-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US


👉চিৰাঙত তিনি কোভিড ১৯ যুৱ ৰোগীক মুক্তি

👉১৪ গৰাকী চিকিৎসাধীন 




                              বঙাইগাঁওঃ১৪ জুনঃ 

চিৰাং জিলাৰ কাজলগাঁও জে এছ বি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তিনি গৰাকী কোভিড -১৯ ৰোগীক দেওবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ চেন্নাইৰ পৰা আহি চিৰাঙৰ সদৰ কাজলগাঁও হাইস্কুল কোৱাৰেন্টাইন কেন্দ্ৰত থকা সময়ত  পাপন ইশ্বৱাৰী, ছেভিয় বৰগয়াৰী আৰু প্ৰকাশ নাৰ্জাৰী ২৩ মে' ত কোভিড- ১৯ ত সংক্ৰমণ হোৱা বুলি নিশ্চিত হয় ৷ পিচত সিদিনাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তিনি যুৱকক কাজলগাঁও জে এছ বি চিকিৎসালয়ত আইচলেচন কোঠাত ভৰ্তি কৰে ৷ সম্প্ৰতি সম্পূৰ্ণ সুস্থ হৈ উঠাত  উল্লিখিত তিনি যুৱকক জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, চিকিৎসক ডাঃ দ্বীগেন ৰামছিয়াৰী, ডাঃ ৰাজেশ পাণ্ডে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ চিৰাঙৰ মেডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদৰ লগতে স্বাস্থ্য সেৱা বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত তেওঁলোকক আৰণাই প্ৰদানেৰে আদৰণি জনাই চৰকাৰী ভাৱে ঘৰলৈ পঠিয়াই দিয়া হয় ৷ উল্লেখযোগ্য যে বাতৰি লিখা পৰলৈকে চিৰাং জিলাত মুঠ ১৭ জন লোক কৱিড ১৯ ৰোগত আক্ৰান্ত বুলি চিনাক্ত হোৱাৰ পাছত চিকিৎসাধীন হৈ আছিল ৷ সম্প্ৰতি কাজলগাঁও জে এছ বি চিকিৎসালয়ত ১৩ জন লোক চিকিৎসাধীন হৈ থকাৰ লগতে চিৰাঙত ধৰা পৰা এগৰাকী ৰোগী বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ কাজলগাঁও জে এছ বি চিকিৎসালয়ত এগৰাকী ছবছৰীয়া শিশু আৰু এগৰাকী পোন্ধৰ বছৰীয়া ছাত্ৰও চিকিৎসাধীন হৈ আছে ৷🔯

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article