-->
        NEWS4BONGAIGAON   NEWS4BONGAIGAON          NEWS4BONGAIGAON   NEWS4BONGAIGAON

 For Any Advertising And News Related Query CONTACT US And If You Like Our Web Than FOLLOW US

👉বঙাইগাঁৱত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আছু- বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনৰ গছ পুলি ৰোপন  

                        🔯বঙাইগাঁওঃ ৫ জুনঃ 

🔯আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত বৰপাৰাস্থিত ছহিদ বেদী চৌহদত গছ পুলি ৰোপন কৰা হয় ৷এই গছ পুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনটোৰ উত্তম কুমাৰ দাসে ৷ গছ পুলি ৰোপন কাৰ্যসূচীত আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায় , সাধাৰণ সম্পাদক জগদ্বীশ ৰায়ৰ লগতে আছু কৰ্মী আৰু বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকল উপস্থিত থাকি গছ পুলি ৰোপন কৰে ৷
ইপিনে গছ পুলি ৰোপন কৰি বসুন্ধৰা স্বেচ্ছাসেৱী সংগঠনটোৰ উত্তম কুমাৰ দাসে কয় যে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত চাৰিওফালে বহু গছ পুলি ৰোপন কৰা হয় ৷ কিন্তু কথা হ'ল কেৱল গছ পুলি ৰোপন কৰিলেই কাম নহ'ব, গছ পুলিবোৰৰ অন্তত তিনি বছৰ যত্ন ল'ব লাগিব , তেতিয়াহে গছ পুলিবোৰ জীয়াই থাকিব আৰু পৰিৱেশ সুস্থিৰ কৰি ৰাখিব ৷ সেইদৰে আঞ্চলিক আছুুৰ সভাপতি কলজিৎ ৰায়ে কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব লাগিলে গছ- গছনি থাকিবই লাগিব ৷ সেয়ে সকলোৱে গছ পুলি ৰোপন কৰি আমাৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ সেউজীয়া কৰি ৰখাৰ লগতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব ৷ তেতিয়াহে আমি সুস্থ থাকিম ৷ সভাপতিগৰাকীয়ে সকলোকে গছ পুলি ৰোপন কৰিবলৈকো আহ্বান জনায় ৷🔯 

0 Response to " "

Post a Comment

Ads on article

Advertise in articles 1

advertising articles 2

Advertise under the article