Wednesday, June 17, 2020
Comment
👉বঙাইগাঁৱত ক’ভিড ৰ’ভাৰ মুকলি
বঙাইগাঁওঃ ১৪ জুনঃ
🔯বঙাইগাঁৱত ক’ভিড ৰ’ভাৰ নামৰ দূৰ নিয়ন্ত্রিত যন্ত্ৰচালিত এখন বিশেষ বাহন মুকলি কৰা হয় ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাসৰ উপস্থিতিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এই বিশেষ যন্ত্ৰচালিত বাহনখন মুকলি কৰে ৷ উল্লেখ্য যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ক ক’ভিড চিকিৎসালয় হিচাপে ঘোষণা কৰাৰ পাছত স্বাস্থ্য কৰ্মী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বাহনখন নিৰ্মাণ কৰা হৈছে৷ পলিটেকনিকৰ কাৰিকৰ সকলে সাজি উলিওৱা ৰিম’টেৰে পৰিচালিত এই যন্ত্ৰচালিত বাহনখনৰ দ্বাৰা ৰোগীসকলক খাদ্য আৰু ঔষধ যোগান ধৰিব পৰা যাব৷পৰৱৰ্তী পৰ্যায়ত এই ধৰণৰ বাহন জিলাখনৰ আন পৃথকীকৰণ কেন্দ্ৰ সমূহতো উপলব্ধ কৰা হ’ব৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ক ক’ভিড চিকিৎসালয় ঘোষণাৰ পাছত চিকিৎসালয়খনত সুৰক্ষা আৰু সতৰ্কতামূলক বহুতো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে৷🔯
0 Response to " "
Post a Comment