ৷ ফলত জনসাধাৰণৰ মাজত আতংকই বিৰাজ কৰিছে ৷ ইপিনে বঙাইগাঁও বঙাইগাঁও চহৰৰ মাজমজিয়াৰ তিনিজন ব্যক্তি কোভিড- ১৯ ত আক্ৰান্ত হোৱাত এতিয়া বঙাইগাঁও চহৰৰ তিনিটাকৈ আবাসক সামৰি তিনি স্থানক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ একেদৰে বন্ধৰ নিৰ্দেশ জাৰি কৰিছে চিলাৰায় দৈনিক বজাৰ আৰু চিলাৰায় সাপ্তাহিক বজাৰ ৷ ছেনিটাইজ কৰা হৈছে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্য়ালয় ৷ লগতে জিলা প্ৰশাসনৰ কাম - কাজ সাময়িকভাৱে চলাই থকা হৈছে জিলা পৰিষদ কাৰ্যালয়ৰ পৰা ৷ বন্ধ কৰি দিয়া হৈছে বঙাইগাঁও শাখা ভাৰতীয় ষ্টেট বেংক , ইণ্ডিয়ান বেংক আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়া ৷ কাৰণ শেহতীয়াভাৱে কোভিড - ১৯ ত আক্ৰান্ত হোৱা বঙাইগাঁৱৰ আবকাৰী বিভাগৰ অধীক্ষক কুঞ্জলাল পাঠক ( জিলা উপায়ুক্ত কাৰ্যালয় )ৰ লগতে বঙাইগাঁৱৰ ৰাজকুমাৰ আগৰৱালা ( চাৰ্টাৰ্ড একাউণ্টেণ্ট) ৰ ফাৰ্মত কাম কৰা গণেশ সৰকাৰ ( ঘৰ অভয়াপুৰী) আৰু লেচুতোলা নিবাসী বিদ্যালয় এখনৰ শিক্ষক সুৰজিৎ সাহাই বেংক ,বজাৰ , জিলা উপায়ুক্ত কাৰ্যালয়লৈ অহা- যোৱা কৰাৰ তথ্য লাভ কৰাৰ পিচতে জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰে ৷ এই আক্ৰান্ত ব্যক্তি তিনিজনৰ সৈতে বহু লোক সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে আক্ৰান্ত ব্যক্তি তিনিজনৰ সংস্পৰ্শলৈ অহা লোকক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷ কিছুমানক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে কিছুমানক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা হৈছে ৷
ইপিনে আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলা পৰিষদ কাৰ্যালয়ৰ সভা কক্ষত এখন সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেলত জিলা উপায়ুক্তগৰাকীয়ে আক্ৰান্ত তিনি ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ কয় যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ যেতিয়া স্বাৱ পৰীক্ষা কৰা হৈছিল তেতিয়া এজনৰ ফলাফল পজিটিভ আহিছে আৰু জিলা উপায়ুক্ত কাৰ্যালয়লৈ অহা আন এজন ব্যক্তিৰো স্বাৱ পৰীক্ষাৰ ফলাফলত পজিটিভ ধৰা পৰে ৷ আনহাতে সাধাৰণ জ্বৰ হৈ থকাৰ বাবে নিজে স্বাৱ পৰীক্ষা কৰিবলৈ দিয়া আন এজন বঙাইগাঁও চহৰত থকা ব্যক্তিৰ পৰীক্ষাৰ ফলাফলতো পজিটিভ ধৰা পৰিছে ৷ আক্ৰান্ত এজন ব্যক্তিৰ প্ৰকৃত ঘৰ অভয়াপুৰীত যদিও কাম কৰে বঙাইগাঁৱত ৷ সেয়ে ব্যক্তিজনে বঙাইগাঁও আৰু অভয়াপুৰীলৈ অহা যোৱা কৰি থাকে ৷ যাৰ বাবে অভয়াপুৰীৰ বজাৰ আৰু টাউন অঞ্চলত ঘূৰি- ফুৰিছিল ৷ ব্যক্তিজন কোভিড- ১৯ ত আক্ৰান্ত হোৱাৰ পিচতে আমি অভয়াপুৰী বজাৰ এলেকাত বাধা - নিষেধ আৰোপ কৰিছো আৰু বঙাইগাঁৱত য'ত কাম কৰিছিল তাক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ৷ লগতে ব্যক্তিজনৰ সংস্পৰ্শলৈঅহা ব্যক্তিসকলক চিনাক্ত কৰি থকা হৈছে ৷ ব্যক্তিজনৰ যেতিয়া জ্বৰ হৈছিল তেতিয়া তেওঁ বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ গৈ পৰীক্ষাৰ বাবে স্বাৱ দিছিল ৷ পিচত কেইদিনমান ফলাফলৰ বাবে অপেক্ষা কৰাৰ পিচত ফলাফল নিগেটিভ বুলি ভাৱি অভয়াপুৰীৰ ঘৰলৈ যায় ৷ ঘৰলৈ গৈ পৰিয়ালৰ সদস্যৰ সৈতে মিলা - মিছা কৰিছে ৷ বজাৰত বজাৰ কৰিছে ৷
গতিকে ব্যক্তিজন যোৱা বজাৰ ,দোকান আদি বন্ধ কৰি দিয়াৰ লগতে ঘৰ আৰু চাৰিসীমাক সামৰি কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে বুলিও কয় ৷ সকলতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে আক্ৰান্ত ব্যক্তিজন তিনিটাকৈ বেংকলৈকো গৈছিল ৷ যাৰ বাবে বঙাইগাঁও শাখা ভাৰতীয় ষ্টেট বেংক ,ইউনাইটেড বেংক অৱ ইণ্ডিয়া আৰু ইণ্ডিয়ান বেংকৰ বঙাইগাঁও শাখা দুটা বন্ধ কৰি দিয়া হৈছে ৷ তিনিওটা বেংকৰে সকলো কৰ্মচাৰীৰ স্বাৱ পৰীক্ষাৰ ফলাফল নিগেটিভ নহা পৰ্যন্ত বেংক তিনিটা বন্ধ থাকিব ৷ এতিয়া যিহেতু চহৰ অঞ্চলৰ ব্যক্তিৰ পজিটিভ অহা আৰম্ভ হৈছে ,সেয়ে চহৰ অঞ্চলৰ লোকসকল আৰু অধিক সাৱধানে থাকিব লাগিব ৷ বিশেষকৈ সামাজিক দূৰত্ব বজাই ৰাখি চলা-ফুৰা কৰিব লাগিব আৰু মাস্ক পৰিধান কৰিব লাগিব ৷ লগতে পৰা পক্ষত ঘৰৰ বাহিৰলৈ ওলাব নালাগে বুলিও জিলা উপায়ুক্তগৰাকীয়ে ৰাইজলৈ আহ্বান জনায় ৷ কাৰণ বাহিৰলৈ ওলাই আহিলে বিপদত পৰিব পাৰে ৷ অৰ্থাৎ কোৰোনাত আক্ৰান্ত হ'ব পাৰে ৷ এতিয়া কণ্টেইনমেণ্ট জ'ন বহু হ'ব আৰু বাধা - নিষেধো আৰোপ কৰা হ'ব ৷ তেওঁ বয়োজ্যেষ্ঠ ব্যক্তি ,শিশু আৰু নানা ৰোগত আক্ৰান্ত হৈ থকা লোকসকল ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ নালাগে বুলিও কয় ৷ লগতে লোকসকলে পূৰ্বে যিদৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহ হোম ডেলিভাৰী কৰিছিল , তেনেকৈ কৰিবলৈকো আহ্বান জনায় ৷ উপায়ুক্তগৰাকীয়ে আৰু কয় যে বন্ধ হৈ থকা বেংক তিনিটাৰ কৰ্মচাৰীসকলক হোম কোৱাৰেণ্টাইন কৰা হৈছে ৷ আনহাতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়া কেনেকৈ কোভিড - ১৯ ত আক্ৰান্ত হ'ল সেই বিষয়ে জিলা উপায়ুক্তগৰাকীয়ে বিশেষ তথ্য দিব নোৱাৰিলে যদিও বিষয়াগৰাকীৰ ঘৰ গুৱাহাটীত হোৱাত গুৱাহাটীলৈ গৈছিল বুলি কয় ৷ হয়তো তেনেকৈও আক্ৰান্ত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে ৷ সেই বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সকলো কৰ্মচাৰীৰে দ্বিতীয়বাৰৰ বাবে স্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ কিন্তু জিলা উপায়ুক্ত কাৰ্যালয়টো কেৱল ছেনিটাইজেচনৰ বাবেহে বন্ধ কৰা হৈছে ৷ তাতো কৰিব পাৰি যদিও জিলা পৰিষদ কাৰ্যালয়ত কিছু সংখ্যক কৰ্মচাৰীলৈ কৰি থকা হৈছে ৷ স্বাৱ পৰীক্ষাৰ ফলাফল দি সকলোৰে নিগেটিভ আহে তেতিয়াহলে সকলো কৰ্মচাৰীকে কাৰ্যালয়লৈ আহিবলৈ দিয়া হ'ব ৷ আক্ৰান্ত বিষয়াগৰাকী ডায়েবেটিচ ৰোগত আক্ৰান্ত বাবে তেওঁক জি এম চিলৈ প্ৰেৰণ কৰা হৈছে ৷ সেইদৰে লেচুতোলাৰ ব্যক্তিজন নিউ বঙাইগাঁও ৰে'লৱে জংচনত বহিঃ ৰাজ্যৰ পৰা ৰে'ল যোগে অহা ব্যক্তিৰ নাম - ঠিকনা পঞ্জীয়ণৰ কামত জড়িত আছিল বুলি কয় আৰু বিতং তথ্য সংগ্ৰহ কৰি থকা বুলি জানিব দিয়ে ৷
ইপিনে অষ্টম অসম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট গৰাকী কোভিড- ১৯ ত আক্ৰান্ত হোৱা সন্দৰ্ভত জিলা উপায়ুক্তগৰাকীয়ে কয় যে তেওঁ ছাগলীয়া গেটত কৰ্তব্যত আছিল ৷ সেয়ে তাৰ পৰাই আক্ৰান্ত হ'ব পাৰে ৷ তেওঁ ডিজিপিৰ এক ভিডিঅ কনফাৰেন্স থকাত জিলা উপায়ুক্ত কাৰ্যালয়লৈ আহিছিল ৷ উল্লেখ্য যে এই ভিডিঅ কনফাৰেন্সত কমাণ্ডেণ্ট অজাগৰণ বসুমতাৰীৰ সৈতে ডি আই জি , আৰক্ষী অধীক্ষক ,উপ আৰক্ষী অধীক্ষক ,মহকুমা আৰক্ষী বিষয়া আদিও উপস্থিত আছিল ৷ এতিয়া কমাণ্ডেণ্টগৰাকী কোভিড- ১৯ ত আক্ৰান্ত হোৱাৰ পিছত কনফাৰেন্সত উপস্থিত থকা আটাইকেইগৰাকী আৰক্ষী বিষয়াৰে পৰীক্ষাৰ বাবে স্বাৱ সংগ্ৰহ কৰাৰ লগতে তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে ৷ ইতিমধ্যে কমাণ্ডেণ্টগৰাকীৰ আবাস, কাৰ্যালয় চৌহদক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে আৰু বাকী নিৰাপদ অঞ্চল বুলি ঘোষণা কৰা হৈছে ৷ কিন্তু বাহিনীটোৰ চৌদহৰ সকলো লোকৰ বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত আৰু বাহিৰৰ লোকৰ ভিতৰত প্ৰৱেশত বাধা - আৰোপ কৰা হৈছে ৷ সংবাদ মেলত উপায়ুক্তগৰাকীয়ে জিলাখনত বৰ্তমানলৈকে ৮৫৯ জন ব্যক্তি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৭৮৮ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে বুলি কয় ৷ উল্লেখ্য যে জিলা প্ৰশাসনে ইতিমধ্যে বঙাইগাঁও চহৰৰ ৰাজকুমাৰ আগৰৱালাৰ ফাৰ্মত কাম কৰা গণেশ সৰকাৰ কোভিড - ১৯ আক্ৰান্ত হোৱাত আগৰৱালাৰ ৰিলায়েন্স ট্ৰেণ্ডৰ ওচৰত থকা আবাসক সামৰি চাৰিওফালৰ এলেকাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি লোকৰ ওলোৱা-সোমোৱাত বাধা আৰোপ কৰিছে জিলা দণ্ডাধীশে ৷ সেইদৰে লেচুতোলাৰ সুৰজিৎ সৰকাৰ নামৰ কোভিড- ১৯ ত আক্ৰান্ত ব্যক্তিজনৰো আবাসৰ লগতে চাৰিওফালৰ এলেকাক সামৰি ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ'ন ৷ একেদৰে আবকাৰী অধীক্ষকগৰাকী ভাড়াতীয়া হিচাপে থকা বৰপাৰাৰ ৰেণুকা দাসৰ আবাসক সামৰি কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ৷ উল্লেখ্য যে কোৰোনা মহামাৰীয়ে বঙাইগাঁও জিলাত দ্ৰুত সংক্ৰমণৰ ৰূপ লোৱাৰ ক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসনৰ ভূমিকাকো সচেতন মহলে সমালোচনা কৰিবলৈ লৈছে ৷ কাৰণ জিলাখনত কোভিড- ১৯ ত আক্ৰান্ত ৰোগীৰ তথ্য জিলা প্ৰশাসনে ৰাজহুৱা কৰাৰ পৰা বিৰত থকাৰ লগতে সংবাদ মাধ্যমকো যোগান নধৰাৰ ফলত ৰাইজে শেহতীয়াভাৱে এই মহামাৰীয়ে জিলাখনত কি ৰূপ লৈছে একো আও- ভাও পোৱা নাছিল ৷ তাৰোপৰি জিলা প্ৰশাসনে কোভিড- ১৯ ত আক্ৰান্ত ব্যক্তিৰ নাম- ঠিকনা প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰাত আক্ৰান্ত ব্যক্তিজনৰ পৰিচয় লাভ কৰাটো অসম্ভৱ হৈ পৰে ৷ কাৰণ ব্যক্তিজন কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ পূৰ্বে ব্যক্তিজনৰ সৈতে কোন কোন ব্যক্তি সংস্পৰ্শলৈ আহিছিল সেয়া উলিওৱাটোও অসম্ভৱ ৷ যিহেতু আক্ৰান্ত ব্যক্তিজনৰ নামেই প্ৰশাসনে প্ৰকাশ নকৰে ,সেয়ে আক্ৰান্ত ব্যক্তিজনৰ সৈতে কোন স্থানত কাৰ সংস্পৰ্শ ঘটিছিল সেইসকল লোকে হয়তো নিজেই নাজানে ৷
এনে অৱস্থাত আক্ৰান্ত ব্যক্তিজনক চিকিৎসাধীন কৰা হয় যদিও আক্ৰান্ত ব্যক্তিজনৰ সংস্পৰ্শলৈ অহাসকল মুকলি মুৰিয়াকৈ বজাৰে- সমাৰে ,কাৰ্যালয় আদিত ঘূৰি ফুৰি থাকিল ৷ উঠিল যান- বাহনতো ৷ গতিকে জিলা প্ৰশাসনৰ অবিবেচক কাণ্ডৰ বাবেই আজি বঙাইগাঁও জিলাত কোৰোমাই দ্ৰুত সংক্ৰমণৰ ৰূপ লোৱা বুলি সচেতন ৰাইজে মুকলিকৈ সমালোচনা কৰিবলৈ লৈছে ৷ জিলা প্ৰাশাসে আক্ৰান্ত ব্যক্তিজনৰ বিপৰীতে সংখ্যা ব্যৱহাৰ কৰাত এতিয়া ৰাইজ অধিক আতংকিত হৈ পৰিছে ৷ ৰাইজে কোভিড- ১৯ ত আক্ৰান্ত ব্যক্তিৰ সম্পূৰ্ণ নাম - ঠিকনা ৰাজহুৱা কৰাৰ বাবেও প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷ যাতে কোৰোনা মহামাৰীয়ে জিলাখনৰ সৰ্বত্ৰে ভয়াৱহ ৰূপ ধাৰণ কৰি গণ সংক্ৰমণৰ শেষ স্তৰলৈ গতি কৰাৰ পূৰ্বে ইয়াক প্ৰতিৰোধ কৰাত ৰাইজক সজাগ হ'ব পাৰে ৷ অন্যথা জিলাখনত ইয়াক প্ৰতিৰোধ কৰাটো অসম্ভৱ হৈ পৰিব বুলিও মতপোষণ কৰিছে ৷ কাৰণ আক্ৰান্ত ব্যক্তিজনৰ পৰিচয় ৰাজহুৱা নকৰাৰ ফলত জনসাধাৰণৰ মাজত কোৰোনাকলৈ ক্ৰমাৎ সজাগতা হ্ৰাস পোৱা পৰিলক্ষিত হোৱাৰ লগতে বহুতে বজাৰে - সমাৰে ওলাই আহি সামাজিক দূৰত্ব আদি নীতি- নিয়মসমূহ মানি চলিবলৈকো এৰি দি ভীৰ কৰি ফুৰিছে ৷ কোভিড- ১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাত যদিও জনসাধাৰণ আতকিং হৈছে তথাপি কিন্তু জনসাধাৰণৰ মাজত নাই সজাগতা ৷ দোকানে - বজাৰে কৰিছে ভিৰ ৷ মানি চলা নাই সামাজিক দূৰত্ব ৷ আনকি মাস্ক পৰিধান নকৰাকৈয়ে ঘূৰা - ফিৰা কৰাও একাংশক দেখিবলৈ পোৱা গৈছে ৷ জিলা উপায়ুক্তগৰাকীয়ে বৰ্তমান সময়খিনি জিলাবাসীৰ বাবে সংকটময় বুলি কৈ সকলোকে সাৱধান আৰু সজাগ থাকিবলৈ আহ্বান জনাইছে ৷ ইপিনে জিলাখনৰ উত্তৰ শালমাৰা মহকুমাৰ বইটামাৰী ৰাজ চক্ৰৰ অন্তৰ্গত সৃষ্টিপাৰাৰ দুজন ব্যক্তি কোভিড- ১৯ ত আক্ৰান্ত হোৱাত সৃষ্টিপাৰাৰ আক্ৰান্ত ব্যক্তিৰ আবাসক সামৰি চাৰিওফালৰ এলেকাক তকণ্টেইননেণ্ট জ'ন ঘোষণা কৰিছে জিলা প্ৰশাসনে৷ শেহতীয়াকৈ পোৱা তথ্য মতে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ ৮৭ লৈ বৃদ্ধি পাইছে ৷🔯

0 Response to " "
Post a Comment